ETV Bharat / state

বানৰ মাজতে সৰ্পদংশন : ৰাইজে দাঙি নিবলগীয়া হ’ল হাস্পতাললৈ - Assam flood 2024

author img

By ETV Bharat Assamese Team

Published : Jun 19, 2024, 5:29 PM IST

Flood in Rangia : বানৰ বুৰিছে ৰঙিয়া ৷ সহাৱস্থান কৰিবলগীয়া হৈছে সাপ-বেং, মানুহ একেলগে ৷ তাৰ মাজতে সৰ্পদংশনৰ বলি হ’ল মহিলা ৷ হাস্পতাললৈ নিবলৈ নাই বাহন ৷

Flood in Rangia
বানৰ মাজতে ৰঙিয়াত সৰ্পদংশন (ETV Bharat Assam)

ৰঙিয়া, ১৯ জুন : নেৰানেপেৰা বৰষুণৰ ফলত চৌদিশে সৃষ্টি হোৱা বানে অসুবিধাত পেলাইতে অসমবাসীক ৷ ইয়াৰ মাজতে অন্য এক বিপদৰ সন্মুখীন হ’ল ৰঙিয়াৰ হাচানটুকৰ আনোৱাৰা খাতুন ৷

বিগত কেবাদিনৰো পৰা হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত হাচানটুক অঞ্চল সম্পূৰ্ণৰূপে বানৰ কবলত পৰিছে । তাৰ মাজতে বুধবাৰে অঞ্চলটোৰ বাসিন্দা আনোৱাৰা খাতুন বলি হ’ল সৰ্পদংশনৰ । স্থানীয় ৰাইজে ততালিকে মহিলাগৰাকীক চিকিৎসালয়লৈ নিবলৈ যত্ন কৰে যদিও বানৰ ফলত অঞ্চলটোৰ যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰাৰ ফলত সমস্যাৰ সৃষ্টি হয় ৷

লগতে পঢ়ক: ফেনে-ফোটোকাৰে আহিছে বান, ৰাজ্যত দ্বিতীয়টো বানত প্লাৱিত 15 খন জিলাৰ 1.61 লাখ লোক

অঞ্চলটোৰ মূল পথটোৰ লগতে উপ-পথসমূহত একঁকালৰ পৰা এবুকুপৰ্যন্ত পানী হৈ থকাৰ ফলত জৰুৰীকালীন স্বাস্থ্যসেৱাৰ বাহন অঞ্চলটোলৈ যোৱাত বাধাৰ সৃষ্টি হয় । আনহাতে বানত যাতায়তৰ বাবে নাও এখনৰো ব্যৱস্থা নথকাৰ ফলত অৱশেষত স্থানীয় কেবাজনো লোকে মহিলাগৰাকীক কান্ধত তুলি লৈ বানৰ মাজেৰে লৈ আহে ৷ মৰণত শৰণ লৈ কোনোমতে চিকিৎসালয়ত উপস্থিত হোৱাৰ পিচত অৱশেষত মহিলাগৰাকীৰ চিকিৎসা আৰম্ভ হয় ।

উল্লেখযোগ্য যে সৰ্পদংশনৰ পিচত প্ৰথম এঘণ্টাৰ ভিতৰত অথবা যিমান পাৰি সোনকালে চিকিৎসাসেৱা আৰম্ভ কৰিব লাগে যদিও বানৰ বাবে যাতায়ত ব্যাহত হোৱাৰ ফলত মহিলাগৰাকীৰ জীৱন বিপদাপন্ন হৈ পৰে । এইক্ষেত্ৰত স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰে যে চৰকাৰ তথা প্ৰশাসনে নিজৰ দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত অপাৰগ হৈ পৰিছে । ৰাইজৰ অভিযোগ অনুসৰি কেবাদিনো বৰষুণ হৈ থকাৰ ফলত বানত তল যোৱা অঞ্চলটোৰ ৰাইজৰ সুবিধাৰ্থে প্ৰশাসনে কোনোধৰণৰ প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰা নাই ।

লগতে পঢ়ক: কৰিমগঞ্জত ভূমিস্খলনে কাঢ়ি নিলে একেটা পৰিয়ালৰে 5 জনৰ প্ৰাণ

তদুপৰি ৰাইজৰ অসুবিধাৰ খবৰ ল’বলৈ কোনো জনপ্ৰতিনিধিও অঞ্চলটোত উপস্থিত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈছে । উল্লেখযোগ্য যে অকল বাৰিষাৰ সময়তে নহয় খৰালি কালতো অঞ্চলটোৰ মুল যোগাযোগৰ পথসমূহৰ অৱস্থা তথৈবচ হৈ থাকে । এই সন্দৰ্ভত সংবাদ মাধ্যমত বাতৰি পৰিৱেশন কৰা হৈছে যদিও আজি পৰ্যন্ত চৰকাৰ তথা প্ৰশাসনে কাণসাৰ দিয়া পৰিলক্ষিত নহ’ল ৷

লগতে পঢ়ক: গোৱালপাৰাত বলিয়া বান : চকুৰ সন্মুখতে উটি গ’ল চাৰিচকীয়া বাহন-দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.