ETV Bharat / state

USTM বিতৰ্ক; মুখ্যমন্ত্ৰীৰ হুংকাৰৰ পিচতে মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু - USTM row - USTM ROW

Case Against Mahbubul Haque : কথামতেই কাম । মুখ্যমন্ত্ৰীয়ে হুংকাৰ দিছিল অ' বি চিৰ ভুৱা প্ৰমাণ-পত্ৰ সন্দৰ্ভত গোচৰ তৰা হ'ব ইউ এছ টি এমৰ আচাৰ্যৰ বিৰুদ্ধে । ১৯৯২ চনৰ অ' বি চি প্ৰমাণ-পত্ৰ বিষয়ত মহবুবুল হকৰ বিৰুদ্ধে কৰিমগঞ্জত গোচৰ ৰুজু ।

Case Against Mahbubul Haque
মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:47 AM IST

কৰিমগঞ্জ, ২৯ আগষ্ট : ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ বিৰুদ্ধে কৰিমগঞ্জ আৰক্ষীৰ গোচৰ ৰুজু । জাতিগত প্ৰমাণ-পত্ৰ জালিয়াতি কৰাৰ অভিযোগত মহবুবুল হকৰ বিৰুদ্ধে ৰুজু কৰা হৈছে এই গোচৰ । কৰিমগঞ্জ প্ৰশাসনৰ তৰফৰ পৰা এগৰাকী অতিৰিক্ত আয়ুক্তই কৰিমগঞ্জ সদৰ থানাত এই গোচৰ তৰে ।

মহবুবুল হকৰ বিৰুদ্ধে গোচৰ ৰুজু (ETV Bharat Assam)

এই সন্দৰ্ভত কৰিমগঞ্জ জিলা আৰক্ষী অধীক্ষকে কয়, "আজি আমি এ ডি চি কৰিমগঞ্জৰ তৰফৰ পৰা মহম্মদ মহবুবুল হকৰ বিৰুদ্ধে এটা কমপ্লেইন পাইছোঁ । ভুৱা অ' বি চি চাৰ্টিফিকেট সন্দৰ্ভত এই অভিযোগ পাইছোঁ । সেই অনুসৰি আমি এটা গোচৰ ৰুজু কৰিছোঁ । বি এন এছ ৩১৮/৪, ৩৩৬/৩ আৰু ৩৪০/২ ধাৰাৰ অধীনত কৰিমগঞ্জ পি এছ কেছ ৫২৩/২০২৪ নম্বৰত এই গোচৰ ৰুজু কৰা হৈছে । ইয়াৰ তদন্তৰ তাৰিখ আমি অতিৰিক্ত আৰক্ষী অধীক্ষক হেড কোৱাৰ্টাৰক দিছোঁ ।"

ইতিমধ্যে কৰিমগঞ্জ আৰক্ষীয়ে ভাৰতীয় ন্যায় সংহিতাৰ উল্লেখিত ধাৰাৰ অধীনত ৰুজু কৰা গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে । ইয়াৰ তদন্তৰ দায়িত্ব দিয়া হৈছে কৰিমগঞ্জৰ অতিৰিক্ত আৰক্ষী অধীক্ষক প্রতাপ দাসক ।

উল্লেখ্য যে মহবুবুল হক কৰিমগঞ্জ জিলাৰ আছিমগঞ্জৰ স্থায়ী বাসিন্দা । আছিমগঞ্জত থকাৰ সময়ত ১৯৯২ চনত তেওঁ অ' বি চি প্ৰমাণ-পত্ৰ উলিয়াইছিল । ১৯৯২ চনত তেওঁ মাইমাল সম্প্ৰদায়ৰ লোক হিচাপে অ' বি চিৰ প্ৰমাণ-পত্ৰ সংগ্ৰহ কৰিছিল ।

ইফালে এক সংবাদমেলত ইউ এছ টি এমৰ আচাৰ্য মহবুবুল হকৰ ভুৱা জাতিগত প্ৰমাণ-পত্ৰক লৈ এদিন পূৰ্বে সৰৱ হৈছিল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা । ইউ এছ টি এমৰ মালিকে অ’ বি চিৰ ভুৱা প্ৰমাণ-পত্ৰ লোৱাৰ অভিযোগ উত্থাপন কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কৰিমগঞ্জৰ পৰা তেওঁ ভুৱা প্ৰমাণ-পত্ৰ লোৱা বুলি সংবাদমেলত উল্লেখ কৰিছিল মুখ্যমন্ত্ৰীয়ে ।

আনহাতে, এই ভুৱা প্ৰমাণ-পত্ৰৰ বিষয়ত গোচৰ ৰুজু কৰা হ’ব বুলিও প্ৰকাশ কৰিছিল মুখ্যমন্ত্ৰীয়ে । তাৰ কেইঘণ্টামানৰ ভিতৰতে মহবুবুল হকৰ বিৰুদ্ধে কৰিমগঞ্জত গোচৰ তৰা হয় ।

উল্লেখ্য, সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কৈছিল, ‘‘জালিয়াতিৰে প্ৰমাণ-পত্ৰ লোৱাৰ পিছত স্বাভাৱিকতে গোচৰ ৰুজু হ’ব লাগে । জিলা আয়ুক্তক কোৱা হৈছে, গোচৰ ৰুজু হ’ব । চৰকাৰে তেওঁৰ বিৰুদ্ধে ভুৱা অ’ বি চি প্ৰমাণ-পত্ৰ লোৱা বাবে এজাহাৰ দাখিল কৰিব ।"

লগতে পঢ়ক :জাতিগত প্ৰমাণ পত্ৰ ভুৱা মহবুবুল হকৰ ! গোচৰ তৰাৰ নিৰ্দেশ মুখ্য়মন্ত্ৰীৰ - USTM row
লগতে পঢ়ক :জুবিন গাৰ্গ আৰু লু’ মাজাউক USTMৰ ফালৰ পৰা ডি-লিট সন্মান প্ৰদান - Zubeen Garg

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.