ETV Bharat / state

ৰাজ্যপালৰ পৰা বাঃ বাঃ লোৱাৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ! - BRAHMAPUTRA BOARD

ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ আজৱ কাণ্ড । অতি স্পৰ্শকাতৰ খহনীয়াগ্ৰস্ত স্থানৰ পৰিৱৰ্তে ব্ৰহ্মপুত্ৰ ব'ৰ্ডে ৰাজ্যপালক দেখুৱালে কমলাবাৰী ঘাট । ক্ষোভিত নৈপৰীয়া ।

Brahmaputra Board tries to get praise from Governor in Majuli
ৰাজ্যপালৰ পৰা বাঃ বাঃ লোৱাৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 9, 2024, 6:39 PM IST

Updated : Nov 9, 2024, 7:33 PM IST

মাজুলী: দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হয় অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য । মাজুলীত উপস্থিত হৈ ৰাজ্যপালগৰাকীয়ে অংশগ্ৰহণ কৰে মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ।

ইয়াৰ পিছতে মাজুলীৰ কেইবাটাও স্থান পৰিদৰ্শন কৰে ৰাজ্যপালগৰাকীয়ে । ইয়াৰ মাজতে ৰাজ্যপালগৰাকীক শুকুৰবাৰে পৰিদৰ্শন কৰোৱা হয় কমলাবাৰী ঘাট । ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিষয়াসকলে ৰাজ্যপালগৰাকীক পৰিদৰ্শন কৰাই ঘাটতো ।

ৰাজ্যপালৰ পৰা বাঃ বাঃ লোৱাৰ চেষ্টা ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ ! (ETV Bharat Assam)

পিছে মাজুলীত ব্ৰহ্মপুত্ৰৰ অতি স্পৰ্শকাতৰ খহনীয়া স্থানৰ পৰিৱৰ্তে কমলাবাৰী ঘাটলৈ নি ৰাজ্যপালৰ পৰা ব্ৰহ্মপুত্ৰ ব'ৰ্ডে বাঃ বাঃ লোৱাৰ চেষ্টা চলোৱা বুলিহে এতিয়া চৰ্চা চলিছে মাজুলীত । কিয়নো, ভকত চাপৰি আৰু শালমৰাত বৰ্তমানো অব্যাহত আছে ব্যাপক খহনীয়া । তেনে পৰিপ্ৰেক্ষিতত ব্ৰহ্মপুত্ৰ ব'ৰ্ডে অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক দেখুৱালে কেৱল কমলাবাৰী ঘাট । বান গৰাখহনীয়াই সুদীৰ্ঘ বছৰৰ পৰা জুৰুলা কৰি অহা মাজুলীৰ অতি স্পৰ্শকাতৰ শালমৰা আৰু ভকত চাপৰিত বৰ্তমানলৈ প্ৰায় ৩০০ ৰো অধিক পৰিয়ালে ঘৰবাৰী হেৰুৱাই দিশহাৰা হ'ব লগা হৈ আহিছে ।

ইমানৰ পিছতো ২০০৩ চনৰ পৰা মাজুলীৰ খহনীয়া প্ৰতিৰোধৰ দায়িত্বত থকা কেন্দ্ৰীয় চৰকাৰৰ ব্ৰহ্মপুত্ৰ ব'ৰ্ড নামৰ সংস্থাটোৱে মাজুলীবাসী তথা নদীপৰীয়া লোকৰ জীৱন-জীৱিকাৰ প্ৰতিহে প্ৰতিনিয়ত ভাবুকি কঢ়িয়াই অনাৰ অভিযোগ উত্থাপন হৈছে । মাজুলীত দুদিনীয়া ভ্ৰমণেৰে উপস্থিত হোৱা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক ব্ৰহ্মপুত্ৰ ব'ৰ্ডে খহনীয়া পৰিৰ্দশন কৰোৱাৰ নামত কমলাবাৰী ঘাটলৈ নি ব্ৰহ্মপুত্ৰ ব'ৰ্ডে নিজৰ কামৰ শলাগ লোৱা পৰিলক্ষিত হয় । ইয়াৰ বিপৰীতে কেতিয়া মাজুলীবাসীয়ে খহনীয়াৰ সমস্যা তথা বানৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব সেই সম্পৰ্কে কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত নহ'ল ।

লগতে পঢ়ক: মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ প্ৰথম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল আচাৰ্য

ভাৰত-ভূটান সীমান্তৰ ইমিগ্ৰেচন তালাচী চকী উদ্বোধন

Last Updated : Nov 9, 2024, 7:33 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.