নগাঁও, ২৫ জুন: বন সুৰক্ষাৰ দায়িত্ব পালন কৰিও সাহিত্য চৰ্চা কৰি ভালপোৱা এগৰাকী বন বিষয়া । নাম মহেশ নাথ । চাকৰি জীৱনৰ পৰা অৱসৰ ল'বলৈ আছে মাত্ৰ পাঁচ দিন বাকী। কিন্তু অৱসৰৰ পাঁচদিন পূৰ্বেই পাঁচখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় মহেশ নাথৰ । কৰ্মজীৱনৰ অভিজ্ঞতাৰ ওপৰত ৫ খনকৈ গ্ৰন্থ লিখি উলিয়ালে মহেশ নাথে । তেওঁৰ ল'ৰালিৰ সোণসেৰীয়া কথা, গহন বনৰ মালিতা, বিচ্ছূৰিত বন, বৰণীয়া অৰণ্য আৰু অৰণ্যৰ দিনলিপি নামৰ ৫ খন গ্ৰন্থ মঙলবাৰে নগাঁও প্ৰেছ ক্লাৱত উন্মোচন কৰে বিধায়ক ৰূপক শৰ্মাই ।
প্ৰকৃতি সম্পৰ্কীয় চাৰিখন গ্ৰন্থৰ উপৰি ব্যক্তিগত সোণালী শৈশৱক লৈ মহেশ নাথে ৰচনা কৰিছে আন এখন গ্ৰন্থ । মহেশ নাথে ৰচনা কৰা এই গ্ৰন্থ কেইখনৰ উন্মোচনী সভাৰ আঁত ধৰে নগাঁৱৰ সাংবাদিক শৈলেন শইকীয়াই । নগাঁও, গোলাঘাট আৰু কাৰ্বি আংলং জিলাৰ বিভিন্ন ঠাইত কৰ্মৰত সময়ছোৱাৰ অভিজ্ঞতা সামৰি তেওঁ ৰচনা কৰা গ্ৰন্থ কেইখনি উন্মোচন কৰিলে বিধায়ক ৰূপক শৰ্মাই ।
ইপিনে, বন বিভাগত কৰ্মৰত অৱস্থাত বিভিন্ন প্ৰত্যাহ্বানৰ কথা সুঁৱৰি আবেগিক হৈ পৰিল মহেশ নাথ । ৯০ দশকৰ পৰা চাকৰি জীৱনৰ অধিক সময়েই অৰণ্যত কটোৱা মহেশ নাথে সেই সময়ৰ পৰাই অৰণ্যত প্ৰত্যক্ষ কৰা ঘটনাৱলী এখন ডায়েৰীত লিপিবদ্ধ কৰি যোৱাৰ কথা উল্লেখ কৰি সম্প্ৰতি পূৰ্বৰ সেই অৰণ্য হেৰুৱাই যোৱাৰ অনুভৱতেই গ্ৰন্থৰ ৰূপ দিয়া বুলি তেওঁ কয় ।
লগতে পঢ়ক:বৰপেটাত মৃণাল ভৌমিকৰ দুখনকৈ গ্ৰন্থ উন্মোচন
শীঘ্ৰেই চাকৰি জীৱনৰ অভিজ্ঞতাৰ ওপৰত আৰু ২২ খন গ্ৰন্থ প্ৰকাশৰ পথত বুলিও ক'লে মহেশ নাথে। তেওঁৰ চাৰিখনকৈ গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছে নগাঁৱৰ ক্ৰান্তিকাল প্ৰকাশনে । নগাঁও প্ৰেছ ক্লাবত আয়োজন কৰা গ্ৰন্থ উন্মোচনী সভাত বিধায়ক ৰূপক শৰ্মাৰ লগতে জাতীয়তাবাদী নেতা লাচিত বৰদলৈ, জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়া, কনক হাজৰিকাৰ উপৰি কেইবাগৰাকীও বিশিষ্ট ব্য়ক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:জ্যেষ্ঠ সাংবাদিক নগেন বৰাৰ উপন্যাস 'দেউতা ভাল হৈছে' উন্মোচন