ETV Bharat / state

কণ্ঠশিল্পী সান্নিধ্য ভূঞাক অপমান কৰাৰ অভিযোগ নস্যাৎ উদযাপন সমিতিৰ - Sannidhya Bhuyan Bihu Function - SANNIDHYA BHUYAN BIHU FUNCTION

Sannidhya Bhuyan: ৰাজ্যৰ বিভিন্ন প্ৰান্তত সঘনে সংঘটিত হৈছে বিহু মঞ্চত শিল্পীক অপমান কৰাৰ ঘটনা । এইবাৰ বৰপেটাৰোডত উদীয়মান কণ্ঠশিল্পী সান্নিধ্য ভূঞাক অপমান কৰা ঘটনা পোহৰলৈ আহিছে সামাজিক মাধ্যমৰ জৰিয়তে । পিছে কণ্ঠশিল্পীগৰাকীক অপমান কৰাৰ কথা নস্যাৎ কৰিছে উদযাপন সমিতিয়ে ।

Celebration committee refuses to accept allegations of insulting singer Sannidhya Bhuyan
কণ্ঠশিল্পী সান্নিধ্য ভূঞাক অপমান কৰাৰ অভিযোগ নস্যাৎ উদযাপন সমিতিৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 17, 2024, 5:02 PM IST

কণ্ঠশিল্পী সান্নিধ্য ভূঞাক অপমান কৰাৰ অভিযোগ নস্যাৎ উদযাপন সমিতিৰ (ETV Bharat Assam)

বৰপেটাৰোড, ১৭ মে': বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনত ৰাজ্যৰ এগৰাকী উদীয়মান শিল্পী সানিধ্য ভূঞাক বিহু উদযাপন সমিতিয়ে গতিয়াই চৰম অপমান কৰাৰ অভিযোগ অস্বীকাৰ কৰিছে বৰপেটাৰোডৰ বিহু উদযাপন সমিতিয়ে ৷ শুকুৰবাৰে বৰপেটাৰোডৰ প্রেছক্লাবত আয়োজিত এক সংবাদমেলৰ জৰিয়তে সেইদিনা সংঘটিত হোৱা অবাঞ্চিত ঘটনাৰ বাবে দুখ প্ৰকাশ কৰি উদযাপন সমিতিৰ সভাপতি ৰণজিৎ তালুকদাৰে সম্বোধন কৰে সংবাদমেল ।

সভাপতিগৰাকীয়ে কয়, "বৰপেটাৰোডত বিগত সময়ত সুধাকণ্ঠ প্ৰয়াত ড৹ ভূপেন হাজৰিকাৰ, খগেন মহন্তকে ধৰি বহু স্বনামধন্য শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি গৈছে ৷ কেতিয়াও কোনোধৰণৰ খেলিমেলি হোৱা নাছিল ।’’ সমান্তৰালভাৱে এইবেলি বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু সন্মিলনীয়ে শিল্পী সানিধ্য ভূঞাক তেওঁৰ গীতৰ শৰাই আগবঢ়াবলৈ আমন্ত্ৰণ কৰিছিল ৷

বৰপেটাৰোডৰ বিহু মঞ্চত গীত পৰিবেশনৰ বাবে শিল্পীগৰাকীৰ সৈতে হোৱা চুক্তিৰ্মে বিগত ১২ মে’ৰ নিশা দহ বজা বুলি উল্লেখ আছিল ৷ কিন্তু শিল্পী সানিধ্য ভূঞাই সেইদিনা নিশা ১০ বাজি ৪৫ মিনিটতহে বৰপেটাৰোডত আহি উপস্থিত হৈছিল জনাই উদ্যোক্তাসকলে ৷ শিল্পীগৰাকীয়ে মঞ্চত গীত পৰিৱেশনৰ বাবে জিৰণি ল’বলৈ এঘণ্টা সময় বিচাৰিছিল যদিও শিল্পীগৰাকীক আধা ঘণ্টা সময়হে দিছিল কমিটীয়ে ।

আধাঘণ্টাৰ পাছত শিল্পী সানিধ্য ভূঞাৰ বাদ্যযন্ত্ৰসমূহ মঞ্চত সাজু কৰি থকাৰ সময়ত গীত পৰিৱেশৰ বাবে বাদ্যযন্ত্ৰসমূহ সক্ৰিয় হৈ উঠা নাই বুলি উদযাপন সমিতিক শিল্পী সানিধ্য ভূঞাই অৱগত কৰি কিছু বাদ্যযন্ত্ৰ কমিটীক যোগান ধৰিবলৈ কৈছিল শিল্পীগৰাকীয়ে ৷

কিন্তু সেই সময়ত ৰভামণ্ডপত উপস্থিত থকা একাংশ উত্তেজিত দৰ্শকে মঞ্চত উঠি গৈ কিছু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰিছিল ৷ লগে লগে কমিটীৰ কেইজনমান বিষয়ববীয়াই মঞ্চলৈ উঠি গৈ উত্তেজিত দৰ্শককহে মঞ্চৰ পৰা গতিয়াই নমাই দিয়াৰ কথা উল্লেখ কৰি শিল্পী সানিধ্য ভূঞাক কোনোধৰণৰ অপমানিত কৰা হোৱা নাই বুলি বৰপেটাৰোডৰ বিহু উদযাপন সন্মিলনীয়ে সংবাদমেলযোগে স্পষ্ট কৰি দিয়ে ৷

তাৰোপৰি বৰপেটাৰোডৰ সাৰ্বজনীন ৰঙালী বিহু উদযাপন সমিতিয়ে কয়, "বৰপেটাৰোডত অসম সাহিত্য সভাৰ অধিবেশন, অসম নাট্য সন্মিলনৰ অধিবেশন অনুষ্ঠিত কৰি অতি সুকলমে সফলতাৰে সম্পন্ন কৰা হৈছে । তেনেক্ষেত্ৰত শিল্পী সানিধ্য ভূঞাক বিহু উদযাপন সমিতিয়ে অপমানিত কৰাৰ প্ৰশ্নই উঠিব নোৱাৰে ।"

লগতে পঢ়ক: কিমান দুখত এগৰাকী শিল্পীয়ে ক’ব পাৰে নিজৰ প্ৰিয় শিল্পৰ পৰা আঁতৰি থকাৰ কথা ? - Sannidhya Bhuyan Bihu Function

কিয় আইনৰ কাষ চাপিবলগীয়া হ'ল কণ্ঠশিল্পী মণ্টুমণি ? - Controversy in Dibrugarh Bihu show

মাজুলীৰ বিহু অনুষ্ঠানত বিতৰ্ক জৰুৰী নেকি ? - Manas Robin Bihu Show In Majuli

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.