ETV Bharat / state

প্ৰেমিকৰ ছুৰীৰ আঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই - Sensational murder

author img

By ETV Bharat Assamese Team

Published : Jul 28, 2024, 11:37 AM IST

Sensational murder : দিল্লীত অসমৰ যুৱতীক হত্যা । প্ৰেমিকে ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰে প্ৰেমিকাক । মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰী । দিল্লী আৰক্ষীৰ জালত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ ।

Boyfriend stabbed girlfriend to death in Delhi
প্ৰেমিকৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে প্ৰেমিকাই (ETV Bharat Assam)

শিলচৰ, ২৮ জুলাই : দিল্লীৰ এটা ফ্লেটত নৃশংসভাৱে হত্যা কৰা হ'ল শিলচৰৰ এগৰাকী যুৱতীক । প্ৰেমিকৰ ছুৰীৰে আঘাত কৰি মৃত্যু হয় যুৱতীগৰাকীৰ । মৃত যুৱতীগৰাকী শিলচৰৰ ২১ বছৰীয়া স্নেহা নাথ চৌধুৰী । হত্যাকাৰী প্ৰেমিক কাছাৰৰ চান্নিঘাটৰ বাসিন্দা ৰাজ কৰ্মকাৰ বুলি জানিব পৰা গৈছে । স্নেহা নাথ চৌধুৰী শিলচৰ অম্বিকাপট্টিৰ এটা জিম চেণ্টাৰৰ জিম ট্ৰেইনাৰ আছিল ৷

প্ৰেমৰ সম্পৰ্ক আছিল স্নেহা আৰু ৰাজৰ :

দিল্লী আৰক্ষীয়ে সদৰী কৰা তথ্য অনুসৰি, স্নেহা নাথ চৌধুৰী আৰু ৰাজ কৰ্মকাৰৰ মাজত প্ৰেমৰ সম্পৰ্ক আছিল । দীৰ্ঘদিনৰ পৰা দুয়োৰে মাজত চলি আহিছিল বিবাদ । শনিবাৰে দক্ষিণ-পশ্চিম দিল্লীৰ পঞ্চপুৰ কলনীত থকা স্নেহাৰ নাথ চৌধুৰীৰ ফ্লেটত হঠাৎ আহি উপস্থিত হয় প্ৰেমিক ৰাজ কৰ্মকাৰ । কিবা এটা বিষয়ক লৈ দুয়োৰে মাজত কাজিয়াৰ সৃষ্টি হয় । এটা সময়ত ৰাজ কৰ্মকাৰ আৰু স্নেহাৰ মাজত মাৰপিট আৰম্ভ হয় ।

হত্যাকাৰী ৰাজ কৰ্মকাৰক গ্ৰেপ্তাৰ :

Boyfriend stabbed girlfriend to death in Delhi
হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ (ETV Bharat Assam)

ইয়াৰ মাজত হঠাৎ ৰাজ কৰ্মকাৰে ছুৰীৰে উপৰ্যুপৰি আক্ৰমণ চলায় স্নেহা নাথ চৌধুৰীক । ফলত প্ৰেমিকৰ ছুৰীকাঘাতত ঘটনাস্থলীতে প্ৰাণ হেৰুৱাই স্নেহাই । ঘটনাৰ খবৰ পোৱা ঘটনাস্থলীত দিল্লী আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে ফ্লেটৰ পৰা আহত অৱস্থাত গ্ৰেপ্তাৰ কৰে হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰক ।

স্নেহাক হত্যা কৰাৰ কথা স্বীকাৰ প্ৰেমিক ৰাজৰ :

প্ৰাথমিক তদন্তত হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰে আৰক্ষীক জনায় যে তেওঁৰ লগত সম্পৰ্ক থকাৰ পাচতো প্ৰেমিকা স্নেহা নাথ চৌধুৰীয়ে আন এজন যুৱকৰ লগত সম্পৰ্ক স্থাপন কৰি আহিছিল । এই কথা সহ্য কৰিব নোৱাৰি তেওঁ স্নেহাক হত্যা কৰিবলৈ বাধ্য হয় বুলি স্বীকাৰ কৰে দিল্লী আৰক্ষীৰ জেৰাত ।

ঘটনা সন্দৰ্ভত দিল্লী আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে । ইপিনে জানিব পৰা মতে, হত্যাকাৰী প্ৰেমিক ৰাজ কৰ্মকাৰ কাছাৰৰ নিজ বাসগৃহৰ পৰা যোৱা ২৫ তাৰিখৰ পৰা নিখোঁজ হৈ আছিল । সমগ্ৰ ঘটনাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ।

লগতে পঢ়ক: প্ৰেমৰ ভয়ংকৰ পৰিণতি : প্ৰেমিকে প্ৰাণ ল'লে প্ৰেমিকাৰ - Murder in Bilashipara

পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : পত্নীৰ হাতত নিধন পতি

ছাগলী চোৰৰ সন্দেহত দাৰে ঘপিয়াই হত্যা‌ যুৱকক - Naharkatia Murder case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.