ETV Bharat / state

৩ দিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ বিশাল ফুকনক - fraudster Bishal Phukan

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2024, 9:35 PM IST

Updated : Sep 4, 2024, 10:25 PM IST

Bishal Phukan in police custody : প্ৰৱঞ্চনাৰে ধনী হোৱা বিশাল ফুকন ৩ দিন থাকিব লাগিব ডিব্ৰুগড়ৰ আৰক্ষীৰ জিম্মাত ৷ সোমবাৰে সন্ধিয়া ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পিছতে বুধবাৰে ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল বিশাল ফুকনক ।

Bishal Phukan in police custody
বিশাল ফুকন ৩ দিন থাকিব লাগিব ডিব্ৰুগড়ৰ আৰক্ষীৰ জিম্মাত (ETV Bharat Assam)

ডিব্ৰুগড়, ৪ ছেপ্টেম্বৰ : ধনী হোৱাৰ সপোন দেখি অনলাইন ট্ৰেডিং আৰম্ভ কৰা ২২ বছৰীয়া ডিব্ৰুগড়ৰ বিশাল ফুকনৰ প্ৰৱঞ্চনাৰ খবৰ ৰাজহুৱা হোৱা পিছতেই ৰাজ্যত ব্যাপক চৰ্চা লাভ কৰিছে সমগ্ৰ ঘটনাই ৷ কম বয়সতে আনৰ টকাৰে বিলাসী জীৱন কটোৱা প্ৰৱঞ্চক বিশাল ফুকন আজিৰে পৰা ৩ দিন থাকিব লাগিব ডিব্ৰুগড়ৰ আৰক্ষীৰ জিম্মাত ।

অনলাইন ট্ৰেডিঙৰ জৰিয়তে বিশাল সম্পত্তি গঢ়া বিশাল ফুকনক সোমবাৰে সন্ধিয়া ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰা পিছতে আজি ডিব্ৰুগড়ৰ ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হৈছিল ।

আৰক্ষীয়ে পুনৰ নিজৰ জিম্মাত লৈ অধিক তথ্য বিশালৰ পৰা সংগ্ৰহ কৰাৰ চেষ্টা কৰিব । কিয়নো এইগৰাকী বিশাল ফুকনে অনলাইন ট্ৰেডিঙৰ নামত বিভিন্নজনৰ পৰা কোটি কোটি টকা সংগ্ৰহ কৰিছিল । সদৰ আৰক্ষী থানাত দুখ মনেৰে বহি সময় কটাইছে বিশাল ।

তদন্তকাৰী বিষয়াই যি সুধিছে তাৰ উত্তৰ দিয়াৰ বাদে নিজে কোনো কথা কথা কোৱা নাই ৷ অতি কম সময়ত বিলাসী জীৱন কটাই জীৱন উপভোগ কৰা বিশাল ফুকনৰ মুখত হতাশগ্ৰস্ততাৰ ছবি স্পষ্ট হৈ পৰিছে । আনহাতে বিশাল ফুকনৰ মেনেজাৰ বিপ্লৱ হাজৰিকাক জেৰা চলোৱাৰ অন্তত আৰক্ষীয়ে ঘৰলৈ যাবলৈ দিছে যদিও ডিব্ৰুগড় এৰি অন্য ঠাইলৈ নাযাবলৈ নিৰ্দেশ দিছে । বিশাল ফুকনৰ সকলো বেংক একাউন্ট ছীল কৰি দিছে আৰক্ষীয়ে ।

আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি প্ৰতিটো বেংক একাউণ্টত কিমান ধন আছে, সেই ধন ক’ৰ পৰা সোমাইছিল সকলো পৰীক্ষা কৰি তদন্ত কৰিব । কিন্তু ইয়াৰ সমান্তৰালভাৱে বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনা ঘটনাৰ সৈতে জড়িত মূল অভিযুক্ত হিচাপে বিবেচিত হোৱা অভিনেত্ৰী চুমী বৰাক বিচাৰি অভিযান তীব্ৰতৰ কৰিছে আৰক্ষীয়ে । বাতৰি লিখা সময়লৈকে চুমী বৰা সম্পৰ্কত ডিব্ৰুগড় আৰক্ষীৰ ওচৰত কোনো তথ্য নাই বুলি জানিবলৈ দিছে ।

উল্লেখ্য যে অভিনেত্ৰী চুমী বৰাই ভাতৃ পাতি লৈছিল বিশাল ফুকনক । অসমৰ সাংস্কৃতিক জগতৰ বহু লোকক বিশাল ফুকনৰ ওচৰত অইলাইন ট্ৰেডিঙৰ বাবে ধন বিনিয়োগ কৰিবলৈ বাধ্য কৰাইছিল । ৰাজ্যৰ বহু সম্ভ্ৰান্ত ব্যৱসায়ী, বহু ৰাজনৈতিক নেতাক ধন বিনিয়োগ কৰাইছিল বিশাল ফুকনৰ ওচৰত চুমী বৰাই । আৰক্ষীৰ জেৰাত বিশালে এই কথা আৰক্ষীক জনোৱা বুলি আৰক্ষীয়ে জানিবলৈ দিছে ।

সেয়ে আৰক্ষীৰ বাবে অভিনেত্ৰী চুমী বৰাক আটক কৰাটো অতি প্ৰয়োজনীয় বিষয় হৈ পৰিছে । কম বয়সীয়া বিশাল ফুকনক অনলাইন ট্ৰেডিং কৰিবলৈ উৎসাহিত কৰিছিল চুমী বৰাই । কিয়নো বিশালে সংগ্ৰহ কৰা ধনসমূহ লৈ চুমী বৰাই সম্পত্তি ক্ৰয় কৰাৰ লগতে বিবাহ অনুষ্ঠান সম্পন্ন কৰিছিল । বিশাল ফুকনৰ সমান্তৰালভাৱে ডিব্ৰুগড়ৰ সদৰ আৰক্ষীয়ে অভিযান চলাই ডিব্ৰুগড় চহৰৰ জীৱন ফুকন নগৰৰ পৰা ৰঞ্জিত কাকতি নামৰ আন এজন প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰিছে ।

Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰাৰ নামত বহুলোকৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰা পিছতে আৰক্ষীয়ে আটক কৰি সদৰ থানাত জেৰা চলাইছে । আজিও ৰঞ্জিত কাকতিক জেৰা চলাব আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিশাল ফুকনৰ অনলাইন ট্ৰেডিঙৰ প্ৰৱঞ্চনাত ভৰি দিয়া কোনো ভুক্তভোগীয়ে আজিও ৰাজহুৱাকৈ মন্তব্য প্ৰকাশ কৰা নাই যদিও ৰঞ্জিত কাকতিৰ Trading FX নামৰ অনলাইন মানি ট্ৰেডিঙত ধন বিনিয়োগ কৰা বহুলোকে কিন্তু সদৰ থানাত ভিৰ কৰিছেহি ।

কিছু লোকে কেমেৰা দেখি মুখ লুকুৱাইছে, আন কোনোবোই প্ৰৱঞ্চনাৰ বলি হোৱাৰ কথা স্বীকাৰ কৈছে ৷

লগতে পঢ়ক : বিত্তীয় সাক্ষৰতা কি ? ষ্টক মাৰ্কেটত ট্ৰেডিঙৰ বাবে বিত্তীয় সাক্ষৰতাৰ কিমান প্ৰয়োজন ?

চুমীৰ 'ডেষ্টিনেশ্যন' ক’ত ? দীক্ষুৰ ঘৰত পুলিচ : নাম সাঙোৰ খাইছে বহু শিল্পীৰ

চুমী বৰাৰ 'ডেষ্টিনেশ্যন' এতিয়াও অজ্ঞাত: এইবাৰ তেজপুৰত তিনিশ কোটি টকাৰ প্ৰৱঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ হেমেন ৰাভা

Last Updated : Sep 4, 2024, 10:25 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.