ETV Bharat / state

চিমেন চাপৰিৰ ৰে’ল আলিৰ কাষত উদ্ধাৰ পল্লৱৰ মৃতদেহ - Body found in Dhemaji

author img

By ETV Bharat Assamese Team

Published : Aug 30, 2024, 1:39 PM IST

Suspicious death : চিমেন চাপৰি ৰে’ল ষ্টেচনৰ সমীপত এজন যুৱকৰ মৃতদেহ উদ্ধাৰ । অঞ্চলত চাঞ্চল্য, অত্যাধিক ড্ৰাগছ সেৱন ফলত মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ ৷

Suspicious death
চিমেন চাপৰিৰ ৰে’লআলিৰ কাষত উদ্ধাৰ পল্লৱৰ মৃতদেহ (ETV Bharat)

জোনাই, 30 আগষ্ট : জোনাইৰ চিমেন চাপৰিৰ ৰে’লৱে ষ্টেচনৰ সমীপত আজি পুৱাই উদ্ধাৰ হৈছে এজনৰ যুৱকৰ মৃতদেহ ৷ মৃতদেহ উদ্ধাৰ কৰা ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এক চাঞ্চল্যৰ সৃষ্টি হৈছে । উদ্ধাৰ হোৱা মৃতদেহটো চিমেন চাপৰি মাজখোৱা গাঁৱৰ মুন্না ওৰপে পল্লৱ গগৈ বুলি চিনাক্ত কৰিছে স্থানীয় ৰাইজে ৷

বিৱৰণি অনুসৰি, আজি পুৱাই স্থানীয় লোকে যুৱকজনৰ মৃতদেহ ৰে’ল আলিৰ কাষত পৰি থকা প্ৰত্যক্ষ কৰে ৷ লগে লগে স্থানীয় ৰাইজে চিমেন চাপৰি আৰক্ষী আৰু ৰে’ল আৰক্ষীক খবৰ দিয়ে ৷ তাৰ পাচতে ঘটনাস্থলীত চিমেন চাপৰি আৰক্ষী আৰু ৰে’ল আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি আৰম্ভ কৰিছে তদন্ত ৷

জানিব পৰা মতে, যুৱকজনে দীৰ্ঘদিনৰ পৰা ড্ৰাগছ সেৱন কৰি আহিছে । অত্যাধিক পৰিমাণৰ ড্ৰাগছ সেৱন কৰাৰ ফলতে যুৱকজন মৃত্যু হোৱা বুলি সন্দেহ কৰিচে স্থানীয় ৰাইজে ৷ লগতে মৃতদেহৰ কাষৰ পৰা বহু নিচাজাতীয় সামগ্ৰীও উদ্ধাৰ কৰিছে আৰক্ষীয়ে ৷

ইফালে পৰিয়ালৰ লোকে জানিবলৈ দিয়া মতে, বৃহস্পতিবাৰে বিয়লি প্ৰায় 2 বজাত যুৱকজনে ঘৰৰ পৰা নিজৰ স্কুটিখন লৈ দোকানলৈ বুলি ওলাই যায় । কিন্তু ৰাতি প্ৰায় 12 বজালৈ যুৱকজন ঘৰলৈ ঘূৰি নহাত তেওঁৰ পত্নীয়ে ফোন কৰে ৷ তেতিয়া আন এজন ব্যক্তিয়ে ফোনটো ৰিচিভ কৰি পুনৰ কাটি দিয়ে ৷

কিন্তু ঘৰৰ পৰা সুস্থ শৰীৰে ওলাই যোৱা যুৱকজনৰ মৃতদেহ আজি পুৱাই ৰে’ল ষ্টেচনৰ সমীপত মৃত অৱস্থাত উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি বিৰাজ কৰিছে এক তীব্ৰ চাঞ্চল্যৰ ।

উল্লেখ্য যে, অসম অৰুণাচল সীমান্ত জোনাই, চিমন চাপৰি, ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়ে বিশেষ প্ৰসাৰতা লাভ কৰাক লৈ উদ্বিগ্ন প্ৰকাশ কৰে স্থানীয় গঞাই ৷

লগতে পঢ়ক : নৈত গা ধুবলৈ গৈ সলিল সমাধি ঘটিল দম্পতীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.