ETV Bharat / state

তেজপুৰত বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মনোনয়ন পত্ৰ দাখিল - Ranjit Dutta files nomination

Ranjit Dutta files nomination : শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে ৷ ৰাইজে তেওঁক বিপুল সংখ্যক ভোট দি নিৰ্বাচিত কৰাৰ দাবী প্ৰাৰ্থীগৰাকীৰ ৷

author img

By ETV Bharat Assamese Team

Published : Mar 27, 2024, 4:15 PM IST

RANJIT DUTTA FILES NOMINATION
বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তৰ মনোনয়ন পত্ৰ দাখিল

তেজপুৰ, ২৭ মাৰ্চ: বুধবাৰে মনোনয়ন পত্ৰ দাখিল কৰে শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি দলৰ প্ৰাৰ্থী ৰঞ্জিত দত্তই । মনোনয়ন পত্ৰ দাখিলৰ পূৰ্বে তেজপুৰৰ জয়মতী খেলপথাৰত এক বিশাল নিৰ্বাচনী সভা অনুষ্ঠিত কৰা হয় । মনোনয়ন পত্ৰ দাখিল কৰি প্ৰাৰ্থী দত্তই সগৌৰবৰে কয় যে, ৰাইজে তেওঁক বিপুল সংখ্যক ভোট দি নিৰ্বাচিত কৰিব ।

তেওঁক এই মনোনয়ন দাখিল যাত্ৰাত মন্ত্ৰী অশোক সিংহল, সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, অগপৰ জ্যেষ্ঠ নেতসকলে সংগ দিয়ে ৷ জয়মতী খেলপথাৰৰ পৰা সহস্ৰাধিক কৰ্মী-সমৰ্থকৰ সৈতে সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে ৰঞ্জিত দত্তই । বিজেপিৰ প্ৰাৰ্থীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা, মন্ত্ৰী অশোক সিংহল আৰু জয়ন্ত মল্লবৰুৱাই ।

আনহাতে তেজপুৰৰ জয়মতী পথাৰত অনুষ্ঠিত হোৱা বিজেপিৰ বিশাল সভাত শোণিতপুৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰঞ্জিত দত্তক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাৰ সংকল্প লয় বিজেপি আৰু সহযোগী দলৰ নেতা-কৰ্মীসকলে ৷ লগতে এই অনুষ্ঠআনত উপস্থিত থাকে বিজেপিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত দাস, ইউ পি পি এলৰ ৰনগৌৰা নাৰ্জাৰী, অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য, তেজপুৰৰ অগপ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণকমল তাঁতী, বিহপুৰীয়াৰ বিধায়ক অমিয় ভূঞা, বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বু, কিশোৰ উপাধ্যায় ৷ লগতে উপস্থিত থাকে মহিলা মৰ্চাৰ ৰাজ্যিক সভানেত্ৰী স্বপ্না বনিয়া, এমট্ৰ’নৰ উপাধক্ষ্য ঋতুবৰন শৰ্মা, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, অগপৰ জিলা সভাপতি ৰাতুল নাথ, অপূৰ্ব কুমাৰ ভট্টাচাৰ্য, প্ৰবীন হাজৰিকা আদি ৷

উল্লেখ্য যে, মনোনয়ন দাখিলৰ শেষৰ দিনটোত আজি শোণিতপুৰ লোকসভা সমষ্টিৰ পৰা বিজেপিৰ প্ৰাৰ্থী ৰঞ্জিত দত্তৰ লগতে আম আদমী পাৰ্টীৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্য, বহুজন সমাজ পাৰ্টীৰ আলম আলি, ভোটাৰ্ছ পাৰ্টী ইণ্টাৰনেচেনেল কামেশ্বৰ স্বৰ্গীয়াৰী আৰু বিপিএফ দলৰ পৰা ৰাজু দেউৰীয়ে মনোনয়ন দাখিল কৰে ৷

লগতে পঢ়ক: ৰাজপথত নহয়, মঞ্চ-ছ'চিয়েল মিডিয়াৰ যোগেৰে "কা"ৰ প্ৰতিবাদ কৰিব জুবিন গাৰ্গে - Zubeen Garg On CAA Protest

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.