ETV Bharat / state

অভিশপ্ত ৩০ অক্টোবৰ: গণেশগুৰিত নাই কোনো চৰকাৰী শ্ৰদ্ধাঞ্জলি অনুষ্ঠান - 30 OCTOBER BOMB BLAST

১৬ বছৰ অতিক্ৰম কৰিলে অভিশপ্ত ৩০ অক্টোবৰে । ২০০৮ চনৰ আজিৰ দিনটোৰ পৰাই বহু পৰিয়াললৈ নামি আহিছিল অন্ধকাৰ । ঘূৰি নাহিল আৰু প্ৰিয়জন ।

30 October bomb blast
অভিশপ্ত ৩০ অক্টোবৰ (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Oct 30, 2024, 12:44 PM IST

গুৱাহাটী : ২০০৮ ৰ পৰা পাৰ হৈ গ'ল ১৬ বছৰ । কেউপিনে আছিল মানুহৰ পোৰা মঙহৰ গোন্ধ । যিসকলে আপোনজন আজিৰ দিনটোত হেৰুৱাইছিল, যিসকলে আজিৰ দিনটোৰ পৰাই পংগুত্ব অৰ্জন কৰিছিল তেওঁলোকে এই ক’লা দিনটো সুঁৱৰি পাৰ পৰিছে সময় ।

কিন্তু এই দিনটোৰ কথা সকলোৱে পাহৰিছে । সময়ৰৰ লগে লগে পাহৰণি গৰ্ভলৈ গ'ল আজিৰ দিনটো । দুৰ্ভাগ্যৰ কথা যে অসমৰ ইতিহাসত ক'লা দিনৰূপে পৰিগণিত ৩০ অক্টোবৰৰ এই দিনটো ৰজাঘৰীয়াৰ লগতে পাহৰিলে দল-সংগঠনেও ।

30 October bomb blast
অভিশপ্ত ৩০ অক্টোবৰ (ETV Bharat)

এই দিনটোত প্ৰাণ হেৰুওৱাসকলৰ সোঁৱৰণত গুৱাহাটী মহানগৰীৰ গণেশগুৰিৰ উৰণ সেতুৰ তলৰ বিস্ফোৰণস্থলীত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা পালন কৰা হৈছিল শ্ৰদ্ধাঞ্জলি অনুষ্ঠান । এই অনুষ্ঠানত মন্ত্ৰী-বিধায়কসকল উপস্থিত হৈছিল । কিন্তু দুৰ্ভাগ্যৰ কথা যে এইবাৰ গণেশগুৰি উৰণসেতুৰ তলত ঘটনাস্থলীত আয়োজন কৰা নহ'ল কোনো শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ । নজ্বলিল এগছ চাকিও

লগতে পঢ়ক : পহিলা নৱেম্বৰৰ পৰা হাতীৰ পিঠিত উঠি কাজিৰঙা ফুৰিব পাৰিব পৰ্যটকে

জিলা প্ৰশাসনৰ নাম প্ৰকাশত অনিচুক এক বিষয়াই জনোৱা মতে, উৰণ সেতুৰ তলটো সংকুচিত হৈ অহাৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন নকৰিলে ।

২০০৮ চনত আজিৰ দিনটোত ক’ত ক’ত হৈছিল বোমা বিস্ফোৰণ ?

২০০৮ চনৰ দিপাৱলীৰ আনন্দৰ সময়তে সেই দিনটো অসমৰ ইতিহাসৰ বাবে এটা ক'লা দিন হিচাপে চিহ্নিত হৈছিল । গুৱাহাটী মহানগৰীৰ গণেশগুৰি, পাণবজাৰ, কাছাৰী, বৰপেটাৰোড, কোকৰাঝাৰত একেলগে ১৮ টাকৈ বিস্ফোৰণত ৮০ জনকৈ নিৰীহ লোকে প্ৰাণ হেৰুওৱাৰ লগতে চিৰদিনৰ বাবে ঘূণীয়া হৈ দুৰ্বিষহ জীৱন কটাবলগীয়া হৈছে বহুজনে । আজিও ন্যায় নাপালে ভুক্তভোগী পৰিয়ালে ।

লগতে পঢ়ক : উন্নয়নৰ নামত গছকটাৰ বিৰুদ্ধে সৰৱ গুৱাহাটীবাসী: দীঘলীপুখুৰীক সুৰক্ষাৰ দাবীত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.