ETV Bharat / state

খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানত থাকিব সৰ্বধৰ্মীয় প্ৰাৰ্থনাগৃহ - Satyaranjan Bora

author img

By ETV Bharat Assamese Team

Published : Apr 5, 2024, 10:14 PM IST

এতিয়াৰে পৰা খ্ৰীষ্টিয়ান বিদ্যালয়ত পাতিব পাৰিব সৰস্বতী পূজা ! খ্ৰীষ্টিয়ান মিছনেৰী বিদ্যালয়সমূহত সৰ্বধৰ্মীয় প্ৰাৰ্থনাগৃহ স্থাপন কৰিবলৈ আৰু শিক্ষানুষ্ঠানত খ্ৰীষ্টিয়ান ৰীতি-নীতি আন ধৰ্মীয় ছাত্ৰ-ছাত্ৰীসকলক পালন কৰিবলৈ হেঁচা প্ৰয়োগ নকৰিবলৈ নিৰ্দেশনা ৷ কোনে দিলে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা ? হিন্দুত্ববাদী কৰ্মী সত্যৰঞ্জন বৰাই আদৰণি জনাই কালৈ লিখিব পত্ৰ ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

CBCI decides to set up omniscient prayer hall at Christian missionary institutions
খ্ৰীষ্টিয়ান মিচনেৰী শিক্ষানুষ্ঠানত থাকিব সৰ্বধৰ্মীয় প্ৰাৰ্থনা গৃহ

গুৱাহাটী,৫ এপ্ৰিল: দেশৰ খ্ৰীষ্টিয়ান মিছনেৰী শিক্ষানুষ্ঠানত এতিয়াৰে পৰা থাকিব লাগিব সৰ্বধৰ্মীয় প্ৰাৰ্থনাগৃহ । লগতে বিদ্যালয়সমূহতো যাতে খ্ৰীষ্টিয়ান ৰীতি-নীতি আন ধৰ্মীয় ছাত্ৰ-ছাত্ৰীসকলক পালন কৰিবলৈ হেঁচা প্ৰয়োগ নকৰে তাৰ বাবেও সচেতন হ'ব লাগিব দেশৰ খীষ্ট্ৰিয়ান মিছনাৰী পৰিচালিত বিদ্যালয়সমূহ ৷ এই প্ৰসংগত মিছনেৰী বিদ্যালয়সমূহৰ দেশৰ সৰ্বোচ্চ সিদ্ধান্ত গ্ৰহণকাৰী পৰিচালনা কৰ্তৃপক্ষ কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াই(চিবিচিআই) জাৰি কৰিছে বিশেষ নিৰ্দেশনা ৷

  • " class="align-text-top noRightClick twitterSection" data="">

কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াই(চিবিচিআই) তেঁওলোকৰ অধীনস্থ বিদ্যালয়সমূহক দেশৰ বৰ্তমানৰ আৰ্থ-সাংস্কৃতিক, ধৰ্মীয় আৰু ৰাজনৈতিক পৰিস্থিতিৰ বাবে উদ্ভূত প্ৰত্যাহ্বানসমূহৰ সন্মুখীন হ’বলৈ শেহতীয়াকৈ কেতবোৰ নিৰ্দেশনা আগবঢ়াইছে । অসমৰ গুৱাহাটীৰ কুটুম্ব সুৰক্ষা পৰিষদ (কে এছ পি) নামৰ হিন্দুত্ববাদী সংগঠনে কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াৰ (চিবিচিআই) এই সিদ্ধান্তক আদৰণি জনাইছে ৷

মন কৰিবলগীয়া যে যোৱা বৃহস্পতিবাৰে দেশৰ সকলো খ্ৰীষ্টান মিছনেৰী বিদ্যালয়লৈ এলানি নিৰ্দেশনা জাৰি কৰিছে কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াই (চিবিচিআই) । তাৰ ভিতৰত সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই এক উল্লেখনীয় নিৰ্দেশনা হ'ল, মিছনেৰী বিদ্যালয়সমূহত সৰ্বধৰ্মীয় উপাসনাগৃহৰ ব্যৱস্থা কৰা আৰু বিদ্যালয়সমূহত খ্ৰীষ্টীয় ধৰ্মীয় ৰীতি-নীতি পালন কৰিবলৈ আন ধৰ্মাৱলম্বী সকলক হেঁচা নিদিবলৈ দিয়া নিৰ্দেশনা ৷ এই চিবিচিআইয়ে দেশজুৰি ১৪,০০০ খন বিদ্যালয়, ৬৫০খন মহাবিদ্যালয় আৰু ভালেমান বিশ্ববিদ্যালয়কে ধৰি শিক্ষানুষ্ঠানৰ এক বিশাল শিক্ষাগোট পৰিচালনা কৰে ।

যোৱা জানুৱাৰী মাহত অনুষ্ঠিত চিবিচিআইৰ ৩৬ সংখ্যক সাধাৰণ পৰিষদৰ বৈঠকৰ পিচত যোৱা বৃহস্পতিবাৰে এই নিৰ্দেশনা ৰাজহুৱা হৈছে ৷ কেথলিক বিশ্বপচ কনফাৰেন্সে এই গাইডলাইনত সকলো ধৰ্মৰ বিশ্বাস আৰু পৰম্পৰাৰ প্ৰতি সন্মান ৰক্ষাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোৱা হৈছে যাতে অন্য ধৰ্মৰ শিক্ষাৰ্থীসকলক খ্ৰীষ্টিয়ান ধৰ্মীয় পদ্ধতিত অংশগ্ৰহণ কৰিবলৈ হেঁচা দিয়া নহয় ।

এই পদক্ষেপক আদৰণি জনাইছে অসমৰ এটা সক্ৰিয় হিন্দুত্ববাদী সংগঠনে । চিবিচিআইৰ শিক্ষা আৰু সংস্কৃতি বিভাগৰ কাৰ্যালয়ে গ্ৰহণ কৰা নতুন নিৰ্দেশনাত ছাত্ৰ-ছাত্ৰীসকলে পুৱাৰ সমাৱেশৰ সময়ত দেশৰ সংবিধানৰ প্ৰস্তাৱনা আবৃত্তি কৰিবলৈ সন্মতি দিয়া হৈছে ৷ লগতে বিদ্যালয় চৌহদত সৰ্বধৰ্মীয় প্ৰাৰ্থনাকক্ষ স্থাপন কৰা আদি বিষয় গুৰুত্ব সহকাৰে অন্তৰ্ভুক্ত কৰা হৈছে গাইডলাইনখনত ।

অসমত মিছনেৰী বিদ্যালয়সমূহত হিন্দুসকলে পালন কৰা শিক্ষাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ পূজা পালন কৰিবলৈ নিদিয়াৰ বিৰোধিতা কৰাকে ধৰি মিছনেৰী স্কুলৰ পৰা খ্ৰীষ্টান প্ৰতীক তথা গীৰ্জা আদি আঁতৰাবলৈ অসমৰ হিন্দুত্ববাদী গোট কটুম্ব সুৰক্ষা পৰিষদে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছিল ৷ কটুম্ব সুৰক্ষা পৰিষদৰ মূৰব্বী নেতা সত্যৰঞ্জন বৰাই বৃহস্পতিবাৰে কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াই(চিবিচিআই) গ্ৰহণ কৰা এই সিদ্ধান্তক আদৰণি জনায় ৷

বৰাই আশা প্ৰকাশ কৰে যে এতিয়াৰে পৰা খ্ৰীষ্টান বিদ্যালয়সমূহত সৰস্বতী পূজা পালন কৰাত কোনো বাধা-নিষেধ নাথাকিব । ই টিভি ভাৰতৰ সাংবাদিকক কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰাই জনাই যে ভাৰতীয় কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াই শিক্ষানুষ্ঠানৰ ভিতৰত তেঁওলোকে দাবী কৰি অহাৰ দৰে সকলোৰে ওপৰত খ্ৰীষ্টান পদ্ধতি প্ৰয়োগ নকৰিবলৈ দিয়া নিৰ্দেশনা আৰোপ কৰাৰ বাবে শলাগ লৈছে । তেওঁ চিবিচিআইৰ সিদ্ধান্ত প্ৰসংগত কয় যে এই সিদ্ধান্তই মিছনেৰী বিদ্যালয়সমূহত অভিযোগ কৰাৰ দৰেই একচেটিয়া ধৰ্মীয় প্ৰথাৰ প্ৰয়োগ যে চলি আহিছিল সেয়া নিশ্চিত কৰিলে ৷

"খ্ৰীষ্ট ধৰ্মৰ সৈতে আমাৰ কোনো সমস্যা নাই । মূল বিষয়টো অনুভৱ কৰক। আমি খ্ৰীষ্ট ধৰ্ম বিৰোধী নহয় । ময়ো যীশুক ভাল পাওঁ ৷ কিন্তু যিকোনো কাৰণতে নিজৰ মূল্যবোধ, চিনাকী, স্বাভিমান আৰু জীৱনশৈলী নষ্ট হ'বলৈ দিব নোৱাৰো । কিন্তু শিক্ষানুষ্ঠানৰ ভিতৰত একচেটিয়া ধৰ্মীয় ৰীতি-নীতি বন্ধ কৰাটো আমি বিচাৰো ।’ এইদৰে উল্লেখ কৰি সত্যৰঞ্জন বৰাই কয় যে এখন ৰাষ্ট্ৰ নিৰ্মাণৰ লক্ষ্যৰে গুৱাহাটী নাইবা চিবিচিআইয়ে বিচৰাৰ দৰেই যিকোনো ঠাইত আলোচনাত বহিবলৈ পত্ৰ প্ৰেৰণ কৰা হ'ব ৷ ভাৰতীয় সংবিধানৰ আধাৰত নতুন শিক্ষা নীতিয়ে পোষকতা কৰা 'True knowledge of India'ৰ অন্বেষণত সহযোগিতা কৰিবলৈ কেথলিক বিশ্বপচ কনফাৰেন্স অৱ ইণ্ডিয়াৰ (চিবিচিআই) প্ৰতি আহ্বান জনায় কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতিগৰাকীয়ে ।

লগতে পঢ়ক: শিক্ষা সেতু এপ: শংকিত শিক্ষক সমাজ - Shiksha Setu App

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.