ETV Bharat / state

বিজেপিৰ দলীয় কাৰ্যসূচী নে সংঘাতৰ আলোচনা : মুখ্যমন্ত্রীৰে ৰাজ্যিক সভাপতিৰ ৰুদ্ধদ্বাৰ বৈঠক - Conflict in BJP

author img

By ETV Bharat Assamese Team

Published : Jul 12, 2024, 5:08 PM IST

CM Himanta Biswa Sarma : বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ মাজত কি বিষয়ক লৈ চলিল আলোচনা ? দলীয় অন্তঃকন্দলে ভয়ংকৰ ৰূপ লোৱাৰ সময়তেই ৰুদ্ধদ্বাৰ বৈঠক কিয় অনুষ্ঠিত হ'ল ?

State BJP president
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা (ETV BHARAT ASSAM)

গুৱাহাটী, ১২ জুলাই : ৰাজ্যিক বিজেপিত দলীয় অন্তঃকন্দলে লৈছে ভয়ংকৰ ৰূপ । উজনিৰ দুজনকৈ শক্তিশালী আহোম নেতাই বিজেপি ত্যাগ কৰাৰ লগতে কেইবাগৰাকী জ্যেষ্ঠ নেতাই দল ত্যাগৰ হুংকাৰ দিয়াত স্বাভাৱিকতে বিজেপিৰ ভিতৰচ'ৰাৰ অস্থিৰতাই বিৰাজ কৰিছে । ইফালে, দলৰ এই অস্থিৰতাক লৈ উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । যাৰ পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ সৈতে মুখ্যমন্ত্রীৰ ৰুদ্ধদ্বাৰ বৈঠক অনুষ্ঠিত হৈছে ।

অৱশ্যে এই বৈঠকৰ কাৰণ সন্দৰ্ভত দলীয়ভাৱে কোনো কথা সদৰী কৰা হোৱা নাই যদিও পৰিস্থিতিয়ে দলৰ ভিতৰচ'ৰাত দেখা দিয়া অস্থিৰতা সন্দৰ্ভতে অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে । প্ৰথমতে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্রীৰ চৰকাৰী বাসভৱনলৈ গৈছিল যদিও পাচত মুখ্যমন্ত্রী আৰু ভৱেশ কলিতা জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কাৰ্যালয়লৈ আহে । মুখ্যমন্ত্রীৰ কাৰ্যালয় লোকসেৱা ভৱনত মুখ্যমন্ত্রী আৰু ৰাজ্যিক সভাপতিগৰাকীৰ এক দীঘলীয়া বৈঠকত মিলিত হয় । বৈঠকত দলীয় সংঘাত কিদৰে দূৰ কৰিব পৰা যায় সেই সন্দৰ্ভত আলোচনা হোৱাৰে সম্ভাৱনা বেছি । কাৰণ শেহতীয়াকৈ কেইবাজনো বিজেপিৰ জ্যেষ্ঠ নেতাই দল এৰা সিদ্ধান্ত লোৱাত উদ্বিগ্ন হৈ পৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

আনহাতে, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ইতিমধ্যে সদৰী কৰিছে যে বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব । ইয়াত দলৰ প্ৰাক্তন সাংসদ থকাৰ কথাও ভূপেন বৰাই সদৰী কৰিছিল । তেনে পৰিপ্ৰেক্ষিতত দলীয় নেতৃত্বৰ শংকা হোৱাটো স্বাভাৱিক । ইফালে, বৃহস্পতিবাৰে উজনি অসমৰ দুজন শক্তিশালী আহোম নেতাই আকস্মিকভাৱে বিজেপি ত্যাগ কৰাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অবিভক্ত শিৱসাগৰ জিলা বিজেপিৰ প্ৰাক্তন সভাপতি ভবেন্দ্ৰ নাথ মহন আৰু শদিয়া জিলা বিজেপিৰ সভাপতি তথা ধেমাজি জিলাৰ সহঃ প্ৰভাৰী যুধিষ্ঠিৰ গগৈয়ে পদত্যাগ কৰাক লৈ শাসকীয় দলটোৰ বাহিৰে-ভিতৰে ব্যাপক আলোড়নৰ সৃষ্টি হৈছে ।

লগতে পঢ়ক: আগষ্টত কংগ্ৰেছে দিব চমক ! বিজেপি-অগপৰ কোনে কোনে যোগ দিব কংগ্ৰেছত ?

সেইদৰে বিজেপিৰ পুৰণি নেতা, আৰ এছ এছ কৰ্মী তথা নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, পূৰ্বতে কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া, মানছিং ৰংপি আদিয়ে বিজেপি ত্যাগ কৰাৰ বাবে সাজু হৈছে । তদুপৰি কংগ্ৰেছ এৰি বিজেপিলৈ যোৱা ৰাণা গোস্বামী, মানস বৰাৰ দৰে নেতায়ো পুনৰ কংগ্ৰেছলৈ ঘূৰি অহাৰ চৰ্চা চলিছে । আনহাতে, বিজেপি ত্যাগ কৰিব বুলি চৰ্চাত থকা আন এটা নাম হৈছে ৰাজেন গোহাঁই । দলৰ প্ৰাক্তন সাংসদগৰাকীয়ে সময়ে সময়ে দলীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰি আহিছে ।

লগতে পঢ়ক: অসমকে ধৰি ১৬ ৰাজ্যৰ মুখ্য সচিব-বিত্ত সচিবক চমন জাৰি উচ্চতম ন্যায়ালয়ৰ

নতুন আৰু পুৰণিৰ সংঘাত ৰাজ্যিক বিজেপিত নতুন নহয় । প্ৰায়ে ইয়াৰ উকমুকনি দেখিবলৈ পোৱা যায় । এনেদৰে বহু কেইজন নেতাই বিজেপি ত্যাগ কৰাৰ চৰ্চা চলি আছে । যাক লৈ শাসকীয় দলটোৰ আভ্যন্তৰত ব্যাপক জোঁকাৰণিৰ সৃষ্টি হৈছে । সন্মুখত পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ উপৰি পঞ্চায়ত নিৰ্বাচন আছে । তদুপৰি ২০২৬ ত আছে বিধানসভা নিৰ্বাচন । তেনে প্ৰেক্ষাপটত দলৰ ভিতৰচ'ৰাত দেখা দিয়া অস্থিৰতাই মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাক উদ্বিগ্ন কৰি তুলিছে ।

দলত দেখা দিয়া এই সংঘাত সন্দৰ্ভত আজি মুখ্যমন্ত্ৰী আৰু ভৱেশ কলিতাৰ মাজত বৈঠক অনুষ্ঠিত হোৱা বুলি ধাৰণা কৰা হৈছে । ইফালে, দলত শেহতীয়াকৈ দেখা দিয়া পৰিস্থিতি সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই সংবাদ মাধ্যমৰ আগত কয় যে দল আৰু চৰকাৰৰ বিভিন্ন বিষয় সন্দৰ্ভত মুখ্যমন্ত্রীৰে কেইবাবাৰো আলোচনা হৈছে । আজিও দলীয় কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্রীৰ সৈতে দীঘলীয়া আলোচনা হয় । দলৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা আগষ্টত অনুষ্ঠিত হ'ব । ইয়াৰ লগতে উপ-নিৰ্বাচন সন্দৰ্ভত আলোচনা কৰা হৈছে । জ্যেষ্ঠ নেতাই দল ত্যাগ কৰাৰ চৰ্চা সন্দৰ্ভত তেওঁ কয় যে কোনো জ্যেষ্ঠ নেতাই দল সলনি কৰাৰ কথা অহা নাই । দুই-এজনৰ মাজতে অসন্তুষ্টি আছে । যিসকলে বিজেপিক মনে-প্ৰাণে ভাল পায় তেওঁলোকে দল ত্যাগৰ চিন্তা-চৰ্চা নকৰে । কাৰোবাৰ কিবা থাকিলে সেয়া ব্যক্তিগত কথা বুলি উল্লেখ কৰি তেওঁ কয় যে জনসংঘ কোনেও জন্ম দিব নোৱাৰে । জনসংঘ জন্ম দিছিল শ্যামাপ্ৰসাদ মুখাৰ্জী, দীনদয়াল উপাধ্যায়, অটল বিহাৰী বাজপেয়ী আদি নেতাই । জনসংঘই ভাৰতীয় জনতা পাৰ্টি ।

লগতে পঢ়ক: আস্থা হেৰুৱাইছে এ আই ইউ ডি এফৰ নেতাসকলে; নেতা সলনিৰ ইংগিত বদৰুদ্দিন আজমলৰ

ইপিনে, বিজেপিৰ পৰা নেতা কংগ্ৰেছলৈ যোৱাৰ প্ৰসংগত তেওঁ লগতে কয় যে বিজেপিলৈ অহাৰ বাবে কংগ্ৰেছৰ বহুজনে যোগাযোগ কৰি আছে । তেওঁ স্পষ্টভাৱে কয় যে বলীন চেতিয়াই কেতিয়াও দল এৰি নাযায় । আনহাতে, বিজেপিৰ জ্যেষ্ঠ নেতা অশোক শৰ্মাৰ প্ৰসংগত তেওঁ কয় যে অশোক শৰ্মাই নিজেই নিজৰ সিদ্ধান্ত ল'ব । সংবাদ মাধ্যমত চৰ্চিত হৈ থকা নামৰ ক্ষেত্রত তেওঁ সকলো ভিত্তিহীন বুলি আখ্যা দিয়ে । তেওঁৰ মতে, দলত কোনো সংঘাত নাই । তেওঁ লগতে কয় যে কাৰোবাৰ অসন্তুষ্টি থাকিলে যাব পাৰে । দুৱাৰ খোলা আছে । দলটো কাৰো ব্যক্তিগত নহয় বুলি তেওঁ কয় ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.