ETV Bharat / state

পৰিয়ালৰ দুৰ্নীতি ঢাকিবলৈ নকল দেশপ্ৰমীক ভাও দিবলৈ চেষ্টা কৰিছে কোনে : ভূপেন বৰা - Assam Accord Clause 6 - ASSAM ACCORD CLAUSE 6

APCC President on Assam Accord : অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত পুনৰ সৰৱ প্ৰদেশ কংগ্ৰেছৰ সভাপতি । আপাৰ হাউছ গঠনৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট কৰিবলৈ দাবী । ৰাজ্য চৰকাৰে কৰিব নোৱৰা ১০টা পৰামৰ্শৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ স্থিতি স্পষ্ট নকৰালৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে হেনো পিচ নেৰে মুখ্য়মন্ত্ৰীৰ ।

APCC President on Assam Accord
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 22, 2024, 7:30 PM IST

গুৱাহাটী,২২ ছেপ্টেম্বৰ : "আমাৰ শাসনকালত কিছুমান কাম নোহোৱা বাবেই পৰিৱৰ্তনৰ শ্ল'গান আহিছিল । পৰিৱৰ্তনৰ শ্ল'গানৰ ভিত্তিতেই চৰকাৰ পৰিৱৰ্তন হৈছিল। আমাৰ দিনত নোহোৱা কামবোৰ নতুন চৰকাৰে কৰিব ।" এই মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ ।

দেওবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত সংবাদ মাধ্যমক সম্বোধন কৰি ভূপেন বৰাই মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি কয়, " আপোনাক অসম চুক্তিৰ ছয় নং দফা সন্দৰ্ভত প্ৰশ্ন এই কাৰণেই সুধিবলগীয়া হৈছিল যে আপুনি ৰাইজক আভুৱা-ভাৰিবলৈ চেষ্টা কৰিছে। মই আপোনাক ছয় নং দফা ৰূপায়ণৰ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৰ ওপৰত ভিত্তি কৰি আপাৰ হাউছ গঠনৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰে কিবা জনাইছে নেকি নে কিবা সিদ্ধান্ত হৈছে নেকি বুলি প্ৰশ্ন কৰিছিলো । কাৰণ আপুনি ৬৭ টা পৰামৰ্শৰ ভিতৰত ৫৭ টা পৰামৰ্শৰ কথা কৈছে ।"

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা (ETV Bharat Assam)

কেন্দ্ৰীয় চৰকাৰৰ স্থিতি ব্য়াখ্য়া কৰিবলৈ দাবী

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়," যিকেইটা ৰাজ্য চৰকাৰে পাৰে সেইকেইটা কৰিব বুলি আমি শুনি আছো । বাকী ৰাজ্য চৰকাৰে কৰিব নোৱৰা ১০টা পৰামৰ্শৰ ক্ষেত্রত কেন্দ্ৰীয় চৰকাৰৰ স্থিতিটো কি । ২০১৪ চনৰ ৭ এপ্ৰিলত নৰেন্দ্ৰ মোদীৰ ফটো দি বিজ্ঞাপন প্ৰকাশ কৰি ছয় নং দফা ৰূপায়ণৰ কথা কোৱা হৈছিল । যাৰ বাবে আমি প্ৰশ্ন কৰিছো । লোকসভাৰ ১৪ খন আসনৰ কেইখন সংৰক্ষণ কৰিব তাৰ কিবা সিদ্ধান্ত হৈছে নেকি। বিধানসভাৰ কিমানখন আসন সংৰক্ষণ কৰা হ'ব ।

বাংলাদেশৰ লগত দ্বিপাক্ষিক আলোচনা কৰিছে নেকি ?

বিপ্লৱ শৰ্মা আয়োগৰ প্ৰতিবেদনত চিনাক্ত হোৱা বিদেশী সকলক অসমৰ বাহিৰত সংস্থাপিত কৰাৰ কথা কোৱা হৈছে বুলি উল্লেখ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে পুনৰ কয়," আপুনি বিদেশী, সন্দেহযুক্ত বিদেশীৰ কথা কৈ থাকে । বিপ্লৱ শৰ্মা আয়োগে চিনাক্ত হোৱা বিদেশী অসমৰ বাহিৰত সংস্থাপিত কৰাৰ কথা কৈছে । এই সন্দৰ্ভত বাংলাদেশৰ লগত কিবা দ্বিপাক্ষিক আলোচনা হৈছে নেকি ? আচল কথাবিলাক আপোনাক সুধিলে আপুনি কয় ভূপেন বৰাই আগৰ নেতাসকলক সোধক । দেৱব্ৰত শইকীয়াৰ দেউতাকক সোধক কয় ।"

উত্তৰ নোপোৱালৈ প্ৰশ্ন সুধিয়েই থাকিম

কেৱল নিজৰ পৰিয়ালৰ দুৰ্নীতি ঢাকিবলৈ মুখ্যমন্ত্ৰীয়ে নকল দেশপ্ৰমীক ভাও দিবলৈ চেষ্টা কৰিছে বুলি কটাক্ষ কৰি ভূপেন বৰাই পুনৰ কয়," যেতিয়ালৈকে তেওঁ প্ৰশ্নৰ উত্তৰ নিদিয়ে তেতিয়ালৈকে আমি ৰাজহুৱা মঞ্চৰ যোগেদি ধাৰাবাহিকভাৱে প্ৰশ্ন সুধি থাকিম ।"

উল্লেখ্য যে আজি ৰাজীৱ ভৱনত কেইবাখনো বৈঠকৰ আয়োজন কৰা হয় । প্ৰথমতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ উপস্থিতিত মহিলা সবলীকৰণৰ শক্তি অভিযানৰ ৰাজ্যিক পৰ্যায়ৰ বুথ শিবিৰ অনুষ্ঠিত হয়। ইয়াৰ পাছত ভূপেন বৰা আৰু প্ৰদেশ কংগ্ৰেছৰ উপ-সভানেত্ৰী ববিতা শৰ্মাৰ উপস্থিতিত সাধাৰণ জাতি বিকাশ বিভাগৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয় । সেইদৰে ভূপেন বৰাৰ উপস্থিতিত যুৱ কংগ্ৰেছ কমিটীৰো এখন সভা অনুষ্ঠিত হয় ।

লগতে পঢ়ক:প্ৰসংগ মুখ্যমন্ত্ৰীৰ পত্নীৰ সম্পত্তি : ৰাজ্যৰ বিভিন্ন বিৰোধী দলৰ তীব্ৰ প্ৰতিক্ৰিয়া - Assam CM Himanta Biswa Sarma

অসম চুক্তিৰ 6 নং দফা প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল LIVE - CM Himanta Biswa Sarma

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.