ETV Bharat / state

শৃংখল চলিহাৰ বিৰুদ্ধে ৰুজু কৰা গোচৰ প্ৰত্যাহাৰ গৌৰৱ সোমানীৰ: দেহৰক্ষী প্ৰদান সোমানীক - FIR against Shrinkhal Chaliha

author img

By ETV Bharat Assamese Team

Published : Aug 20, 2024, 1:02 PM IST

Case against Shrinkhal Chaliha: শৃংখল চলিহাৰ বিৰুদ্ধে ১৮ আগষ্টত দিছপুৰ থানাত ৰুজু কৰা হৈছিল এক গোচৰ ৷ গৌৰৱ সোমানী নামৰ এজন বিজেপি নেতাই গুৱাহাটীত ৰুজু কৰে এই গোচৰটো । ইয়াৰ পিচতেই আলফা স্বাধীনৰ ভাবুকি ।

Veer Lachit Sena
শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া এজাহাৰ প্ৰত্য়াহাৰ (ETV Bharat Assam)

গুৱাহাটী, ২০ আগষ্ট: অৱশেষত কট্টৰ জাতীয়তাবাদী যুৱনেতা শৃংখল চলিহাৰ বিৰুদ্ধে দিছপুৰ থানাত দাখিল কৰা গোচৰ প্ৰত্যাহাৰ কৰিলে বিজেপি নেতা গৌৰৱ সোমানীয়ে । আলফা স্বাধীনৰ ভাবুকিৰ পিচতেই শৃংখল চলিহাৰ বিৰুদ্ধে দিয়া এজাহাৰ প্ৰত্য়াহাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বিজেপি নেতাগৰাকীয়ে ৷ উল্লেখ্য় যে ১৭ আগষ্টত শৃংখল চলিহাই শিৱসাগৰত কৰা এক মন্তব্যৰ বিৰুদ্ধে দিছপুৰ আৰক্ষী থানাত যোৱা ১৮ আগষ্টত গৌৰৱ সোমানীয়ে দাখিল কৰিছিল এই গোচৰ।

দিছপুৰ আৰক্ষীলৈ পত্ৰ গৌৰৱ সোমানীৰ :

ইতিমধ্যে এই গোচৰটো অনলাইন ব্যৱস্থাৰে শিৱসাগৰ আৰক্ষীলৈ হস্তান্তৰ কৰিছিল মহানগৰ আৰক্ষীয়ে । ইয়াৰ পিচতেই তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল আলফা স্বাধীনে । তাৰ পিচতেই দিছপুৰ আৰক্ষীলৈ পত্ৰ লিখি গোচৰ প্ৰত্যাহাৰ কৰিলে গৌৰৱ সোমানীয়ে ৷

আলফা স্বাধীনৰ প্ৰতিক্ৰিয়া :

১৭ আগষ্টত শৃংখল চলিহাই শিৱসাগৰত কৰা এক মন্তব্যৰ বিৰুদ্ধে গৌৰৱ সোমানী নামৰ এজন প্ৰাক্তন কংগ্ৰেছী আৰু বৰ্তমানৰ বিজেপি নেতাই তৰা গোচৰ অনতিপলমে উঠাই ল'বলৈ দাবী কৰিছিল আলফা স্বাধীনে ৷

গৌৰৱ সোমানীয়ে গোচৰ ৰুজু কৰাৰ পিচতেই আলফা স্বাধীনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত উল্লেখ কৰি কয়," বুৰঞ্জীপ্ৰসিদ্ধ শিৱসাগৰ চহৰৰ মাজমজিয়াত বহিৰাগত বণিকগোষ্ঠীৰ একাংশ দুৰ্বৃত্তই এগৰাকী থলগিৰি যুৱতীক যোৱা ইংৰাজী ১৩ আগষ্ট ২০২৪ তাৰিখে যি বৰ্বৰ শাৰীৰিক নিৰ্যাতন চলালে তাৰ বিৰুদ্ধে একাংশ দল-সংগঠনৰ লগতে থলগিৰি জনগণে যি গণতান্ত্ৰিক প্ৰতিবাদ আৰু দাবী সাব্যস্ত কৰিছে সেয়া থলগিৰি জনগণৰ নৈতিক অধিকাৰ ৷ উক্ত অধিকাৰক ভেঙুচালি কৰি প্ৰতিবাদকাৰী নেতা শৃংখল চলিহাৰ বিৰুদ্ধে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত গৌৰৱ সোমানী নামৰ যিগৰাকী বহিৰাগতই গোচৰ তৰিছে ৷ সেই গৰাকী গৌৰৱ সোমানীয়ে অনতি পলমে সেই গোচৰ উঠাই লওক ৷ যদিহে উক্ত গোচৰ উঠাই নলয় আৰু অসম আৰক্ষীয়ে সেই গোচৰৰ অধীনত শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰে তেন্তে অসমত এক বিষম পৰিস্থিতিৰ উদ্ভৱ হ’ব ৷ এগৰাকী বহিৰাগত গৌৰৱ সোমানীৰ বাবে সমগ্ৰ বহিৰাগতই তাৰ পৰিণাম ভুগিব লাগিব আৰু তাৰ বাবে অসম আৰক্ষী-প্ৰশাসনেই জগৰীয়া হ’ব ৷"

গৌৰৱ সোমানীৰ নিৰাপত্তা বৃদ্ধি :

আলফা স্বাধীনৰ ভাবুকিৰ পিচতেই শৃংখল চলিহাৰ বিৰুদ্ধে তৰা গোচৰ প্ৰত্য়াহাৰ কৰাত গোচৰীয়া গৌৰৱ সোমানীৰ নিৰাপত্তা কটকটীয়া কৰা হৈছে । মঙলবাৰে অসম আৰক্ষীৰ এক সূত্ৰই এই কথা সদৰী কৰিছে ।

লগতে পঢ়ক:শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰিলে উদ্ভৱ হ'ব বিষম পৰিস্থিতিৰ : আলফাৰ হুমকি - FIR against Shrinkhal Chaliha

উচটনিমূলক মন্তব্য দিয়াৰ অভিযোগত দিছপুৰত গোচৰ: পুনৰ জে'ললৈ যাবলৈ সাজু শৃংখল - FIR against Shrinkhal Chaliha

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.