ETV Bharat / state

"কোন সেইজন গডফাডাৰ"- সামাজিক মাধ্যমত বিষ্ণু ৰাভাৰ পুত্ৰৰ ক্ষোভ - Hemraj Rava

author img

By ETV Bharat Assamese Team

Published : Jun 22, 2024, 9:37 PM IST

Updated : Jun 22, 2024, 10:46 PM IST

Hemraj Rava FB Post : কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাৰ সামাজিক মাধ্যমত বিস্ফোৰক অভিযোগ ৷ এই বিশেষ ফেচবুক পোষ্টক লৈ এতিয়া ৰাজ্যৰ লগতে তেজপুৰৰ সাংস্কৃতিক মহলতো চর্চা চলিছে ৷

Hemraj Rava FB Post
হেমৰাজ ৰাভাৰ সামাজিক মাধ্যমত বিস্ফোৰক অভিযোগ (Facebook/Hemraj Rava)

তেজপুৰ, 22 জুন : "কোন সেইজন গডফাডাৰ যিজনৰ নিৰ্দেশত 1983ত বিষ্ণু ৰাভাৰ পৰিয়ালক সামাজিকভাৱে বৰ্জন কৰিছিল ৷ কোন সেইজন গডফাডাৰ যিজনৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ সমাধি নিৰ্মাণত তেজপুৰৰ এচামে বাধা দিছিল ৷" সামাজিক মাধ্যমত এই বিস্ফোৰণ কলাগুৰুৰ পুত্ৰৰ ৷ তেজপুৰত অসম চৰকাৰে কেন্দ্ৰীয়ভাৱে বিষ্ণু ৰাভা দিৱস পালন কৰাৰ এদিন পিচতে কলাগুৰুৰ পুত্ৰ হেমৰাজ ৰাভাৰ সামাজিক মাধ্যমত বিস্ফোৰক অভিযোগ ৷

তেজপুৰৰ কলিবাৰীৰ বিষ্ণু প্ৰসাদ ৰাভাৰ সমাধিত মুখ্যমন্ত্ৰীয়ে শ্ৰদ্ধাঞ্জলি জনোৱাৰ এদিন পিচতে পুত্ৰ হেমৰাজ ৰাভাই নিজৰ সামাজিক মাধ্যমৰ এটা পোষ্টত এজন গডফাডাৰৰ বিষয়ে উল্লেখ কৰিছে ৷ পিচে কোন সেই গডফাডাৰ তাকে লৈ সকলোৰে মনত সৃষ্টি হৈছে কৌতুহলৰ ৷ এই বিশেষ ফেচবুক পোষ্টক লৈ এতিয়া ৰাজ্যৰ লগতে তেজপুৰৰ সাংস্কৃতিক মহলতো চর্চা চলিছে ৷

লগতে পঢ়ক : গুৱাহাটীত নিৰ্মাণ হ’ব জ্যোতি-বিষ্ণু সাংস্কৃতিক প্ৰকল্প : কলাগুৰুৰ সমাধিক্ষেত্ৰলৈ ১ কোটি টকা ঘোষণা - Bishnu Rabha Divas

হেমৰাজ ৰাভাই সামাজিক মাধ্যমত লিখিছে 1983 চনত এজন 'গডফাডাৰ'ৰ নিৰ্দেশত বিষ্ণু ৰাভাৰ পৰিয়ালক এঘৰীয়া কৰি ৰখা হৈছিল ৷ তেওঁ বিষ্ণু ৰাভাৰ পত্নী মোহিনী ৰাভাই বিষ্ণু ৰাভাৰ সংগ্ৰহালয়ৰ বাবে চহৰৰ মাজ মজিয়াত 2 বিঘা মাটি চৰকাৰৰ পৰা বিচাৰোঁতে পুৰণা বিতৰ্কিত ঘৰটো দেখুৱাই সাংবাদিকৰ দ্বাৰা ভাইৰেল কৰোৱা গডফাডাৰ কোন বুলি প্ৰশ্ন কৰিছে ৷ প্ৰকৃততে এই বিষয়ে হেমৰাজ ৰাভাই স্পষ্টকৈ জনোৱা নাই বা কোনো মন্তব্যও প্ৰকাশ কৰা নাই ৷ কোন সেইজন 'গডফাডাৰ', কোনে মোহিনী ৰাভাক আহি ভাবুকি দিছিল সেই বিষয়ে স্পষ্টভাৱে কোনো উল্লেখ কৰা নাই তেওঁ ৷ হেমৰাজ ৰাভাই উল্লেখ কৰা 'গ’ড ফাদাৰ'জনক স্ব-ইচ্ছাই অসমৰ ৰাইজৰ সন্মুখত আত্মপ্ৰকাশ কৰাৰ দাবী জনাইছে ৷

এতিয়া প্ৰশ্ন উত্থাপন হৈছে যে হেমৰাজ ৰাভাই সামাজিক মাধ্যম যোগে ক্ষোভ প্ৰকাশ কৰা সেই 'গডফাডাৰ'জন প্ৰকৃততে কোন ৷ ইয়াৰ উত্তৰৰ বাবে অপেক্ষাৰত অসমৰ লগতে তেজপুৰবাসী ৰাইজ ৷

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এইবাৰ কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হোৱা বিষ্ণু ৰাভা দিৱসত তেখেতৰ সমাধি তথা সমন্বয় ক্ষেত্ৰলৈ 1 কোটি টকা অনুদান আগবঢ়োৱাৰ কথা ঘোষণা কৰে ৷ লগতে সমাধি ক্ষেত্ৰৰ পৰা ভোমোৰাগুৰি দলঙলৈ এক সংযোগী পথ নিৰ্মাণৰ বাবে জিলা আয়ুক্তক বিবেচনা কৰিবলৈ নিৰ্দেশ দিয়ে ৷

লগতে পঢ়ক : চৰকাৰে পাহৰিলে পূৰ্ণানন্দ গগৈক : আজিও নাপালে কোনো চৰকাৰী সুবিধা - Freedom fighter Purnananda Gogoi

Last Updated : Jun 22, 2024, 10:46 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.