ETV Bharat / state

সমনীয়াৰ সৈতে ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হোৱা ছাত্ৰৰ মৃতদেহ উদ্ধাৰ - Students Died

author img

By ETV Bharat Assamese Team

Published : Mar 28, 2024, 10:42 PM IST

Students Died in Guwahati: ব্ৰহ্মপুত্ৰত সলিল সমাধি মেধাবী ছাত্ৰৰ । SDRF ৰ তৎপৰতাত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ । চূণচালিৰ ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটে ছাত্ৰজনৰ ।

Body of student drowned in Brahmaputra found in Guwahati
ব্ৰহ্মপুত্ৰত সন্ধানহীন ছাত্ৰৰ মৃতদেহ উদ্ধাৰ

গুৱাহাটী,২৮মাৰ্চ : বুধবাৰে নুনমাটি, চূণচালিৰ ব্ৰহ্মপুত্ৰ নৈত সমনীয়াৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ঘটা গুৱাহাটীৰ ছাত্ৰগৰাকীৰ মৃতদেহ বৃহস্পতিবাৰে এছ ডি আৰ এফ বাহিনীৰ তৎপৰতাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । মৃত ছাত্ৰগৰাকী নুনমাটি আনন্দনগৰৰ ইনজামুল হক বুলি জানিব পৰা গৈছে । স্থানীয় লোকে জনোৱা অনুসৰি নুনমাটিৰ শংকৰ-মাধৱ স্কুলৰ নৱম শ্ৰেণীত অধ্যয়নৰত ইনজামুলে বুধবাৰে বিদ্যালয়ত ঘোষণা কৰা বছেৰেকীয়া পৰীক্ষাৰ ফলাফল ল'বলৈ দিনৰ ভাগত বিদ্যালয়লৈ গৈছিল ।

  • " class="align-text-top noRightClick twitterSection" data="">

পৰীক্ষাৰ ভাল ফলাফল লাভ কৰাৰ পিচত ইনজামুলে দুই সতীর্থ ছাত্ৰৰ সৈতে চূণচালিৰ গাতে লাগি থকা ব্ৰহ্মপুত্ৰ নৈত গা ধুবলৈ যায় । গা ধুই থকা অৱস্থাতে হঠাৎ ছাত্ৰজন নৈৰ বুকুত নিখোজ হৈ পৰে । আন সমনীয়া দুগৰাকীয়ে ইনজামুলক বচোৱাৰ বাবে অপ্ৰাণ চেষ্টা চলাই যদিও ব্যৰ্থ হয় । এই কথাটো তেওঁলোকে কোনো লোকক অৱগত নকৰি ঘৰলৈ উভতি যায় । ইফালে সন্ধিয়াৰ ভাগলৈ ইনজামুল ঘৰলৈ উভতি নহাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক । পৰিয়ালৰ লোকে বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল ইনজামুলৰ ।

বৃহস্পতিবাৰে পুৱাৰ ভাগত পৰিয়ালৰ লোকে ইনজামুলৰ কাপোৰ চূণচালি ঘাটত পৰি থকা দেখা পাই সন্দেহ ওপজে । লগে লগে ঘটনা সন্দৰ্ভত ইনজামুলৰ পৰিয়ালৰ লোকে নুনমাটি থানাত খবৰ দিয়ে । নুনমাটি আৰক্ষীৰ খবৰৰ ভিত্তিত ব্ৰহ্মপুত্ৰ নৈত নিখোজ ছাত্ৰজনৰ সন্ধানত ঘটনাস্থলীত উপস্থিত হয় এছ ডি আৰ এফ বাহিনী । এছ ডি আৰ এফ বাহিনীয়ে নিৰুদ্দিষ্ট ছাত্ৰজনৰ সন্ধানত ব্ৰহ্মপুত্ৰ নৈত কেইবাঘণ্টা জুৰি চলোৱা অভিজানৰ অন্তত অৱশেষত দিনৰ প্ৰায় ১২ মান বজাত নৈৰ বুকুৰ পৰা ইনজামুলৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । ঘটনা সন্দৰ্ভত নুনমাটি আৰক্ষীয়ে ইনজামুলৰ সতীৰ্থ দুই ছাত্ৰক সোধাপোচ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক: ৰাছিয়াৰ নিকিতাক হাস্পতাল পোৱালেগৈ কাজিৰঙাৰ গঁড়ে - Assam One Horned Rhino

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.