ETV Bharat / state

শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰ, অপহৰণকাৰীয়ে হত্য়া কৰি দাবী কৰিছিল মুক্তিপণ - Assam Boy Kidnapped In Arunachal

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 11:12 AM IST

Kidnapped in Arunachal: শদিয়াৰ ১২ বছৰীয়া কিশোৰক অপহৰণ কৰি ২৫ লাখ টকা দাবী কৰিছিল দুৰ্বৃত্তই ৷ অপহৰণকাণ্ডৰ সৈতে জড়িত থকাৰ সন্দেহত দুজনক আটক কৰাৰ পিচতেই ওলাল অপহৃতৰ মৃতদেহ ।

Kidnapped in Arunachal
কিশোৰক অপহৰণ কৰি হত্য়া (ETV Bharat Assam)

তিনিচুকীয়া, ৩১ জুলাই: তিনিচুকীয়া জিলাৰ শদিয়াৰ অপহৃত ১২ বছৰীয়া কিশোৰৰ মৃতদেহ বুধবাৰে পুৱতি নিশা উদ্ধাৰ কৰে অৰুণাচল আৰক্ষীয়ে ৷ যোৱা ২২ জুলাইত অপহৰণকাণ্ড সংঘটিত কৰি ২৫ লাখ টকাৰ মুক্তিপণ দাবী কৰাৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছিল তীব্ৰ চাঞ্চল্যৰ । অপহৰণকাৰীয়ে শদিয়াৰ চূণপোৰা উদয়পুৰ গাঁৱৰ নৰ বাহাদুৰ ছেত্ৰীৰ পুত্ৰ ৰোহিত বাহাদুৰ ছেত্ৰীক অপহৰণ কৰি মুক্তিপণ দাবী কৰিছিল ৷ এই সন্দৰ্ভত দুই অভিযুক্তক আটক কৰাৰ পিচত মাৰাথন জেৰা চলোৱাৰ সমান্তৰালভাৱে অভিযান অব্য়াহত ৰখাৰ মাজতেই উদ্ধাৰ হয় অপহৃত কিশোৰজনৰ মৃতদেহ ।

কেনেকৈ উদ্ধাৰ হ'ল মৃতদেহ ?

তেজু আৰক্ষীয়ে অপহৃতক উদ্ধাৰ কৰিবলৈ অভিযান অব্যাহত থকাৰ মাজতে অপহৰণকাণ্ড সংঘটিত কৰা দুজনক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ৷ আৰক্ষীয়ে ধৃত দুই অৰুণাচলী ক্ৰমে নাজুচ’ তামাই আৰু গবিন তামাংক মাৰাথন জেৰা চলোৱাৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছিল অভিযান ৷ আৰক্ষীয়ে চলোৱা অভিযানৰ সময়তে বুধবাৰে পুৱতি নিশা উদ্ধাৰ কৰে অপহৃত ১২ বছৰীয়া কিশোৰটিৰ মৃতদেহ ৷ অপহৰণকাণ্ড সংঘটিত কৰা স্থানৰ পৰা প্ৰায় ৮০০ মিটাৰ নিলগত এটা গাঁতত উদ্ধাৰ কৰে কিশোৰটিৰ মৃতদেহ ৷ সন্দেহ কৰা হৈছে অপহৰণকাণ্ড সংঘটিত কৰাৰ প্ৰথমদিনাই দুৰ্বৃত্তৰ দলটোৱে হত্যা কৰিছিল কিশোৰটিক ৷ কিশোৰটিক হত্যাৰ পাচত মুক্তিপণ হিচাপে দাবী কৰিছিল ২৫ লাখ টকা ৷

আজি কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাছতে শদিয়াত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ । যিহেতু সন্ধানহীন হোৱাৰ পাচৰ পৰাই গোৰ্খা ছাত্ৰ সন্থাৰ নেতৃত্বত এটা বৃহৎ দলে কিশোৰটিৰ সন্ধানত আৰক্ষীৰ সমান্তৰালভাৱে অব্যাহত ৰাখিছিল অভিযান । গোৰ্খা সম্প্ৰদায়ৰ লোকক অভিযান চলাবলৈ ওলাই আহিবলৈ আহ্বান জনাইছিল গোৰ্খা ছাত্ৰ সন্থাই ৷

বিদ্যালয়ৰ পৰা ঘৰলৈ ওভতাৰ সময়তেই অপহৰণ

উল্লেখ্য যে নৰ বাহাদুৰ ছেত্ৰী শদিয়াৰ যদিও অৰুণাচল প্ৰদেশৰ তেজুৰ ২৮ মাইলত এটা গৰু খুঁটিত কাম কৰিছিল ৷ সেইসূত্ৰে তেজুৰ ২৮ মাইলতে বাস কৰিছিল পৰিয়ালটো । যোৱা ২২ জুলাইত কিশোৰটি অধ্যয়নৰত তেজু প্ৰাথমিক বিদ্যালয়ৰ পৰা বিদ্যালয় ছুটী হোৱাৰ পাছত ঘৰলৈ চাইকেলত গৈ থকা অৱস্থাতেই অপহৰণ কৰে দুৰ্বৃত্তৰ দলটোৱে ৷ অপহৰণ কৰা স্থানতেই পৰি ৰয় কিশোৰটিৰ চাইকেলখন ৷ অপহৰণৰ পাচত পৰিয়ালটোৱে সম্পৰ্কীয় লোকসকলৰ ঘৰত খবৰ কৰি বিচাৰি ফুৰিছিল যদিও কোনো সন্ধান পোৱা নাছিল ৷ পৰৱৰ্তী সময়ত দুটাকৈ দিনৰ পাচত কিশোৰটিৰ পিতৃলৈ অপহৰণকাৰী দলটোৱে ফোন কৰি মুক্তিপণ হিচাপে ২৫ লাখ টকা দাবী কৰে আৰু দাবী কৰা ধন দিব নোৱাৰিলে কিশোৰটিক হত্যা কৰাৰ ভাবুকি দিয়ে ৷

লগতে পঢ়ক:শদিয়াৰ কিশোৰক অৰুণাচলত অপহৰণ কৰি ২৫ লাখ টকা দাবী - Assam Boy kidnapped in Arunachal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.