ETV Bharat / state

তেজপুৰৰ শ্বহীদ বাকৰিত আছুৰ উদ্য়োগত বিহু নৃত্য়ৰ প্ৰশিক্ষণ - Bihu workshop in Tezpur

author img

By ETV Bharat Assamese Team

Published : Apr 2, 2024, 10:11 PM IST

Rongali Bihu 2024: লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্য়ত চলিছে অসমীয়াৰ হেপাঁহৰ ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি । ব'হাগ অহাৰ বতৰা পায় আনন্দত মতলীয়া ডেকা-গাভৰু ।

Rongali Bihu 2024
ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি

ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি

তেজপুৰ, ২ এপ্ৰিল: এফালে লোকসভা নিৰ্বাচনৰ গৰম বতাহ আৰু সমান্তৰালভাৱে ৰাজ্যত বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ উখল-মাখল পৰিবেশ । ডালে-পাতে ফুলে এতিয়া বসন্তৰ আগমনৰ বতৰা । সন্মুখত হেঁপাহৰ ৰঙালী বিহুৰ বাবে গাত তৎ নাই ডেকা-গাভৰুৰ । হেঁপাহৰ ৰঙালী বিহুলৈ মাজত মাত্ৰ কেইটামান দিন বাকী ৷ ব'হাগ অহাৰ বতৰা পায় আনন্দত মতলীয়া হৈ পৰিছে অসমীয়া ডেকা-গাভৰু । ব্যস্ততা বাঢ়িছে সমগ্ৰ ৰাজ্যত ৷ ইপিনে, ব'হাগত এপাক কঁকাল ঘূৰাই নাচিবৰ মনেৰে দিনে নিশাই ডেকা-গাভৰু ব্যস্ত বিহুৰ আখৰাত । ইয়াৰ মাজতেই তেজপুৰত চলিছে বিহু নৃত্য়ৰ লগতে ঢোলৰ প্ৰশিক্ষণ তথা কৰ্মশালা ।

  • " class="align-text-top noRightClick twitterSection" data="">

তেজপুৰৰ ঐতিহাসিক শ্বহীদ বাকৰিত তেজপুৰ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো ন-শিকাৰুক প্ৰশিক্ষণ দিয়া হৈছে । বিহুৱে বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা হোৱাৰ পিচত সেইসকল বিহুৱা ঢুলীয়া-নাচনীয়ে এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰশিক্ষণ দিয়া আৰম্ভ কৰিছে । তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই এই প্ৰশিক্ষকসকলৰ প্ৰচেষ্টাত ৩৭০ গৰাকী যুৱক-যুৱতীক প্ৰশিক্ষণ দিছে ।

সংস্কৃতি নগৰী তেজপুৰৰ পৰা উঠি অহা প্ৰজন্মৰ মাজত বিহুৰ লগতে অসমীয়া সংস্কৃতিক চিনাকি কৰাই দিবলৈ এনে প্ৰশিক্ষণৰ ব্য়ৱস্থা কৰা বুলি কয় আছুৰ কেন্দ্ৰীয় সদস্য নিতুল বৰাৰ লগতে জিলা সম্পাদক অৰূপ তালুকদাৰ,আঞ্চলিকৰ সভাপতি দেৱাঞ্জন পাঠকে । আগন্তুক সময়ত নিজৰ সংস্কৃতিৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ বিহু নৃত্য়ৰ লগতে ঢুলীয়া সকলকো প্ৰশিক্ষণ দিছে । ছাত্ৰ সন্থাই জিলাখনৰ প্ৰতিটো শাখাই শাখাই এনেধৰণৰ প্ৰশিক্ষণ দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে বুলি আয়োজকসকলে সদৰী কৰিছে ।

লগতে পঢ়ক:ঢোল-পেঁপাৰ মাতত কঁপিছে পানীতোলা: কঁকাল ভাঙি নাচিবলৈ ওলাই আহিল কণমানিও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.