ETV Bharat / state

ৰাজ্যত নাই বিদ্যুতৰ পৰ্যাপ্ত উৎপাদন: বাহিৰা উৎসইহে পূৰণ কৰিছে অসমৰ চাহিদা - APDCL increases electricity tariffs

author img

By ETV Bharat Assamese Team

Published : Sep 10, 2024, 9:03 PM IST

Electricity tariffs hike: ৰাইজক শাসনলৈ অহাৰ পূৰ্বে বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি দিছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগানৰ ৷ পিচে শাসনলৈ অহাৰ পিছত যেন চৰকাৰে পাহৰিলে নিজৰ প্ৰতিশ্ৰুতি ৷ এফালে বিদ্যুৎ মাচুল বৃদ্ধি আনফালে বিদ্যুতৰ লুকাভাকু ৷ শক্তি বিভাগৰ শক্তিহীনতাত অতিষ্ঠ ৰাইজ ৷

Electricity tariffs hike
Representative image (ETV Bharat)

গুৱাহাটী, ১০ ছেপ্টেম্বৰ: বিজেপি চৰকাৰৰ প্ৰতিশ্ৰুতি আছিল ২৪ ঘণ্টাই বিদ্যুৎ যোগান ধৰাৰ । কিন্তু ইয়াৰ বিপৰীতে বৰ্তমান সময়ত এফালে স্মার্ট মিটাৰৰ অত্যধিক মাচুলৰ অভিযোগ আৰু আনফালে বিদ্যুতৰ সঘন লুকাভাকুত অতিষ্ঠ সাধাৰণ জনতা । বিধানসভাত চৰকাৰীভাৱে দিয়া তথ্য অনুসৰি বৰ্তমান সময়ত ৰাজ্যখনত দৈনিক পিক আৱাৰত বিদ্যুতৰ চাহিদা হ'ল ২২০০ মেগাৱাটৰ পৰা ২৬২৮ মেগাৱাট পর্যন্ত । কিন্তু শুনিবলৈ আচৰিত যেন লাগিলেও এই চাহিদাৰ বিপৰীতে অসমৰ নিজা বিদ্যুৎ উৎপাদন হৈছে মাত্ৰ ৩৫৫ মেগাৱাট ।

অসমৰ ক'ত কিমান বিদ্যুৎ উৎপাদন হয় ?

চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ ছটা বিদ্যুৎ উৎপাদন প্ৰকল্পৰ পৰা বিদ্যুৎ উৎপাদন হয় । সেই অনুসৰি লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ৬০ মেগাৱাট, লাকুৱা ৰিপ্লেচমেন্ট শক্তি প্ৰকল্পৰ যোগেদি ৬৯ মেগাৱাট, নামৰূপ তাপ বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ২০ মেগাৱাট, নামৰূপ ৰিপ্লেচমেণ্ট শক্তি প্ৰকল্পৰ জৰিয়তে ৯৮ মেগাৱাট, কার্বি লাম্পি জল বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ১০০ মেগাৱাট আৰু মিনট্ৰিয়াং ক্ষুদ্র জল বিদ্যুৎ প্ৰকল্পৰ জৰিয়তে ৮ মেগাৱাট বিদ্যুৎ উৎপাদন হয় । কিন্তু ৰাজ্যখনত দৈনিক যিমান পৰিমাণৰ বিদ্যুৎ লাগে তাৰ তুলনাত নিজাকৈ উৎপাদিত বিদ্যুতৰ পৰিমাণ হৈছে এপাচি শাকত এটা জলকীয়াৰ দৰে । যাৰ বাবে প্ৰতিদিনেই আন উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰিবলগীয়া হৈছে ।

বাহিৰা উৎসৰ পৰা ৰাজকোষৰ ধন ব্যয় কৰি বিদ্যুতৰ চাহিদা পূৰণ:

বিদ্যুতৰ চাহিদা পূৰণৰ ক্ষেত্ৰত আগতীয়াকৈ চুক্তি নকৰি মুকলি বজাৰৰ পৰা বিদ্যুৎ কিনিব লগীয়া হোৱাত ৰাজকোষৰ পৰা অধিক ধন ওলাই গৈছে । যাৰ বাবে লোকচান পূৰণ কৰিবলৈ শক্তি বিভাগে বিদ্যুতৰ মাচুল বৃদ্ধি কৰি জনতাক ৰাম টাঙোন শোধাবালৈ ধৰিছে । লক্ষণীয় বিষয় যে পিক-আৱাৰত বিদ্যুৎ ক্ৰয় কৰাৰ নামত শক্তি বিভাগে ৰহস্যজনকভাৱে অধিক দামতো বিদ্যুৎ ক্ৰয় কৰি আহিছে ।

শক্তি বিভাগে প্ৰতি ইউনিটত বিদ্যুৎ ইউনিটত সৰ্বাধিক ৮.৭৮ টকাকৈ ক্ৰয় কৰাৰো তথ্য আছে । বৰ্তমান সময়ত শক্তি বিভাগে মুঠ ২৯ টা উৎসৰ পৰা বিদ্যুৎ ক্ৰয় কৰে । এই ক্ৰয়ৰ নিৰিখ হৈছে এনে ধৰণৰ-

  • নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পৰা প্ৰতি ইউনিট বিদ্যুৎ ক্ৰয় কৰে ২.১২ টকাকৈ
  • নীপকোৰ কপিলী জলবিদ্যুৎ প্ৰকল্প-২১ৰ পৰা প্ৰতি ইউনিটত ২.১৮ টকা
  • ৰঙানদী প্ৰকল্পৰ পৰা ২.৬৩ টকা, থানডং প্ৰকল্পৰ পৰা ২ টকা
  • পাবে প্ৰকল্পৰ পৰা ৫.৩১ টকা
  • কামেং প্ৰকল্পৰ পৰা ৪.০১ টকা
  • অ' টি পি চিৰ পালাটানা গেছ প্লাণ্টৰ পৰা ৩.৪৪ টকা
  • এন টি পি চিৰ তালচেৰা ছুপাৰ থাৰ্মেল পাৱাৰ ষ্টেশ্যন-১১ৰ পৰা প্ৰতি ইউনিটত ২.৮৯ টকা
  • ছ'লাৰ এনাৰ্জি কর্পৰেশ্যন অৱ ইণ্ডিয়াৰ পৰা ২.৭২ টকা
  • মহেশ্বৰী পাৱাৰৰ পৰা ৩.১৯ টকা
  • জেকশ্যন পাৱাৰৰ পৰা প্ৰতি ইউনিটত ৩.৯৮ টকা
  • সূর্যতাপ এনাৰ্জি নামৰ কোম্পানীটোৰ পৰা প্ৰতি ইউনিটৰ বিপৰীতে ৮.৭৮ টকা
  • আছাম গেছ বেচ পাৱাৰ প্ৰজেক্টৰ পৰা প্ৰতি ইউনিটত ৭.৬৯ টকা
  • আগৰতলা গেছ টাৰ্বাইন ক্ল'জ চাইকেল প্ৰজেক্টৰ পৰা প্ৰতি ইউনিটত ৭.৩৪ টকাকৈ বিদ্যুৎ ক্ৰয় কৰে

মাচুল বৃদ্ধি আৰু স্মাৰ্ট মিটাৰক লৈ অভিযোগ :

বিগত পহিলা জুলাইৰ পৰা শক্তি বিভাগে মাচুল বৃদ্ধি কৰাৰ উপৰি অতিৰিক্তভাৱে প্ৰতিমাহে ৭০ টকাকৈ ফিক্সড চার্জ সংগ্ৰহ কৰিছে । ইফালে স্মার্ট মিটাৰৰ নামত ৰাজ্যত শক্তি বিভাগে লুণ্ঠন চলোৱাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন দল-সংগঠন আৰু উপভোক্তাই প্ৰতিবাদ স‍াব্যস্ত কৰি আহিছে । পূৰ্বৰ মিটাৰসমূহৰ বিপৰীতে বৰ্তমানৰ স্মাৰ্ট মিটাৰত মাচুল দুই-তিনি গুণ বৃদ্ধি পোৱাৰ অভিযোগত ৰাজ্যত স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ । কিন্তু চৰকাৰখনে জনতাৰ ক্ষোভৰ প্ৰতি অলপো গুৰুত্ব নিদি স্মাৰ্ট মিটাৰৰ যোগেদি মাচুল হ্ৰাস পোৱা বুলিছে প্ৰচাৰ চলাই আছে ।

বিদ্যুৎ সেৱা সংযোগৰ মাচুল বৃদ্ধিৰ প্ৰস্তাৱ এ পি ডি চি এলৰ :

স্মার্ট মিটাৰৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে এইবাৰ বিদ্যুৎ সেৱা সংযোগৰ মাচুল বৃদ্ধি কৰাৰো প্ৰস্তুতি চলোৱা হৈছে । এনে প্ৰস্তুতি সম্পূর্ণ হ'লেই অচিৰেই ৰাজ্যৰ বিদ্যুৎ সেৱা সংযোগৰ মাচুল বৃদ্ধি পাব । ইতিমধ্যে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে বিদ্যুৎ সেৱা সংযোগৰ মাচুল বৃদ্ধি কৰিবলৈ ১৮ জুলাইত অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এক প্ৰস্তাৱ দাখিল কৰিছে । এই অনুসৰি এতিয়াৰে পৰা কোনো গ্ৰাহকে নতুনকৈ ত্ৰিশ কিলোৱাটৰ ওপৰত বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে বৰ্তমানৰ তুলনাত দুগুণ মাচুল আদায় দিব লাগিব ।

সেইদৰে বাণিজ্যিকভাৱে কোনোবাই ত্ৰিশ কিলোৱাটৰ ওপৰত বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে বৰ্তমানৰ ১০,৫০০ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ২১ হেজাৰ টকা । ৰাজহুৱা পানী যোগান ব্যৱস্থাৰ বাবে বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে বৰ্তমানৰ ২৪,৫০০ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ৪৯ হেজাৰ টকা ৷ ত্ৰিশ কিলোৱাটৰ ওপৰত কোনো শিক্ষা প্ৰতিষ্ঠানে বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে বৰ্তমানৰ ৯ হেজাৰ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ১৮ হেজাৰ টকা ৷

আন আন ক্ষেত্ৰত ত্ৰিশ কিলোৱাটৰ ওপৰত বিদ্যুৎ সংযোগ কৰিব বিচাৰিলে বৰ্তমানৰ ২৪,৫০০ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ৪৯ হেজাৰ টকা ৷ ক্ষুদ্ৰ উদ্যোগে ত্ৰিশ কিলোৱাটৰ ওপৰত বিদ্যুৎ সংযোগ ল'ব বিচাৰিলে বৰ্তমানৰ ১১ হেজাৰ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ২২ হেজাৰ টকা ৷ পঞ্চাশ কে ভি এৰ পৰা ১৫০ কে ভি এৰ ভিতৰত বিদ্যুৎ সংযোগ ল'ব বিচৰা উদ্যোগে বৰ্তমানৰ ১১,৫০০ টকাৰ পৰিৱৰ্তে আদায় দিব লাগিব ২৩ হেজাৰ টকা ৷ ১৫০ কে ভি এৰ ওপৰত বিদ্যুৎ সংযোগ ল'ব বিচৰা উদ্যোগে আদায় দিব লাগিব বৰ্তমানৰ ২১,৫০০ টকাৰ পৰিৱৰ্তে ৪৩ হেজাৰ টকা ।

প্ৰতিটো ক্ষেত্ৰতে সংযোগ মাচুল বৃদ্ধি কৰা হৈছে । এয়া অকল সেৱা সংযোগ মাচুলহে । ইয়াৰ লগত ধাৰ্য কৰিবলগীয়া কৰসমূহ হ'ব সুকীয়া । অর্থাৎ প্ৰস্তাৱিত এনে সেৱা সংযোগৰ লগত কৰ আদি সংলগ্ন হ’লে সংযোগ মাচুল আৰু বেছি হ'ব । এই লৈয়ে অসম শক্তি বিতৰণ কোম্পানী লিমিটেডে অসম বিদ্যুৎ নিয়ামক আয়োগৰ ওচৰত এনেধৰণৰ বিদ্যুৎ সেৱা সংযোগৰ বৰ্ধিত মাচুলৰ এক প্ৰস্তাৱ দাখিল কৰিছে ।

লগতে পঢ়ক: অতিষ্ঠ গ্ৰাহক: কুঠাৰেৰে কোবাই কোবাই ভাঙি পেলালে স্মাৰ্ট মিটাৰ - Assam smart meter controversy

সঘন লোডশ্বেডিঙত অতিষ্ঠ জনতা; গড়ে ২৩ ঘণ্টাই বিদ্যুৎ যোগানৰ দাবী মুখ্যমন্ত্ৰীৰ - APDCL

গ্ৰাহকক সৰিয়হ ফুল দেখুৱাইছে APDCL এ - Excessive electricity bill

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.