ETV Bharat / state

কা বিৰোধী আন্দোলন ফাঁকিৰ ওপৰত হৈছিল, আন্দোলনকাৰীয়ে উত্তৰ দিব লাগিব: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024 - LOK SABHA ELECTION 2024

Assam CM Himanta Biswa Sarma: বৰাকৰ পৰা মাত্ৰ ১ জন লোকে কা'ৰ জৰিয়তে নাগৰিকত্বৰ আবেদন কৰিছে ৷ ডিব্ৰুগড়ত এই কথা জনালে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷

Assam CM Himanta Biswa Sarma
মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা
author img

By ETV Bharat Assamese Team

Published : Apr 8, 2024, 5:01 PM IST

Updated : Apr 8, 2024, 7:46 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

ডিব্ৰুগড় ৮ এপ্ৰিল: অসমৰ মানুহক আবেগিক কৰি কিছুমানে যে ৰাজনীতি কৰিছে সেই কথা অসমৰ মানুহে এইবাৰ বিজ্ঞানসন্মতভাবে গম পাব ৷ আজি পৰ্যন্ত বৰাকৰ পৰা কেৱল মাত্ৰ ১ জন লোকে কা ৰ জৰিয়তে নাগৰিকত্ব আবেদন কৰিছে । কা বিৰোধী আন্দোলন সন্দৰ্ভত বিৰোধীক কটাক্ষ কৰি সোমবাৰে ডিব্ৰুগড়ত এই মন্তব্য মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আজি চৰাইদেউত নিৰ্বাচনী প্ৰচাৰ চলায় ৷

চৰাইদেউ জিলাৰ সাপেখাতী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ প্ৰাংগণত অনুষ্ঠিত প্ৰচাৰ সভাত অংশগ্ৰহণৰ পাচত মুখ্যমন্ত্ৰী শৰ্মাই সংবাদ মাধ্যমৰ আগত এই কথা ব্যক্ত কৰে ৷ মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, কা বুলি একোৱেই নাই ৷ কা বলবৎ হোৱা বহু দিনেই হ’ল, কিন্তু আজিৰ তাৰিখত বৰাকৰ পৰা মাত্ৰ এজন লোকে কা ৰ জৰিয়তে নাগৰিকত্ব আবেদন কৰিছে । বিৰোধীয়েতো কৈছিল ট্ৰাকে ট্ৰাকে মানুহ সাজু হৈ আছে আহিবলৈ ৷ কিন্তু কোনোৱেতো এতিয়ালৈ আবেদন কৰা নাই ৷

মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, কা আন্দোলনটো এটা ফাঁকিৰ ওপৰত হৈছিল । দুদিনৰ পিচত আন্দোলন কৰাসকলে উত্তৰ দিব লাগিব । অসমৰ মানুহক আবেগিক কৰি কিছুমানে যে ৰাজনীতি কৰিছে সেই কথা এতিয়া অসমৰ মানুহে বিজ্ঞানসন্মতভাবে গম পাব ৷

উল্লেখ্য যে, লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় চৰকাৰে দেশজুৰি কা বলৎ কৰিলে । ইয়াৰ পাচতে কেইটামান দিন দেশৰ লগতে ৰাজ্যত জিলাই জিলাই বিভিন্ন দল-সংগঠনে ধাৰাবাহিক প্ৰতিবাদ কৰিছিল যদিও কা' ক লৈ আজিৰ দিনত ৰাজ্যত কোনো ধৰণৰ প্ৰতিবাদ-ধৰ্ণা কাৰ্যসূচী নাই । বহুতে আশা কৰিছিল কা বলৱৎ কৰা পাচতে লোকসভা নিৰ্বাচনত শাসক দল বিপদত পৰিব ৷ কিন্তু তেনে কোনো পৰিবেশ অসমত আৰম্ভ হোৱা নাই ।

লগতে পঢ়ক: কংগ্ৰেছৰ লগত হাজাৰ হাজাৰ কোটি টকা আছে: মুখ্যমন্ত্ৰী - Lok Sabha Election 2024

Last Updated : Apr 8, 2024, 7:46 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.