গুৱাহাটী, 31 জানুৱাৰী: আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা দিন । ১৯০৯ চনৰ আজিৰ দিনটোত জন্মলাভ কৰিছিল মহান শিল্পীগৰাকীয়ে । আজিৰ দিনটোত ৰাজ্যজুৰি স্মৰণ মহান শিল্পীগৰাকীক । আজি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ১১৬ সংখ্যক ওপজা দিন । ৰাজ্যজুৰি স্মৰণ কৰা হয় মহান শিল্পীগৰাকীক । প্ৰতিবছৰৰ দৰে এইবৰ্ষও জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ উদ্যোগত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ ওপজা দিন উদযাপন ।
লগতে শুভমুক্তি দিয়া হয় বিষ্ণু প্ৰসাদ ৰাভাৰ তিনিটা কালজয়ী গীতৰ দৃশ্যশ্ৰব্য । মুক্তি দিয়া হয় কণ্ঠশিল্পী হৰ্ষিতা ভট্টাচাৰ্যৰ কণ্ঠৰে বিষ্ণু ৰাভাৰ সংগীত ‘‘সুৰৰে দেউলৰে ৰূপৰে শিকলি’’ৰ দৃশ্যশ্ৰব্য । লগতে কণ্ঠশিল্পী ড৹ অনিন্দিতা দেৱানৰ কণ্ঠৰে ‘‘পদুমনি খনি শুৱনি কৰিলে’’ আৰু কণ্ঠশিল্পী দিলীপ তামুলীৰ কণ্ঠৰে ‘‘পৰজনমৰ শুভ লগনত’’ দৃশ্যশ্ৰব্য মুকলি কৰা হয় ।
গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এই অনুষ্ঠানত উপস্থিত থাকে জ্যোতি-বিষ্ণু সাংস্কৃতিক মঞ্চৰ বিষয়া-সদস্য সকলৰ লগতে সাংস্কৃতিক জগতৰ বহু কেইগৰাকী বহু বিশিষ্ট ব্যক্তি ।
১৯০৯ চনৰ ৩১ জানুৱাৰীত বেংগল প্ৰেসিডেন্সী (এতিয়াৰ বাংলাদেশ) ঢাকাত জন্মলাভ কৰিছিল কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাই । বিষ্ণু প্ৰসাদ ৰাভাৰ পিতৃৰ নাম আছিল গোপাল চন্দ্ৰ মুছাহাৰী । জন্মসূত্ৰে গোপাল চন্দ্ৰ মুছাহাৰী বড়ো জনগোষ্ঠীৰ হ'লেও তেখেত এটা ৰাভা পৰিয়ালত ডাঙৰ হৈছিল সেয়ে পাছলৈ তেখেতে 'ৰাভা' উপাধি গ্ৰহণ কৰিছিল ।
অসমৰ জাতীয় জীৱনৰ প্ৰতি কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ অৱদান অপৰিসীম । তেওঁ আছিল একেধাৰে গায়ক, গীতিকাৰ, সুৰকাৰ, নাট্যকাৰ, বিপ্লৱী, ৰাজনীতিজ্ঞ ৷ সংগ্ৰামী আৰু সাংস্কৃতিক জীৱন সমান্তৰালভাৱে বিষ্ণু প্ৰসাদ ৰাভাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন উজলাই তুলিছিল ৷
লগতে পঢ়ক: কলাগুৰুৰ ১১৬ সংখ্যক ওপজা দিন উদযাপন