গুৱাহাটী, ১৪ জুন: " ৰাজ্য়ৰ প্ৰত্যেকখন জিলা হাস্পতাল, চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত পূৰ্বৰে পৰা ব্লাড বেংক আছে । মহকুমা চিকিৎসালয় সমূহতো শীঘ্ৰেই কৰা হ’ব ব্লাড বেংকৰ ব্যৱস্থা ।" আজি বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে মহানগৰীত আয়োজন কৰা এক বিশেষ অনুষ্ঠানত এইদৰে মন্তব্য় কৰে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই । স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আগতে ব্লাড বেংক নাছিল, ব্লাড ষ্ট'ৰেজ আছিল । এতিয়াৰে পৰা সকলোৱে সহজে লাভ কৰিব ৰক্ত ।
শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় এই বিশেষ অনুষ্ঠানটো । উক্ত অনুষ্ঠানটোত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী কেশৱ মহন্তই পুনৰ কয় যে চৰকাৰী খণ্ডৰ লগতে বেচৰকাৰী হাস্পতালৰ ৰোগীয়েও চৰকাৰী হস্পাতালৰ পৰা লাভ কৰিব পাৰিব ৰক্ত । স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই পুনৰ কয় যে ৰক্তদান মহান দান । সকলোৱে ৰক্তদান কৰিব লাগে বুলিও তেওঁ মন্তব্য় কৰে ।
আনহাতে, ৰাজ্য়ৰ কেইবাঠাইত হোৱা কলেৰা ৰোগ সন্দৰ্ভতো মন্তব্য আগবঢ়াই তেওঁ কয় যে ডিব্ৰুগড়ত বিশেষজ্ঞ দল উপস্থিত হৈছে । এই সমগ্ৰ ঘটনাৰ পৰ্যবেক্ষণ কৰি আছে । এজন ৰাজ্য়ৰ বাহিৰৰ পৰা অহা লোকৰ পৰাই এই কলেৰা বিয়পি পৰা বুলি মন্তব্য় কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।
চাহ বাগিচাত এই ৰোগ ধৰা পৰা বুলি উল্লেখ কৰি তেওঁ কয়, "আগৰ তুলনাত কলেৰা, মেলেৰীয়া, জাপানীজ এনকেফেলাইটিছ হ্ৰাস পাইছে । এইবোৰ মষিমূৰ কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিছো ।" ইফালে, বিভিন্ন জিলা মহকুমা চিকিৎসালয়ত টেকনিচিয়ানৰ অভাৱ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে স্থানীয় টেকনিচিয়ান লোৱাৰ ব্যৱস্থা কৰা হৈছে । ঠিকাভিত্তিত টেকনিচিয়ান ল’বলৈ বাজেটত সিদ্ধান্ত লোৱা হৈছে । টেকনিচিয়ানৰ অভাৱত যদি যন্ত্ৰ অব্য়হৃত হৈ আছে তেতিয়াহ'লে এমাহৰ ভিতৰত এয়া সমাধান হ'ব বুলিও তেওঁ মন্তব্য় কৰে ।
ইফালে, চিকিৎসালয়ত ধান শুকুৱাই থকা ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "চিকিৎসালয়ত ধান শুকুৱাব নোৱাৰে । এনে ঘটনা আমাৰ দৃষ্টিগোচৰ হ’লে বাধা দিম ।" আজিৰ এই অনুষ্ঠানতেই ৰক্তদান কৰি বহু লোকৰ জীৱন ৰক্ষা কৰা কেইবাগৰাকী লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় । লগতে ৰক্তদান শিবিৰ অনুষ্ঠিত কৰি ৰক্তদান কৰা এনডিআৰএফ, এছ এছ বি,এনচিচি,১৫১ আৰ্মী হস্পাতাল আদিৰ প্ৰতিনিধিকো সম্বৰ্ধনা জ্ঞাপন কৰে অসম ৰাজ্যিক ৰক্ত সংৰচন পৰিষদে ।
অনুষ্ঠানত মন্ত্ৰী মহন্তই উল্লেখ কৰে, ‘‘বিশ্বজুৰি জৰুৰী চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা তেজৰ উপলব্ধতা সুনিশ্চিত কৰাত স্বেচ্ছামূলক ৰক্তদানৰ পদ্ধতিয়ে অতি মহত্বপূৰ্ণ ভূমিকা লৈ আহিছে । সেয়ে, সুৰক্ষিত আৰু স্বেচ্ছামূলক ৰক্তদানৰ মহত্ব আৰু জৰুৰী প্ৰয়োজনীয়তাৰ বিষয়ে জনসজাগতা বৃদ্ধিৰ সমান্তৰালকৈ জীৱনদায়িনী ৰক্তদানৰ মানৱীয় পদক্ষেপৰ বাবে বিশ্বৰ স্বেচ্ছামূলক ৰক্তদাতাসকলক ৰাজহুৱা ভাৱে কৃতজ্ঞতা জনাবলৈকে বিশ্ব স্বাস্থ্য সংস্থাৰ সিদ্ধান্ত অনুসৰি প্ৰতি বছৰে ১৪ জুনত বিশ্ব ৰক্তদাতা দিৱস সমগ্ৰ বিশ্বতে উদযাপন কৰা হয় ।’’
অসমৰ স্বেচ্ছামূলক ৰক্তদাতাসকলে ৰাজ্যখনৰ স্বাস্থ্যখণ্ডলৈ উল্লেখনীয় বৰঙণি যোগাই আহিছে বুলি দোহাৰি বিভাগীয় মন্ত্ৰীগৰাকীয়ে তেওঁলোকৰ শলাগ লোৱাৰ লগতে ৰক্তদাতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে । ৰাজ্যখনৰ চৰকাৰী আৰু ব্যক্তিগত চিকিৎসালয়সমূহত ৰোগীৰ বাবে জৰুৰীভাৱে প্ৰয়োজন হোৱা তেজৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগে ইতিমধ্যে বিশেষ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বুলি দোহাৰি স্বাস্থ্যমন্ত্ৰী মহন্তই প্ৰকাশ কৰে যে চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়সমূহৰ লগতে বিভিন্ন জিলাত থকা ব্লাডবেংক তথা ব্লাডচেণ্টাৰসমূহ অত্যাধুনিক কৰি তুলিবলৈ ৰাজ্যিক ৰক্ত সংৰচন পৰিষদৰ জৰিয়তে ব্যৱস্থা লোৱা হৈছে ।
আজিৰ ৰাজ্যিক স্তৰীয় অনুষ্ঠানত জনপ্ৰিয় চলচ্চিত্ৰ অভিনেতা কপিল বৰাই বিশেষ অতিথি হিচাপে উপস্থিত থাকি ৰক্তদাতাসকলৰ মানৱপ্ৰেম আৰু নিঃস্বাৰ্থ সেৱাৰ উচ্চ প্ৰশংসা কৰে । অনুষ্ঠানত ৰাজ্যৰ প্ৰতিখন জিলাৰ শ্ৰেষ্ঠ স্বেচ্ছামূলক ৰক্তদাতাসকলৰ লগতে প্ৰতিৰক্ষা বাহিনী আৰু কেন্দ্ৰীয় সুৰক্ষা বাহিনীসমূহৰ শ্ৰেষ্ঠ ৰক্তদাতাসকলক মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয় ।
ইফালে, আজিৰ এই অনুষ্ঠানৰ আৰম্ভণিতে স্বাস্থ্যমন্ত্ৰী মহন্তই বিশ্ব ৰক্তদাতা দিৱস উপলক্ষে আয়োজন কৰা এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে । এই শিবিৰত ভাৰতীয় সেনা, বিমান বাহিনী আৰু একাধিক কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ ভালে সংখ্যক বিষয়া-জোৱানৰ লগতে সাধাৰণ নাগৰিকেও স্বেচ্ছামূলক ৰক্তদান কৰে ।