ETV Bharat / state

যোৰহাটত পৰাজয়ৰ পৰ্যালোচনা কৰিব বিজেপিয়ে : ক'লে কলিতাই - lok sabha election results 2024 - LOK SABHA ELECTION RESULTS 2024

Bhabesh Kalita on LS Election Results : বহু প্ৰত্যাশিত লোকসভা নিৰ্বাচনৰ ফলাফল মঙলবাৰে ঘোষণা হয় । ঘোষিত ফলাফলত পুনৰবাৰ শাসনৰ গাদী দখল কৰিছে বিজেপি নেতৃত্বাধীন এন ডি এই । অৱশ্যে নিৰ্বাচনৰ পূৰ্বে বিজেপিয়ে যি লক্ষ্য নিৰ্ধাৰণ কৰিছিল তাৰ পৰা বহু দূৰৈতে থমকি ৰ'বলগা হয় গেৰুৱা বাহিনী । অসমৰ পৰিপ্ৰেক্ষিতত ৰাজ্যিক বিজেপিৰ নিৰ্বাচনৰ পূৰ্বৰ প্ৰক্ষেপণৰ পৰা দলটো থমকি ৰৈছে । আনহাতে, বিজেপিৰ বাবে এক সন্মান ৰক্ষাৰ সমষ্টি হৈ পৰিছিল যোৰহাট সমষ্টিটো । কিয়নো কংগ্ৰেছৰ গৌৰৱ গগৈৰ বিৰুদ্ধে সমগ্ৰ চৰকাৰখন উঠি-পৰি লাগিছিল । কিন্তু ফলাফল তাৰ ওলোটা হয় । যোৰহাটৰ পৰাজয়ক কেনেদৰে গ্ৰহণ কৰিছে বিজেপিয়ে ?

Bhabesh Kalita on LS Election Results
নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভৱেশ কলিতাৰ সংবাদমেল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 4, 2024, 10:13 PM IST

গুৱাহাটী, ৪ জুন : লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতে মঙলবাৰে সন্ধিয়া বিজেপিৰ সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ মুখামুখি হয় । গুৱাহাটীৰ বাজপেয়ী ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ভৱেশ কলিতাই এই ফলাফলৰ বাবে অসমৰ জনতাক ধন্যবাদ জ্ঞাপন কৰে ।

নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত ভৱেশ কলিতাৰ সংবাদমেল (ETV Bharat Assam)

আনহাতে, বৰ্তমান সময়ত ৰাজ্যৰ সৰ্বত্ৰে চৰ্চিত হৈ আছে যোৰহাট লোকসভা সমষ্টিৰ প্ৰসংগ । কিয়নো যোৰহাটত কংগ্ৰেছ প্ৰাৰ্থী গোৰৱ গগৈক পৰাস্ত কৰিবলৈ সৰ্বশক্তি প্ৰদান কৰিছিল ৰাজ্যিক বিজেপিয়ে । মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি প্ৰতিগৰাকী বিজেপিৰ নেতা-কৰ্মীয়ে ৰপালৰ ঘাম মাটিত পেলাইছিল । কিন্তু ফলাফল তাৰ বিপৰীত হয় ।

লগতে পঢ়ক :গৌৰৱময় যোৰহাট, গৌৰৱান্বিত কংগ্ৰেছ কৰ্মী - Lok Sabha Election Results 2024

যোৰহাটত পৰাজয় সন্দৰ্ভতো মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই । তেওঁ কয়, "যোৰহাট সমষ্টিত সন্দৰ্ভত কাইলৈ পৰ্যালোচনা কৰা‌ হ'ব । অসমত আমি যিদৰে আশা কৰিছিলো, সেইমতে ফলাফল পাইছো ।" তেওঁ লগতে কয়, "যোৱা বছৰ আমি ৯ খন আসন পাইছিলো । এইবাৰ আমি ১১ খন পালো । যোৰহাটত বেয়া হ'ল, অলপ বেয়া লাগিছে । যোৰহাটত পৰাজয়ৰ কাৰণে কাকো দোষাৰোপ নকৰো । যোৰহাটত কি কাৰণে আমাৰ প্ৰাৰ্থীজন পিছ পৰিল সেই বিষয়ে আমি চিন্তন বৈঠক অনুষ্ঠিত কৰি পুংখানুপুংখভাৱে আলোচনা কৰিম ।"

লগতে পঢ়ক :অসমৰ নিৰ্বাচনী যুঁজৰ ফলাফল : নগাঁৱত প্ৰদ্যুৎ, কোকৰাঝাৰত জয়ন্তৰ জয় - LOK SABHA ELECTION RESULTS 2024

তেওঁ লগতে কয় যে যোৰহাট সমষ্টিত বিজেপিয়ে কিয় পৰাজয়বৰণ কৰিবলগা হ'ল সেই বিষয়ে বুথ পৰ্যায়লৈকে আলোচনা কৰা হ'ব । কিন্তু ২০২৬ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত বিধানসভাসমূহত ফলাফল ভাল হ'ব বুলিও দৃঢ়তাৰে তেওঁ কয় ।

"এইবাৰ আমি কাজিৰঙা আৰু বৰপেটা কংগ্ৰেছৰ হাতৰ পৰা আনিবলৈ সক্ষম হৈছো । লগতে কোকৰাঝাৰৰ আসনখন আমাৰ মিত্ৰদল ইউ পি পি এলে লাভ কৰিবলৈ সক্ষম হৈছে । ২০২৬ চনত বিজেপিয়ে ১০০ + আসন লাভ কৰিব ।" তেওঁ লগতে কয় ।

লোকসভা নিৰ্বাচনৰ ফলাফলৰ অধিক বা-বাতৰিৰ বাবে ক্লিক কৰক :

https://www.etvbharat.com/en/!elections/election-2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.