ETV Bharat / state

বিহালীক লৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা

Bye Election 2024: উপ-নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল শাসকীয় পক্ষতে নহয় বিৰোধীৰ মাজতো প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাত আৰম্ভ হৈছে ।

author img

By ETV Bharat Assamese Team

Published : 4 hours ago

Bye Election 2024
বিহালীক লৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা (ETV Bharat)

গুৱাহাটী : ৫ টা সমষ্টিৰ উপ-নিৰ্বাচনকলৈয়ে ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ পৰিছে । প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতে শাসক-বিৰোধী উভয়কে জোকাৰি গৈছে । বিশেষকৈ বিজেপিক প্ৰতিহত কৰাৰ লক্ষ্যৰে ২০২৬লৈকে ঐক্যবদ্ধ হৈ থকাৰ অংগীকাৰবদ্ধ হোৱা অসম সন্মিলিত মৰ্চা চমুকৈ 'অসম'ত এতিয়া অস্থিৰতাই দেখা দিছে ।

একমাত্র বিহালী সমষ্টিক কেন্দ্ৰ কৰিয়ে ১৮ টাকৈ বিৰোধী ৰাজনৈতিক দলৰ উমৈহতীয়া মঞ্চ 'অসম'ৰ ঐক্য বিঘ্নিত হোৱাৰ উপক্ৰম হৈছে । ইয়াৰ মূলতে হৈছে কংগ্ৰেছৰ আঁকোৰ-গোজ স্থিতি । বিগত লোকসভা নিৰ্বাচনৰ সময়তো কংগ্ৰেছৰ এনে স্থিতিৰ বাবেই বৰ্তমানৰ 'অসম' তথা পূৰ্বৰ বিৰোধী ঐক্যমঞ্চ ঐক্যবদ্ধ হৈ থকা নাছিল ।

অহা ১৩ নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া পাঁচটা সমষ্টিৰ উপ-নিৰ্বাচনত 'অসম'ৰ সন্মতিক্ৰমে কংগ্ৰেছ দলে ৪ টা সমষ্টিত নিজৰ প্ৰাৰ্থী দিয়াৰ প্ৰক্ৰিয়া সম্পন্ন কৰিছে । অৱশ্যে প্ৰাৰ্থী তালিকা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই । বঙাইগাঁও, চামগুৰি, চিদলী আৰু ধলাইত 'অসম'ৰ সমৰ্থনত কংগ্ৰেছে নিজৰ প্ৰাৰ্থী দিব । একমাত্র বিহালী সমষ্টিটো চিপিআইএমএলৰ বিবেক দাসক এৰি দিয়াৰ বাবে 'অসম'ৰ আন দলসমূহৰ ফালৰ পৰা কংগ্ৰেছলৈ প্ৰস্তাৱ দিয়া হৈছে ।

Bye Election 2024
বিহালীকলৈ বিৰোধী ঐক্যত আউল লগাৰ সম্ভাৱনা (ETV Bharat)

অলপতে এই সন্দৰ্ভত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ উপস্থিতিত গুৱাহাটীত 'অসম'ৰ এখন বৈঠকো অনুষ্ঠিত হৈছিল । বৈঠকত বিহালী সমষ্টিৰ প্ৰাৰ্থী বাচনি কৰাৰ বাবে এখন সমিতিও গঠন কৰি দিয়া হৈছিল ।

জানিব পৰা মতে উক্ত সমিতিয়ে জিতেন্দ্ৰ সিঙলৈ বিহালী সমষ্টিৰ বাবে প্ৰাৰ্থী বাচনি কৰি নাম প্ৰেৰণ কৰিছে । সমিতিয়ে বিহালীৰ বাবে চিপিআইএমএলৰ বিবেক দাসৰ নাম প্ৰস্তাৱ কৰিছে ।

কি কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই :

এই সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয়, "জিতেন্দ্ৰ সিঙৰে হোৱা আলোচনাত বিহালীৰ বাবে লুৰীণজ্যোতি গগৈ, অখিল গগৈ, অজিত কুমাৰ ভূঞা, জন ইংতি কাথাৰ আৰু সুপ্ৰকাশ তালুকদাৰক লৈ এখন সমিতি গঠন কৰি দিছিল । এই ৫ গৰাকীক যোগ্যতাভিত্তিক এক ৰিপ'ৰ্ট দিবলৈ কৈছিল । মই জনা মতে অখিল গগৈয়ে কালি ৰিপ'ৰ্টতো দিল্লীলৈ প্ৰেৰণ কৰিছে । এতিয়া মোৰ হাতত একো নাই । জিতেন্দ্ৰ সিং আৰু এ আই চি চিয়ে যিটো সিদ্ধান্ত ল'ব সেইটো আমি সকলোৱে মানি ল'ম । সমিতিয়ে চিপিআইএমএলৰ প্ৰাৰ্থীৰ প্ৰস্তাৱ কৰিছে । গৌৰৱ গগৈয়েও কৈছে যে দলে যি সিদ্ধান্ত ল'ব সেইটো তেওঁৰো সিদ্ধান্ত হ'ব । কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্ত আমাৰ দলৰ সকলোৱে মানি ল'ম । সভাপতি হিচাপে আলোচনাৰ সময়ত মই মোৰ মতামত দিছো । মই মনে প্ৰাণে বিচাৰো আমাৰ একতা থাকক । একতাত কোনোবাই নহয় কোনোবাই অলপ ত্যাগ কৰিব লাগিব । ত্যাগ মই কৰিবলগীয়া হ'লে মই কৰিব লাগিব আৰু বেলেগে কৰিবলগীয়া হ'লে বেলেগেও কৰিব লাগিব ।"

প্ৰাৰ্থিত্বক লৈ সংঘাত তুংগত :

লক্ষণীয় বিষয় যে প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত একপ্ৰকাৰ বিধ্বস্ত হৈছে বিৰোধী । উপ-নিৰ্বাচনত বিহালী সমষ্টি কংগ্ৰেছে মিত্ৰদলক এৰি দিয়াৰ সিদ্ধান্তৰ বিপৰীত স্থিতিত সাংসদ গৌৰৱ গগৈ । যাৰ বাবে বিপদত পৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা । এনে প্ৰেক্ষাপটত অসম সন্মিলিত মৰ্চাৰ ভৱিষ্যতক লৈ অনিশ্চয়তাই দেখা দিছে ।

উল্লেখ্য যে, দুদিন পূৰ্বে প্ৰাৰ্থী পেনেলত নাম নথকাৰ বাবে বিহালীৰ বিজেপি নেতা জয়ন্ত বৰাই দলত্যাগ কৰিছিল । সাংসদ ৰঞ্জিত দত্তই বিজেপিৰ টিকট দিম বুলি জয়ন্ত বৰাক বিজেপিত যোগদান কৰাইছিল । ২০২১ চনত নিৰ্দলীয় হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল জয়ন্ত বৰা । কিন্তু এইবাৰ বিহালীৰ পৰা বিজেপিৰ হৈ টিকটৰ দাবীদাৰ আছিল জয়ন্ত বৰা । কিন্তু পেনেলত নাম নথকাত তেওঁ বিজেপি ত্যাগ কৰে ।

তেওঁ কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে । কংগ্ৰেছৰ এটা লবীয়ে জয়ন্ত বৰাক বিহালীত টিকট দিয়াৰ বাবে উঠিপৰি লাগিছে । দিল্লীত পচন্দৰ প্ৰাৰ্থী জয়ন্ত বৰাক প্ৰাৰ্থিত্ব প্ৰদানৰ বাবে উঠিপৰি লাগিছে গৌৰৱ গগৈ । তেওঁ কংগ্ৰেছৰ হাইকমাণ্ডক বিহালীত জয়ন্ত বৰা জয়ী হোৱাতো নিশ্চিত বুলি কোৱাৰ পাছতো প্ৰদেশ কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদান নকৰাৰ অভিযোগ দাখিল কৰিছে ।

দলৰ এগৰাকী নেতাই জনোৱা মতে গৌৰৱ গগৈয়ে ইতিমধ্যে মল্লিকাৰ্জুন খাৰ্গে আৰু ৰাহুল গান্ধীক সাক্ষাৎ কৰি বুজাই দিছে যে বিজেপি ত্যাগ কৰা জয়ন্ত বৰাৰ গণভিত্তি সমষ্টিটোত বিবেক দাসতকৈ বহু বেছি । কেৱল মিত্ৰদলক সমষ্টিটো এৰি দিয়াৰ স্বাৰ্থতে জয়ৰ সম্ভাৱনা থকা এই সমষ্টিটোত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰদানৰ পৰা বিৰত আছে ।

গৌৰৱ গগৈৰ এই স্থিতিয়ে কাৰ্যতঃ বিমোৰত পেলাইছে ভূপেন বৰাক । সাংসদগৰাকীৰ এনে ভূমিকাক সহজভাৱে লোৱা নাই প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে । ইফালে গৌৰৱ গগৈয়ে দিল্লীত শীৰ্ষ নেতৃত্বক হেঁচা দিয়াৰ সমান্তৰালকৈ বিহালীত যুৱ আৰু মহিলা কংগ্ৰেছে নিজা প্ৰাৰ্থী দিয়াৰ দাবী উত্থাপন কৰিছে । বিবেক দাসক কোনো কাৰণতে প্ৰাৰ্থীৰূপে মানি নোলোৱাৰ হুংকাৰ দিছে বিহালীৰ যুৱ কংগ্ৰেছে ।

আনহাতে সাংসদ গৌৰৱ গগৈয়ে জয়ন্ত বৰাৰে সঘন যোগাযোগত আছে । কংগ্ৰেছৰ এনে স্থিতিকলৈ অসম সন্মিলিত মৰ্চাৰ নেতৃত্বৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বিহালীৰ বাবে অসম সন্মিলিত মৰ্চা বিশেষকৈ প্ৰাৰ্থী বাচনিৰ বাবে গঠন কৰা সমিতিৰ প্ৰস্তাৱ এআইচিচিয়ে নাকচ কৰিলে পৰিস্থিতি বেয়াৰ ফালে গতি কৰাৰ সম্ভাৱনা আছে । উপ-নিৰ্বাচনৰ পূৰ্বেই প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত অসম সন্মিলিত মৰ্চা বিধ্বস্ত হৈ পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

লগতে পঢ়ক :বিজেপিত অসন্তুষ্টি : পৰিমলৰ চৰিত্ৰ উদঙাই দলত্যাগ টিকট প্ৰত্যাশী নেতাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.