ETV Bharat / state

মুখ্যমন্ত্ৰী আৱাসৰ পিছফালেই উদ্ধাৰ আলফা (স্বাধীন)ই স্থাপন কৰা বোমা - ULFA I BOMB PLANS

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:31 PM IST

ULFA I bomb plans in Assam: আৰক্ষীয়ে গিজগিজাই থকা মহানগৰীত আলফা (স্বাধীন)ই স্থাপন কৰিছিল বোমা । স্মাৰ্ট আৰক্ষীৰ সন্মুখতেই আলফা (স্বাধীন)ই কেনেকৈ স্থাপন কৰিছিল বোমা ?

ULFA I BOMB PLANS IN ASSAM
মহানগৰীত বোমাৰ সন্ধানত আৰক্ষী (ETV Bharat Assam)

গুৱাহাটী, ১৬ আগষ্ট: গুৱাহাটী মহানগৰীৰ আঠটা স্থানৰ লগতে সমগ্ৰ অসমৰ ২৫ টা স্থানত আলফা স্বাধীনে বৃহস্পতিবাৰে বোমা সংস্থাপনৰ দাবী কৰাৰ পিছতেই ৰাজ্যজুৰি আতংকৰ সৃষ্টি হয় ৷ ইয়াৰ পিছতেই আৰক্ষীয়ে আৰম্ভ কৰে অভিযান । ৰাজ্য়ৰ কেইবাঠাইত বোমা উদ্ধাৰ হোৱাৰ পিচত মহানগৰীত সংস্থাপিত আঠটা বোমাৰ সন্ধানত নামি পৰে আৰক্ষী । গুৱাহাটী মহানগৰীৰ সাতগাঁৱৰ পিছত এইবাৰ দিছপুৰ লাষ্টগেটত উদ্ধাৰ হৈছে আলফা (স্বাধীন)ই স্থাপন কৰা বোমা ।

দিছপুৰৰ মুখ্যমন্ত্ৰীৰ আৱাসৰ পিছফালে পুৰণা প্ৰতিবাদস্থলীত উদ্ধাৰ কৰা হৈছে এই বোমাটো । দিছপুৰ লাষ্টগেটৰ বিপৰীতে থকা মুকলি মাটিখিনিত আলফা (স্বাধীন)ৰ বোমা পুতি থোৱা বুলি বিবৃতি দিয়াৰ পিছত বোমা বিচাৰি কালিৰে পৰাই তৎপৰ হয় আৰক্ষী ।

আৰক্ষীৰ শীৰ্ষ বিষয়াৰ লগতে কালিৰে পৰা বোমা বিশেষজ্ঞৰ দলে মাটিখিনিত তন্ন তন্নকৈ তালাচী অভিযান চলাই যদিও বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাছিল । নিশাও আৰক্ষীয়ে খালী মাটিখিনিত এক্সাভেটৰেৰে খান্দি, জংঘল কাটি নলা,পদপথ আদিকে ধৰি বিভিন্ন ঠাইত তালাচী অভিযান অব্যাহত ৰাখে ।

পানীৰ পাইপৰ ওচৰতেই উদ্ধাৰ বোমা :

বোমা বিচাৰি আজি পুৱাৰে পৰা পুনৰ অভিযান চলাই আৰক্ষীয়ে । অৱশেষত ২৪ ঘণ্টা পাৰ হৈ যোৱাৰ পিছত দিনৰ ১.৩০ বজাত উদ্ধাৰ কৰে বোমাটো । পানীৰ পাইপৰ ওচৰতে সংস্থাপন কৰিছিল এই বোমাটো । বোমাটোত ৫০০ গ্ৰামৰ বিস্ফোৰক সামগ্ৰী পোৱা গৈছে । ইয়াৰ ভিতৰত ১২ ভল্টৰ ৮ টাকৈ বেটাৰীৰ লগতে চাৰ্কিট পোৱা গৈছে । ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰা ।

চাৰি স্থানত নাই বোমা : আৰক্ষী আয়ুক্ত

এই ঘটনাস্থলী পৰিদৰ্শন কৰি আৰক্ষী আয়ুক্তগৰাকীয়ে ৰাইজক শংকিত নহ'বলৈ আহ্বান জনাই কয় ," মহানগৰীত যদিও ৮ টা স্থানৰ কথা কোৱা হৈছিল আমাৰ খবৰ মতে ৪ টা স্থানতহে বোমা সংস্থাপিত কৰাৰ নিশ্চিত খবৰ লাভ কৰিছিলো । বাকী ৪ টা স্থানত বোমা নাই । যিকেইটা স্থানত বোমাসদৃশ সামগ্ৰী পোৱা গৈছে এইকেইটা ট্ৰিগাৰিং মেকানিজিম নাই । কালি লাভ কৰা সামগ্ৰীৰ দৰে আজি উদ্ধাৰ হোৱা সামগ্ৰীখিনি একেই । এইকেইটা বিস্ফোৰণৰ সম্ভাৱনা নাই ।

মহানগৰ আৰক্ষী আয়ুক্ত দিগন্ত বৰাই পুনৰ কয়," কালি লাভ কৰা সামগ্ৰীখিনি আমি ফৰেনচিকলৈ পঠিয়াইছো । আজিৰখিনিও পঠিওৱা হ'ব । ফৰেনচিক পৰীক্ষাৰ প্ৰতিবেদনৰ পিছতহে গম পোৱা যাব এয়া বোমা আছিল নে আন সামগ্ৰী । "

লগতে পঢ়ক:ডিব্ৰুগড়ত বোমা বিচাৰি নাপালে আৰক্ষী-সেনাবাহিনীয়ে - ULFA I BOMB PLANS

লখিমপুৰৰ তৃতীয়টো বোমা ক'লৈ গ'ল ? সন্ধ্যা পৰ্যন্ত উদ্ধাৰ নহ'ল তৃতীয়টো বোমা - ULFA I bomb plans

২৫ টা স্থানত বোমা সংস্থাপনৰ দাবী আলফা(স্বা)ৰ: উপযুক্ত তদন্তৰ নিশ্চয়তা দিলে ডিজিপি জি পি সিঙে - bomb plan by ULFA I

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.