ETV Bharat / state

পুনৰ অগ্নিপৰীক্ষাৰ সন্মুখীন অসম আৰক্ষীৰ বিষয়া-জোৱান : আজিৰে পৰা আৰম্ভ বি এম আই মূল্যায়ন - ASSAM POLICE BMI TEST

author img

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 5:45 PM IST

Assam Police BMI assessment : ৰাজ্য়ত পৰা আৰম্ভ হৈছে বি এম আই টেষ্ট । বিগত বৰ্ষত অসম আৰক্ষীৰ বিভিন্ন পৰ্যায়ৰ ৭০,১৬১ গৰাকী সদস্যৰ কৰা হৈছিল বি এম আই পৰীক্ষা । এইবাৰ ১৭ আগষ্টৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই মূল্যায়ন ।

BMI Test in Assam
বি এম আই মূল্যায়ন আৰম্ভ (ETV Bharat Assam)

গুৱাহাটী, ১৬ আগষ্ট: বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ'ল অসম আৰক্ষীৰ বিষয়া-জোৱানসকলৰ অগ্নিপৰীক্ষা । অসম আৰক্ষীৰ লোকসকলক প্ৰকৃতাৰ্থত ফিট ৰখাৰ বাবে অসম চৰকাৰে বিগত বৰ্ষৰ পৰা গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে আজিৰে পৰা আৰম্ভ হৈছ বডি মাছ ইনডেস্ক চমুকৈ বি এম আই পৰীক্ষা । মেদবহুলতাৰ বাবে অতিৰিক্ত ওজন হোৱা আৰক্ষীৰ লোকসকলক নিজকে ফিট কৰাৰ বাবে দিয়া সময়সীমাৰ অন্ত পৰাৰ পিছত আজিৰে পৰা আৰম্ভ হৈছে বি এম আই পৰীক্ষা । আজিৰে পৰা পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন স্থানত অসম আৰক্ষীৰ বাবে এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । আগষ্টলৈ চলিব এই বি এম আই টেষ্টিং । ৰাজ্যৰ আন জিলাসমূহত ১৭ আগষ্টৰ পৰা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব এই মূল্যায়ন ।

বি এম আই মূল্যায়নৰ সন্মুখীন ডিজিপি :

আজি গুৱাহাটীৰ কাহিলিপাৰাস্থিত চতুৰ্থ অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে নিজে বি এম আই পৰীক্ষাৰ সন্মুখীন হৈ এই কাৰ্যসূচীৰ শুভাৰম্ভনী কৰে । বি এম আই পৰীক্ষাত সম্পূৰ্ণ ফিট হিচাপে আৰক্ষী সঞ্চালক প্ৰধানগৰাকী বি এম আই ৩০ শাখাৰ অন্তৰ্ভুক্ত হয় । ২০২৩ চনত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ বি এম আই ২৫.১২ আছিল আৰু আজিৰ পৰীক্ষাত বি এম আই ২৫.০২ ৰেকৰ্ড কৰা হৈছে । আৰক্ষী সঞ্চালক প্ৰধানে শুভাৰম্ভ কৰাৰ পাছতে আৰক্ষী শীৰ্ষ বিষয়াসকলৰ লগতে জোৱানসকলেও বি এম আই মূল্যায়নৰ সন্মূখীন হয় ।

গুৱাহাটীত কাহিলিপাৰাৰ দশম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়তো এই পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে । গুৱাহাটীৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসমৰ আৰক্ষীৰ বিষয়া-জোৱান সকলে বি এম আই মূল্যায়নৰ সন্মুখীন হ'ব লাগিব । বি এম আই পৰীক্ষাত সকলো আই পি এছ বিষয়া, এ পি এছ বিষয়াকে ধৰি অসম আৰক্ষীৰ অন্যান্য বিষয়াৰ পৰা জোৱানলৈ সকলো অৱতীৰ্ণ হ'ব লাগিব ।

বিগত বৰ্ষত ১.৬ শতাংশ আৰক্ষীৰ লোক মেদবহুল শ্ৰেণীত আছিল :

উল্লখ্য যে বিগত বৰ্ষৰ বি এম আই মূল্যায়নত ১.৬ শতাংশ আৰক্ষীৰ লোক মেদবহুল শ্ৰেণীত আছিল । বিগত বৰ্ষত ৭৬,৩১৩ গৰাকী আৰক্ষীৰ ভিতৰত ১২২৩ গৰাকী মেদবহুল হিচাপে চিনাক্ত হৈছিল । অৰ্থাৎ ১.৬ শতাংশ বি এম আই ৩০ প্লাছত আছিল । আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে আশা প্ৰকাশ কৰে যে এইবাৰৰ বি এম আই মূল্যায়নত পূৰ্বৰ তুলনাত মেদবহুল আৰক্ষীৰ সংখ্যা যথেষ্ট হ্ৰাস পাব । উল্লেখ্য যে এই বছৰ পৰীক্ষা প্ৰক্ৰিয়াটো দ্ৰুত হ'ব । কাৰণ বেছিভাগ কৰ্মচাৰীৰ বিগত বছৰৰ তথ্য আছে আৰু বি এম আই টেষ্টিঙৰ বাবে কেৱল ওজনৰ প্ৰয়োজনীয়তা নথিভুক্ত কৰিব লাগিব ।

লগতে পঢ়ক:অসম আৰক্ষীৰ BMI টেষ্টৰ দ্বিতীয় পৰ্যায় : যোৰহাটত পৰীক্ষা আৰম্ভ

কিদৰে কৰা হয় বি এম আই মূল্যায়ন ?

বি এম আই মূল্যায়ন উচ্চতা, ওজন আৰু বয়সৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হয় । বি এম আই ৩০ শাখাত থাকিলে মেদবহুল বুলি গণ্য কৰা নহয় । কিন্তু ৩০ প্লাছ হ'লে মেদবহুল বুলি গণ্য কৰা হয় । বিগত বৰ্ষত অসম আৰক্ষীৰ ১.৬ শতাংশ লোক বি এম আই ৩০ প্লাছত অন্তৰ্ভুক্ত হৈছিল । এইবাৰ এই হাৰ আৰু হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে ।

মেদবহুল আৰক্ষীৰ ক্ষেত্রত ব্যৱস্থা গ্ৰহণ :

বি এম আই পৰীক্ষাত ৩০ প্লাছ বি এম আই থকা সকলক দেৰগাঁও ট্ৰেনিং চেণ্টাৰলৈ প্ৰশিক্ষণৰ বাবে পঠিওৱাৰ ব্যৱস্থা কৰা হয় । এমাহৰ পৰা তিনি মাহলৈ চলে প্ৰশিক্ষণ । পৰ্যায়ক্ৰমে অসম আৰক্ষীৰ লোকসকলক সম্পূৰ্ণ ৰূপে ফিট কৰাৰ ব্যৱস্থা কৰা হৈছে । মেদবহুলতাৰ সমস্যা থকাসকলৰ চিকিৎসাৰো ব্যৱস্থা কৰা হৈছে । অসম আৰক্ষীৰ প্ৰতিগৰাকী বিষয়া-জোৱান ফিট হৈ থকাৰ লক্ষ্যৰে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক:সাজু হ'বৰ হ'ল আৰক্ষীৰ লোক : ১৬ আগষ্টৰ পৰা পুনৰ বি এম আই টেষ্টিং - Assam Police

পুনৰ আহি আছে বি এম আই টেষ্ট; মেদবহুল আৰক্ষীৰ বাবে হাতত সময় আছে তিনিমাহ - BMI TEST

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.