ETV Bharat / state

পৰকীয়া প্ৰেমৰ বাবে বিজেপি ৱাৰ্ড মেম্বাৰৰ ঘৰত আক্ৰমণ যুৱকৰ

BJP leader of Chirang house attackd : বিজেপি নেতাৰ পৰকীয়া প্ৰেমৰ ঘটনাত উত্তপ্ত বাসুগাঁও । বাসুগাঁওস্থিত চিৰাং জিলাৰ বিজেপি সম্পাদকৰ ঘৰত আক্ৰমণ যুৱকৰ । অভিযুক্ত যুৱকজনৰ নাম শুভংকৰ মণ্ডল বুলি আৰক্ষীয়ে জনায় । বাসুগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত শুভংকৰ মণ্ডলক ।

author img

By ETV Bharat Assamese Team

Published : Feb 7, 2024, 7:11 AM IST

Chirang BJP leader house attack
পৰকীয়া প্ৰেমৰ বাবে বিজেপি ৱাৰ্ড মেম্বাৰৰ ঘৰত আক্ৰমণ যুৱকৰ
পৰকীয়া প্ৰেমৰ বাবে বিজেপি ৱাৰ্ড মেম্বাৰৰ ঘৰত আক্ৰমণ যুৱকৰ

চিৰাং, 7 ফেব্ৰুৱাৰী : চিৰাঙৰ বাসুগাঁৱত বিজেপিৰ প্ৰাক্তন জিলা সম্পাদক তথা বাসুগাঁও পৌৰসভাৰ 1 নং ৱাৰ্ডৰ মেম্বাৰ ভাস্কৰ মণ্ডলৰ বাসগৃহত আক্ৰমণ যুৱকৰ । নিশা বিজেপি নেতাজনৰ বাসগৃহত প্ৰৱেশ কৰি স্থানীয় যুৱকে ঘৰৰ আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰে বুলি জানিব পৰা গৈছে । অভিযুক্ত যুৱকজনৰ নাম শুভংকৰ মণ্ডল বুলি আৰক্ষীয়ে জনায় । বাসুগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে অভিযুক্ত শুভংকৰ মণ্ডলক ।

পৰকীয়া প্ৰেমৰ বাবেই মঙলবাৰে বিজেপি নেতা ভাস্কৰ মণ্ডলৰ বাসগৃহত আক্ৰমণ চলোৱা হয় বুলি জানিব পৰা গৈছে । সদ্য বিবাহিত বিজেপি নেতা ভাস্কৰ মণ্ডলৰ বিবাহৰ পূৰ্বৰে পৰা সমীপৰ শুভংকৰ মণ্ডলৰ পত্নী তথা এটা সন্তানৰ মাতৃৰ সৈতে আছিল প্ৰেমৰ সম্পৰ্ক আছিল বুলি অভিযুক্তই জনায়। আঘোণ মাহত বিবাহ সম্পন্ন কৰা ভাস্কৰ মণ্ডলে বিবাহৰ পিচতো এই প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল বুলি অভিযোগ শুভংকৰ মণ্ডলৰ ।

কিছুদিন পূৰ্বে ভাস্কৰ মণ্ডলে প্ৰেয়সীক এটা নতুন ম’বাইল কিনি দিছিল বুলি মণ্ডলে জনায় । শুভংকৰ মণ্ডলে বিজেপি নেতা ভাস্কৰ মণ্ডলৰ অবৈধ প্ৰেমৰ প্ৰমাণ হিচাপে হোৱাটচ্এপৰ মেছেজ সংবাদ মাধ্যমৰ আগত দেখুৱায় ।

উল্লেখ্য যে, আক্ৰমণকাৰী শুভংকৰ মণ্ডলে অভিযোগ কৰে যে ইয়াৰ আগতে বহুবাৰ ভাস্কৰ মণ্ডল এনে কাৰ্য নকৰিবলৈ সকিয়াই দিছিল । কিন্তু প্ৰেমত মচগুল ভাস্কৰে বিবাহৰ পিছতো শুভংকৰ মণ্ডলৰ পত্নীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আছিল । মঙলবাৰে পুনৰ ভাস্কৰ মণ্ডলে শুভংকৰৰ পত্নীক মেছেজ কৰাৰ সময়তে ধৰা পেলাই উত্তেজিত হৈ পৰে আৰু নিজৰ পত্নীৰ সৈতে বিজেপি নেতাজনৰ বাসগৃহত উপস্থিত হয় ।

  • " class="align-text-top noRightClick twitterSection" data="">

উত্তেজিত শুভংকৰে বিজেপি নেতা ভাস্কৰ মণ্ডলৰ বাসগৃহত আচবাব পত্ৰ ভাঙি লণ্ডভণ্ড কৰে । ঘটনাক কেন্দ্ৰ কৰি বাসুগাঁও চহৰৰ সুভাষনগৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় ।

লগতে পঢ়ক : প্ৰেমজনিত কাৰণতে ৰেডিছন ব্লুত হত্যা কৰা হৈছিল পুণেৰ হীৰা ব্যৱসায়ীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.