ETV Bharat / state

ডাম্পাৰৰ খুন্দাত মেধাৱী ছাত্ৰীৰ মৃত্য়ুক লৈ উত্তাল নলবাৰী: প্ৰতিবাদস্থলীত আবদ্ধ হাগ্ৰামা - ROAD ACCIDENT IN NALBAR

author img

By ETV Bharat Assamese Team

Published : Aug 12, 2024, 7:12 PM IST

Dumper terror in Nalbari : ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম্য়ৰ বাবেই প্ৰাণ হেৰুৱালে নলবাৰীৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে । নলবাৰী চহৰৰ গণেশ মন্দিৰ চ’কত সংঘটিত এই শোকাৱহ ঘটনাৰ পিছতেই পৰিস্থিতি উত্তপ্ত হৈ পৰে ।

Dumper terror in Nalbari
ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম্য় (ETV Bharat Assam)

নলবাৰী, ১২ আগষ্ট : নলবাৰীত সোমবাৰে এক শোকাৱহ পথ দুৰ্ঘটনাত এগৰাকী কলেজীয়া মেধাৱী ছাত্ৰীৰ মৃত্য়ুক কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । পায়েল দেৱী নামৰ এগৰাকী মেধাৱী ছাত্ৰীয়ে চাইকেলেৰে কলেজলৈ গৈ থকা অৱস্থাত নলবাৰী চহৰৰ গণেশ মন্দিৰ চ'কত ডাম্পাৰ খুন্দিয়াই ছাত্ৰীগৰাকীৰ দেহৰ ওপৰেৰে উঠাই নিয়ে চকা । ফলত থিতাতে মৃত্যুক আকোৱালি লয় স্প্ৰিং ডেল একাডেমীৰ উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰী পায়েল দেৱীয়ে ।

প্ৰতিবাদস্থলীত আবদ্ধ হাগ্ৰামা মহিলাৰী :

ছাত্ৰীগৰাকীৰ মৃত্যুৰ পিছতে গণেশ মন্দিৰ চ'কত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । ছাত্ৰীগৰাকীৰ মৃত্যুৰ তদন্তৰ দাবীৰে ক্ষুব্ধ ছাত্র-ছাত্ৰীসকলে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি স্তব্ধ কৰে যাতায়াত । পৰিস্থিতি অশান্ত হৈ থকাৰ সময়তেই উক্ত প্ৰতিবাদস্থলীত আবদ্ধ হৈ পৰে বি পি এফ নেতা তথা বি টি চিৰ প্ৰাক্তন মুখ্য় কাৰ্যবাহী সদস্য় হাগ্ৰামা মহিলাৰী । বি পি এফ নেতাগৰাকী ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ থকা অৱস্থাত প্ৰতিবাদী ছাত্র-ছাত্ৰী তথা স্থানীয় ৰাইজৰে মুখামুখি হয় । ফলত নেতাগৰাকীয়ে গাড়ীৰ পৰা নামি পৰিস্থিতিৰ বুজ ল'বলৈ বাধ্য় হয় ।

উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী :

আজিৰ এই শোকাৱহ ঘটনাত নিহত ছাত্ৰীগৰাকীৰ পৰিয়ালক পোনতে চৰকাৰে উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী জনায় হাগ্ৰামা মহিলাৰীয়ে । তেওঁ শোকাৱহ ঘটনাটোক দুৰ্ভাগ্যজনক আখ্যাৰে পুনৰ যাতে আগলৈ তেনে ঘটনা নহয় তাৰ বাবে চৰকাৰ-প্ৰশাসনক আহ্বান জনায় । স্কুলৰ সময়ত ডাম্পাৰৰ দৌৰাত্ম্য় বন্ধ কৰিবলৈ জিলা প্ৰশাসনক তেওঁ আহ্বান জনায় । এই ঘটনাৰ এক উচিত তদন্ত বিচাৰি ছাত্ৰীগৰাকীৰ পৰিয়ালক ন্যায় দিবলৈ আহ্বান জনাই হাগ্ৰামা মহিলাৰীয়ে ।

মই এতিয়া চৰকাৰত নাই: হাগ্ৰামা

আনহাতে, বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ গৃহ জিলাতেই এনেদৰে দিনৰ ভাগত ডাম্পাৰে বালি কঢ়িয়াই ৰাজপথত ত্ৰাস চলোৱাৰ লগতে বিভিন্নজনৰ প্ৰান কাঢ়ি নিয়াত তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় ," মই এতিয়া চৰকাৰত নাই । চৰকাৰক দাবী জনাও- এইবোৰ বন্ধ কৰি যানবাহন আৰক্ষীয়ে নজৰ ৰাখিব লাগে যাতে আগলৈ দ্বিতীয়বাৰ এনেকুৱা ঘটনা সংঘটিত নহয় ।"

লগতে পঢ়ক:ৰাজপথত ঘাতকৰূপী ডাম্পাৰৰ দৌৰাত্ম: নিমিষতে প্ৰাণ হেৰুৱালে মেধাৱী ছাত্ৰীয়ে - ROAD ACCIDENT IN NALBARI

শিৱভক্তৰ গাৰ ওপৰেৰে চলিল তীব্ৰবেগী ট্ৰাক: থিতাতে নিহত 4 - ROAD ACCIDENT IN GOSSAIGAON

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.