ETV Bharat / state

কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা - Assam Flood 2024

author img

By ETV Bharat Assamese Team

Published : Jul 4, 2024, 4:49 PM IST

Bhupen Bora in Flood affected areas: মুখ্যমন্ত্ৰীৰ কথা এতিয়া আৰু নুশুনে বিজেপিৰ অধিকাংশই ৷ মুখ্যমন্ত্ৰীয়ে পূবলৈ চাবলৈ ক’লে বহুতো বিজেপি কৰ্মীয়ে এতিয়া পশ্চিমলৈ চায় ৷ কেশৱ মহন্তৰ লগত যি ঘটিছে এয়া আৰম্ভণিহে মাথো ৷ দেৰগাঁৱত ক’লে ভূপেন বৰাই ৷

Assam Flood 2024
Bhupen Bora in Flood affected areas (ETv Bharat Assam)

গোলাঘাট, 4 জুলাই: প্ৰলয়ংকৰী বানে বুৰাইছে ৰাজ্যৰ বিস্তীৰ্ণ অঞ্চল ৷ এইবাৰৰ বানৰ ফলত এতিয়ালৈকে 46 গৰাকী লোকৰ মৃত্যু হৈছে ৷ বহুকেইটা স্থানত মথাউৰি ভাঙি যোৱাৰ ফলত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে ৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে বানৰ দ্বাৰা প্ৰভাৱিত বিভিন্ন অঞ্চল ভ্ৰমণ কৰাৰ লগতে মন্ত্ৰী-বিধায়ক আৰু আমোলা সকলো বান বিধ্বস্ত অঞ্চললৈ প্ৰেৰণ কৰিছে ৷ বিভিন্ন স্থানত সাহায্য শিবিৰ, আশ্ৰয় শিবিৰ স্থাপন কৰি বন্যাৰ্তক সহায় আগবঢ়োৱা হৈছে ৷

কেশৱ মহন্তৰ লগত যি হ’ল, সেয়া মাথো আৰম্ভণিহে : ভূপেন বৰা (ETv Bharat Assam)

ইফালে দেৰগাঁৱত বান পৰিস্থিতিৰ বুজ ল'বলৈ আহি বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ পৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা । তেওঁ কয় যে মুখ্যমন্ত্ৰীয়ে পূবলৈ চাবলৈ ক'লে এতিয়া অধিকাংশ বিজেপি কৰ্মীয়ে পশ্চিমলৈ চায় ।

লগতে পঢ়ক: ভূপেন বৰাৰ পূৰ্বে বিজেপি নেতায়ো বালিসত্ৰৰ সৎসংগী সত্ৰত কৰিছিল ৰাজনৈতিক মন্তব্য : যুৱ কংগ্ৰেছ - Bhupen Borah controversy

আনহাতে মন্ত্ৰী কেশৱ মহন্তক কটাক্ষ কৰি ভূপেন বৰাই কয় যে তেওঁ ৰাইজৰ ৰোষৰ বলি হোৱাটো মাত্ৰ আৰম্ভণিহে আৰু বহুত হ'বলৈ গৈ আছে । ইয়াৰ লগতে তেওঁ কয় যে টিভি খুলিলে দেখা পোৱা যায় ৰাজ্যত মথাউৰি আৰু বানৰ সমস্যা নাই ৷ কিন্তু বাস্তৱত চালেহে দেখা পোৱা যায় বানে কেনেকৈ সংহাৰী ৰূপ ধাৰণ কৰিছে ।

বন্যপ্ৰাণী আৰু ৰাইজ এতিয়া হাইলেণ্ডত আৰু জিতু গোস্বামী থাইলেণ্ডত বুলি উল্লেখ কৰি ভূপেন বৰাই কয় যে নিজৰ দায়বদ্ধতাৰ পৰা আঁতৰি আছে জিতু গোস্বামী ।

লগতে পঢ়ক: সৎসংগী সত্ৰ পৰিচালনা সমিতিৰ অধিকাংশ সদস্যৰ পদত্যাগ - Bhupen Borah Controversy

প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে লগতে কয় যে প্ৰধানমন্ত্ৰীয়ে মিছা কথা কৈ কৈ তিনিবাৰকৈ শাসন কৰিলে আৰু নোৱাৰে, ৪ জুনৰ পৰা সামগ্ৰিক পৰিস্থিতি সলনি হৈছে । বৃহস্পতিবাৰে দেৰগাঁৱত বাঢ়নী পানীত উটি মৃত্যু হোৱা বিশ্বজিত ভূঞাৰ বাসগৃহত উপস্থিত হয় কংগ্ৰেছ সভাপতিগৰাকী । পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰাৰ লগতে বিশ্বজিত ভূঞাৰ শিক্ষিত পত্নীক এটা চৰকাৰী চাকৰি দি সংস্থাপনৰ ব্যৱস্থা কৰি পৰিয়ালটোক স্বাৱলম্বনৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰৰ প্ৰতি আহ্বান জনায় ভূপেন বৰাই ।

লগতে পঢ়ক: লোসসভা নিৰ্বাচনত 400 পাৰ নোহোৱাত কামাখ্যাত সাধু-সন্তৰ ওপৰত প্ৰতিশোধ লৈছে বিজেপিয়ে: ভূপেন বৰা - Bhupen Borah slams BJP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.