গুৱাহাটী, ২০ ছেপ্টেম্বৰ: কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল বিজেপিৰ । শুকুৰবাৰে বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ মহানগৰ জিলা সমিতিৰ এটা প্ৰতিনিধি দলে দিছপুৰ থানাত কংগ্ৰেছ নেতা তথা লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ।
কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে ভূমিপুত্ৰ অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতি, জনগোষ্ঠীৰ সন্দৰ্ভত বিভাজনকাৰী আৰু উচটনিমূলক বক্তব্যৰে বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ মাজত সংশয়, বিভাজন আৰু অবিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ মহানগৰ জিলা সমিতিয়ে ৷
এই অভিযোগৰ ভিত্তিতেই ৰাহুল গান্ধীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে সমিতিখনে । এই সন্দৰ্ভত বিজেপিৰ অনুসূচীত জাতি মৰ্চাৰ মহানগৰ জিলা সমিতিৰ সভাপতি ভৃগু দাসে কয়, ‘‘কিছুদিনৰ পূৰ্বে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আমেৰিকাত আৰু দেশৰ বিভিন্ন স্থানত অনুসূচিত জনজাতি, অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতি, জনগোষ্ঠী সন্দৰ্ভত বিভিন্ন ধৰণৰ বিভাজনকাৰী তথা উচটনিমূলক বক্তব্যৰে ৰাজ্য তথা দেশৰ বিভিন্ন জাতি, জনগোষ্ঠীৰ মাজত সংশয়, বিভাজন আৰু জাতি, জনগোষ্ঠীসমূহৰ মাজত সংঘাত সৃষ্টি কৰিছে ।’’
‘‘ৰাহুল গান্ধীয়ে সংবিধান প্রদত্ত অনুসূচিত জাতি, জনগোষ্ঠী আৰু অন্যান্য পিছপৰা জনগোষ্ঠীসমূহৰ সংৰক্ষণ ব্যৱস্থা বাতিল কৰিম বুলি হুংকাৰ প্ৰদান কৰি ভূমিপুত্ৰসকলক অপমান কৰিছে আৰু তেওঁলোকৰ মাজত শংকাৰ সৃষ্টি কৰিছে । যাৰ বাবে আজি এই সন্দৰ্ভত ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি বিহীত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি দাবী জনাইছো ।’’ তেওঁ লগতে উল্লেখ কৰে ৷
আনহাতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ বিৰুদ্ধে একেটা অভিযোগত কৰিমগঞ্জ সদৰ আৰক্ষী থানাতো গোচৰ ৰুজু । কৰিমগঞ্জ জিলা অনুসূচিত জাতি মৰ্চাই তৰিছে এই গোচৰ । ৰাজ্যিক অনুসূচিত জাতি মৰ্চাৰ সভানেত্ৰী মুন স্বৰ্ণকাৰৰ নেতৃত্বত এই গোচৰ দাখিল কৰা হৈছে ।