ETV Bharat / state

আমাৰ প্ৰাৰ্থীসকলক যথাসাধ্য আৰ্থিকভাৱে সহায় কৰক : ভূপেন বৰা - Congress in crisis

author img

By ETV Bharat Assamese Team

Published : Mar 31, 2024, 1:00 PM IST

Congress in crisis: সংকটত কংগ্ৰেছ । বিজেপি চৰকাৰে ছীল কৰিলে সকলো একাউণ্ট । সহায় কৰিব পৰা নাই প্ৰাৰ্থীক । গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ এই যুঁজখনত ৰাইজৰ সহযোগিতা কামনা । বিজেপিৰ কুটিল ৰণকৌশলৰ পৰা হাত সাৰিবৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক যথাসাধ্য আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে ৰাইজৰ প্ৰতি আহ্বান ।

Bhupen Bora appeal for public to provide financial help to Congress candidates
সৰ্বস্তৰৰ ৰাইজৰ প্ৰতি ভূপেন বৰাৰ বিশেষ আহ্বান

গুৱাহাটী, ৩১ মাৰ্চ : লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত সংকটত পৰিছে কংগ্ৰেছ দল । চৰকাৰে কংগ্ৰেছ দলৰ সকলো একাউণ্ট বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত আৰ্থিক সংকটৰ সন্মূখীন হৈছে বিৰোধী দলটো । যাৰ বাবে নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলক আৰ্থিকভাৱে সহযোগ কৰিব পৰা নাই কংগ্ৰেছে । এই কথা আজি ব্যক্ত কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

তেওঁ অসমবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি কয় যে বিজেপি চৰকাৰে কংগ্ৰেছ দলৰ সকলো একাউণ্ট ছীল কৰা দিয়াৰ লগতে কংগ্ৰেছৰ পুঁজিৰ পৰা প্ৰায় ডেৰশ কোটি টকা কাঢ়ি লৈ গৈছে । তদুপৰি কেইবাশ কোটি টকা জৰিমনা ভৰোৱাইছে । এনে প্ৰেক্ষাপটত দলে সীমিত সামৰ্থৰেহে প্ৰাৰ্থীসকলক সহায় কৰিবলৈ সক্ষম হৈছে ৷

তেওঁ কয় যে, লোকসভা নিৰ্বাচনৰ বাবে এইখিনি আৰ্থিক সহায় যথেষ্ট নহয় । প্ৰাৰ্থীসকলক দলৰ ফালৰ পৰা যিমানখিনি আৰ্থিক সহায় আগবঢ়াব লাগিছিল সিমানমানখিনি সহায় দলে আগবঢ়াব পৰা নাই বুলি তেওঁ সদৰী কৰে । তেওঁ লগতে কয় যে ন্যায়ালয়ৰ হস্তক্ষেপত ছীল কৰি থোৱা একাউণ্টসমূহ খোলিব নোৱাৰিলে পৰৱৰ্তী সময়ত অন্য এক পৰিস্থিতিৰ সন্মুখীন হোৱাটো অনুমান কৰিছে কংগ্ৰেছে ।

এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি তেওঁ দলৰ সকলো স্তৰৰ নেতা-কৰ্মী, ব্যৱসায়ী, কৃষক-শ্ৰমিক, বন্ধু-বান্ধৱ, শুভাকাংক্ষীকে ধৰি সকলো ৰাইজৰ প্ৰতি বিশেষ অনুৰোধ জনায় । তেওঁ গণতন্ত্ৰ আৰু সংবিধান ৰক্ষাৰ এই যুঁজখনত ৰাইজৰ সহযোগিতা কামনা কৰে । লগতে তেওঁ সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে চলোৱা কংগ্ৰেছৰ যুঁজখনত ৰাইজৰ সহায়-সহযোগ বিচাৰে ।

তেওঁ বিজেপিৰ কুটিল ৰণকৌশলৰ পৰা হাত সাৰিবৰ বাবে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলক সকলোৱে যথাসাধ্য আৰ্থিক সাহায্য প্ৰদান কৰাৰ বাবে আহ্বান জনায় ।

লগতে পঢ়ক : গৌৰৱ গগৈক চাবলৈহে সভাবোৰত মানুহ হৈছে : যোগেন মহন - Lok Sabha POLLS 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.