ETV Bharat / state

শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত কোনে জ্বলাই দিলে শিশুৰ কিতাপ - Childrens books burnt in Lahowal

author img

By ETV Bharat Assamese Team

Published : May 31, 2024, 9:40 PM IST

Child development project office : লাহোৱালত শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত জ্বলাই দিয়া হ'ল শ শ কিতাপ । কাৰ্যালয়ৰ চৌহদতে হোৱা এনে কাৰ্যৰ বিৰুদ্ধে ক্ষোভ আছুৰ ।

Office of child development project officer
শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয় (ETV BHARAT ASSAM)

মৰাণ, ৩১ মে’: যি সময়ত ৰাজ্য়ত বিনামূলীয়া পাঠ্য়পুথিৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে হাহাকাৰ কৰিবলগীয়া হৈছে সেই সময়তেই ৰাজ্য চৰকাৰৰ একাংশ বিষয়া-কৰ্মচাৰীৰ কৰ্মকাণ্ডই আচৰিত কৰি তুলিছে সচেতন ৰাইজক । মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰৰ সকলো বিভাগ সংস্কাৰ কৰিবলৈ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা বুলি দাবী কৰাৰ সময়ত একাংশ বিষয়া-কৰ্মচাৰীয়ে ইয়াৰ বিপৰীত স্থিতি গ্ৰহণ কৰিবলৈ ধৰিছে । ইয়াৰ মাজতে ডিব্ৰুগড়ৰ লাহোৱালত অসম চৰকাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত জ্বলাই দিয়া হ'ল শ শ কিতাপ । এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন ৰাইজৰ মাজত ।

ঘটনাৰ বিৱৰণি অনুসৰি ডিব্ৰুগড়ৰ লাহোৱালত অসম চৰকাৰৰ শিশু উন্নয়ন প্রকল্প বিষয়াৰ কাৰ্যালয়ত অংগনবাড়ী কেন্দ্রসমূহলৈ অহা পাঠ্যপুথিসমূহ মুখ্য কাৰ্যালয়টোত এইদৰে জ্বলাই দিয়া হৈছে । পুৰণি হোৱাৰ অজুহাতত এইদৰে দমে দমে শিশুৰ বাবে অহা কিতাপ বিতৰণ নকৰাকৈ জ্বলাই দিয়া হৈছে । কেনেকৈ অংগনবাড়ী কেন্দ্রসমূহলৈ অহা পাঠ্যপুথিসমূহ বিতৰণ নকৰাকৈ মুখ্য কাৰ্যালয়টোত থাকিল তাক লৈ ৰহস্যৰ সৃষ্টি হৈছে ।

এই ঘটনা সন্দৰ্ভত আছুকৰ্মীসকলে বিষয়াজনক জবাবদিহি কৰাত নিজৰ ভুল স্বীকাৰ কৰিছে যদিও সংবাদ মাধ্যমৰ পৰা আঁতৰত থাকে কাৰ্যালয়টোৰ বিষয়াসকল । উল্লেখ্য যে দুদিন পূৰ্বে আছুৱে পাঠ্যপুথি নিয়মীয়া যোগানৰ বিষয়ক লৈ তীব্র আন্দোলন গঢ়ি তুলিছিল । যি সময়ত চৰকাৰে বিদ্যালয়সমূহত নিয়মীয়াকৈ পাঠ্যপুথি যোগান ধৰিব নোৱৰাক লৈ সদৌ অসম ছাত্র সন্থাই আন্দোলন কৰিব লগা হৈছে সেই সময়তে ডিব্ৰুগড়ৰ কাৰ্যালয়টোত এইদৰে বৃহৎ সংখ্যক পাঠ্যপুথি জ্বলাই দিয়া কাৰ্য্ত তীব্র প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী জনাইছে ছাত্ৰ সন্থাই ।

লগতে পঢ়ক:নিয়মীয়া পাঠ্যপুথি যোগানৰ দাবীত আছুৰ গৰ্জন - AASU Protest

মমৰ শিখাই আনিলে বিপদ : পানীখাইতিত ছাঁই হৈ গ’ল এখন ঘৰ - Fire In Guwahati

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.