ETV Bharat / state

কেনে আছে 'বিস্ময় যুগ'ৰ স্ৰষ্টা ? - Bishmoy magazine

author img

By ETV Bharat Assamese Team

Published : Sep 11, 2024, 5:19 PM IST

Updated : Sep 11, 2024, 5:27 PM IST

Bishmoy Editor Illness : সত্তৰৰ পৰা নব্বৈ দশক । অসমীয়া সাহিত্য আৰু আলোচনী জগতত এক নৱ্যধাৰাৰ সৃষ্টি কৰিছিল তেওঁ । এক নৱ চেতনা আৰু সাহিত্যৰ নৱৰসেৰে অসমীয়া সাহিত্য জগতত এক নতুন যুগৰ সৃষ্টি কৰিছিল এইগৰাকী যুগদ্ৰষ্টাই । তেওঁৰ উৰ্বৰ মস্তিষ্ক আৰু নিজৰি কাপ নিগৰি সুদীৰ্ঘ পাঁচটা দশক সদম্ভে থিয় হৈ আছিল এখন অসমীয়া আলোচনী । অসমীয়া সাহিত্যৰ প্ৰকাশিত ৰূপত এই নজিৰ এক বিৰল ঘটনা । সেইগৰাকী 'বিস্ময় যুগ'ৰ সৃষ্টা আজি গুৰুতৰভাৱে অসুস্থ । তেওঁৰ জীৱন আৰু কৰ্ম সামৰি আমাৰ এক বিশেষ প্ৰতিবেদন ।

Bishmoy Editor Illness
কেনে আছে 'বিস্ময় যুগ'ৰ স্ৰষ্টা ? (ETV Bharat Assam)

গুৱাহাটী, ১১ ছেপ্টেম্বৰ : সত্তৰৰ দশকৰ আৰম্ভণিৰ সময়ৰ কথা । সেই সময়ত অসমীয়া সাহিত্যই এক নিজস্ব ধাৰা আৰু ৰুচিৰে বাট বুলিছিল । গতানুগতিকতাৰ পৰা ফালৰি কাটি কিবা এক নতুন চিন্তা-পৰিকল্পনাৰ বিন্দুমানো পৰিৱেশ নাছিল । কিন্তু সেই সময়তে তথাকথিত অসমীয়া সাহিত্যৰ ঠেক গণ্ডীৰ পৰা ওলাই এক নতুন চিন্তা-চেতনাৰে উদ্বুদ্ধ হৈছিল এটা যুৱ মন ।

Bishmoy Editor Illness
শশী ফুকন (ETV Bharat Assam)

অসমীয়া সাহিত্যত এক নতুন যুগৰ সৃষ্টি

তেওঁৰ কল্পনাৰ ফল্গুধাৰাত প্ৰৱাহিত হৈছিল কিবা এক নতুনৰ সৃষ্টি, এক অগতানুগতিক কৰ্মৰ তাড়না । আৰু সেই তাড়নাতে জন্ম হৈছিল পাঁচটা দশক ধৰি অসমীয়া আলোচনী সাহিত্যত সদম্ভে নিজৰ আধিপত্য বিস্তাৰ কৰি থকা, অসমীয়া আলোচনী জগতৰ এক ব্যতিক্ৰমী চিন্তাপ্ৰসূত সম্ভাৰ 'বিস্ময়' । যাৰ বেটুপাতৰ পৰা শেষ পৃষ্ঠালৈকে আছিল পাঠকৰ আকৰ্ষণ । নিশ্চয় ইয়াৰ গুৰিধৰোঁতাজনৰ নাম উল্লেখ নকৰোঁতেই বুজিব পাৰিছে যে তেওঁ শশী ফুকনৰ বাহিৰে আন কোনো নহয় ।

কঠোৰ সমালোচনাৰ সন্মুখীন হৈছিল বিস্ময় তথা শশী ফুকন

সাহিত্যিক-সমালোচকৰ কঠোৰ আলোচনা-সমালোচনাকো আওকাণ কৰি শশী ফুকন ব্যস্ত আছিল কেৱল বিস্ময়ৰ উত্তৰণৰ বাবে । এটা সময়ত অসমৰ 'অস্পৃশ্য সাহিত্য' বুলিও কোনো কোনোৱে মন্তব্য আগবঢ়াবলৈ কুণ্ঠাবোধ নকৰা এই বিস্ময়ৰ প্ৰথম সংখ্যাটো প্ৰকাশ পাইছিল ১৯৬৯ চনৰ জানুৱাৰী মাহত । তাৰ পৰা ২০২২ চনৰ ছেপ্টেম্বৰ মাহলৈকে বিভিন্ন উত্থান-পতনৰ মাজেৰে আগবাঢ়িছে বিস্ময়ৰ পথ পৰিক্ৰমা । লগতে সৃষ্টি হৈছে অসমীয়া সাহিত্যৰ এটা নতুন যুগ- 'বিস্ময় যুগ' ।

শশী ফুকন অসুস্থ

এইগৰাকী বিস্ময় যুগৰ স্ৰষ্টা শশী ফুকন বৰ্তমান গুৰুতৰভাৱে অসুস্থ । ৮ ছেপ্টেম্বৰ পৰা তেওঁ অসুস্থ হৈ মহানগৰীৰ হায়াত হাস্পতালত চিকিৎসাধীন হৈ আছে । ৮ ছেপ্টেম্বৰৰ পুৱা ঘৰতে পৰি মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা শশী ফুকনক লগে লগে পৰিয়ালৰ লোকে হায়াত হাস্পতালত ভৰ্তি কৰায় । সম্প্ৰতি তেওঁ আই চি ইউত চিকিৎসাধীন । আনহাতে, প্ৰথিতযশা সাহিত্যিক শশী ফুকন বৰ্তমানো সংকটমুক্ত নহয় বুলি পৰিয়ালৰ লোকে জানিবলৈ দিছে ।

পৰিয়ালৰ লোকে জনোৱা অনুসৰি, ক'ভিডকালত প্ৰায় ডেৰ মাহ তেওঁ ক'ভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হ'বলগীয়া হৈছিল । তেতিয়াৰে পৰা তেওঁ শাৰীৰিকভাৱে দুৰ্বল হৈ পৰে । শাৰীৰিকভাৱে দুৰ্বল হোৱাৰ বাবেই ৮ ছেপ্টেম্বৰত তেওঁ ঘৰতে পৰি অসুস্থ হৈ পৰে । এতিয়া তেওঁৰ অসংখ্য অনুৰাগী আৰু গুণমুগ্ধৰ এটাই প্ৰাৰ্থনা, সোনকালে সুস্থ হৈ উঠক এইগৰাকী অসমীয়া সাহিত্যৰ যুগস্ৰষ্টা ।

পাঠকৰ কৌতুহল আছিল বিস্ময়

উল্লেখ্য যে সত্তৰৰ পৰা নব্বৈৰ দশকৰ অসমীয়া সাহিত্য চৰ্চাকাৰী তথা আলোচনীৰ পাঠকৰ প্ৰবল বিস্ময় আৰু শিহৰণৰ উৎস আছিল বিস্ময় । অৱশ্যে এনে এটা পৰ্যায়ো আছিল যে একাংশই এক অদৃষ্ট শক্তিৰ বান্ধোনত বিস্ময়খন মুকলিমূৰীয়াকৈ হাতত ল'বলৈও সাহস কৰিব পৰা নাছিল । কেৱল অনুভৱ কৰিছিল বিস্ময়ৰ পাতে পাতে থকা ৰোমাঞ্চ, শিহৰণ, উত্তেজনা, বিস্ময় আৰু মনোৰঞ্জন । যুৱ মনৰ খোৰাক যোগাবলৈ প্ৰতিটো উপাদানে বিস্ময়ৰ পাতত সন্নিৱিষ্ট কৰিছিল সম্পাদক শশী ফুকনে ।

বিস্ময়ে অসমীয়া সাহিত্যত ৰোমাঞ্চকৰ, ৰহস্যমূলক তথা থ্ৰীলাৰধৰ্মী আদি কাহিনী প্ৰকাশৰ বাটো মুকলি কৰিছিল । যাৰ বাবে যুৱচামৰ মাজত এই আলোচনীখনে এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছিল । বিশেষকৈ অসমীয়া আলোচনীৰ পাতত নতুনত্বৰ সোৱাদ দিয়াৰ বাবে ইয়াৰ প্ৰচলনো দিনক দিনে বাঢ়ি গৈছিল ।

শশী ফুকনৰ যাত্ৰা

বিশ্বনাথ চাৰিআলিৰ এখন সৰু ঠাইৰ পৰা গুৱাহাটীলৈ পঢ়িবলৈ আহিছিল শশী ফুকন । বিশ্বনাথৰ টেঙাবড়ি গাঁৱত জন্ম শশী ফুকনৰ । ১৯৬৪ চনত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হৈ তেওঁ প্ৰাগজ্যোতিষ কলেজত নামভৰ্তি কৰিছিল । দুজন বন্ধুৰ সৈতে আছিল গুৱাহাটীত এটা ভাৰাঘৰত ।

তাতেই এদিন শশী ফুকন আৰু তেওঁৰ দুই বন্ধুক ভাৰাঘৰৰ মালিকৰ পুত্ৰ উমেশ বৈশ্যই প্ৰস্তাৱ দিছিল- এখন আলোচনী প্ৰকাশৰ । সেয়াই আৰম্ভণি । তাৰ পিচত শশী ফুকনৰ সম্পাদনাত 'সময়' নামেৰে এখন আলোচনী প্ৰকাশ কৰা হয় । এই আলোচনীখনত অসমৰ বহুকেইজন প্ৰখ্যাত লেখকৰ লেখা প্ৰকাশ হৈছিল । কিন্তু ধনৰ অভাৱত এটা সংখ্যা উলিওৱাৰ পিছতে আলোচনীখন বন্ধ হয় ।

বিস্ময়ৰ ৫২ বছৰীয়া যাত্ৰাত সৃষ্টি হৈছিল বহুকেইজন প্ৰখ্যাত সাহিত্যিকৰ

ইয়াৰ পিছত ন-কৈ ছপাশালৰ ব্যৱসায় আৰম্ভ কৰা যোগেশ শৰ্মা নামৰ ব্যক্তি এগৰাকীয়ে আলোচনীখন ছপা কৰাৰ দায়িত্ব লয় । কিন্তু পূৰ্বৰ প্ৰকাশকে আলোচনীখনৰ স্বত্ব এৰি দিয়াৰ বাবদ অধিক টকা দাবী কৰাত 'বিস্ময়' নামেৰে নতুনকৈ আলোচনীখন প্ৰকাশ কৰে । তাৰ পিছৰখিনি এতিয়া এক স্বৰ্ণিল ইতিহাস । ৫২ বছৰীয়া বিস্ময়ৰ ইতিহাসত জন্ম পালে বহুকেইগৰাকী ব্যতিক্ৰমী সাহিত্যিকৰ । তাৰ ভিতৰত অন্যতম হৈছে বৈদূৰ্য বৰুৱা, বন্দিতা ফুকন, ৰঞ্জু হাজৰিকা, মৃত্যুঞ্জয় মহন্ত, পৰিণীতা বুজৰবৰুৱা আদি অনেকজন । বিস্ময়ৰ পাতত প্ৰকাশিত বৈদূৰ্য বৰুৱাৰ 'অপু-চেণ্টু'ৰ কাহিনীয়ে আজিও সেই সময়ৰ পাঠকক শিহৰিত কৰে ।

অৱশ্যে বিশ্বত কোনো বস্তুৱে স্থায়ী নহয় বুলি কোৱা কথাষাৰ বিস্ময়ৰ ক্ষেত্ৰতো ব্যতিক্ৰম নাছিল । কুৰিৰ দশকত ছপা আৰু বৈদ্যুতিন মাধ্যমৰ অভাৱনীয় পৰিৱৰ্তন আৰু অসমীয়া আলোচনীৰ সংখ্যাধিক্যৰ বাবে বিস্ময়ে লাহে লাহে জীয়াই থকাৰ সংগ্ৰাম কৰিবলগা হয় । তথাপিও হাৰমনা ভকত নাছিল শশী ফুকন । কিন্তু কাল কৰ'ণাই তেওঁক যেন অধিক গ্ৰাস কৰিলে । যাৰ বাবে তেওঁ ২০২০ চনত নিজে স্বীকাৰ কৰিবলৈ বাধ্য হৈছিল যে বিস্ময়ৰ আৰু বিস্ময় সৃষ্টি কৰাৰ ক্ষমতা নাই । ২০২২ চনৰ ছেপ্টেম্বৰ মাহত অন্তিমটো সংখ্যা প্ৰকাশৰ পিছত বৰ্তমান বিস্ময়ৰ প্ৰকাশ বন্ধ হৈ আছে ।

যিয়েই নহওক, এসময়ত অস্পৃশ্য সাহিত্য-সাহিত্যিকৰ বদনামৰ পৰা এটা যুগৰ সৃষ্টি কৰা শশী ফুকনৰ অসমীয়া সাহিত্যলৈ অৱদান চিৰস্মৰণীয় । এনে এগৰাকী সাহিত্যিক শশী ফুকনৰ আশু আৰোগ্য কামনা কৰিলো ।

লগতে পঢ়ক :বিস্ময়ঃ স্থবিৰ হ'ব নেকি অৰ্ধ শতিকাজোৰা বৰ্ণাঢ্য যাত্ৰা ?
লগতে পঢ়ক :চুমীৰ দেওৰেক ধৰা পৰিল, বতাহত মিলি গ'ল নেকি তাৰ্কিকসহ নাচনী চুমী ! - Assam trading scam

Last Updated : Sep 11, 2024, 5:27 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.