ETV Bharat / state

ডবকাত আৰক্ষীৰ গুলীত আহত গো-মাংস ব্যৱসায়ী, আটক ৭ - Encounter in Doboka

author img

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 6:00 PM IST

Drive against beef saller: ডবকাত গোপনে চলি আছে গো-মাংসৰ বেহা । আৰক্ষীয়ে এনে ব্যৱসায়ীৰ বিৰুদ্ধে চলালে অভিযান । ব্যৱসায়ীৰ ঘৰৰ পৰা কি পালে আৰক্ষীয়ে ?

Drive against beef traders
গো-মাংসৰ ব্য়ৱসায় (ETV BHARAT ASSAM)

নগাঁও,৫ জুলাই : ৰাজ্য় চৰকাৰে গো-মাংস ব্য়ৱসায়ীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলেও একাংশ অসাধু বেপাৰীয়ে চোৰাংভাৱে চলাই আছে এই বেহা । ইয়াৰ মাজতেই হোজাই জিলাৰ ডবকাত শুক্ৰবাৰে পুৱাই সংঘটিত হয় আৰক্ষীৰ এনকাউণ্টাৰৰ ঘটনা । আৰক্ষীৰ গুলীত এজন গো-মাংস ব্যৱসায়ী আহত হোৱাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় হোজাই জিলাত । হোজাই জিলাৰ আৰক্ষী অধীক্ষক সৌৰভ গুপ্তাই সংবাদ মাধ্যমক উল্লেখ কৰা অনুসৰি শুক্ৰবাৰে পুৱাই ডবকাৰ যমুনামুখত জাকিৰ হুছেইনৰ ঘৰৰ সমীপত তেজৰ চেকুৰা প্ৰত্যক্ষ কৰি আৰক্ষীয়ে তালাচী চলাব বিচাৰোতেই গো-মাংস ব্যৱসায়ী জাকিৰ হুছেইনে আৰক্ষীক আক্ৰমণ চলায় । লগে লগে আৰক্ষীয়েও আত্মৰক্ষাৰ বাবে গুলীচালনা কৰে ।

গো-মাংসৰ ব্য়ৱসায় (ETV BHARAT ASSAM)

আৰক্ষী অধীক্ষকগৰাকীয়ে কয় যে গো-মাংস ব্যৱসায়ীটোৰ আক্ৰমণত এগৰাকী আৰক্ষী বিষয়া আহত হোৱাৰ উপৰি আৰক্ষীৰ গুলীত আহত হয় জাকিৰ হুছেইন । গো-মাংস ব্যৱসায়ীৰ আক্ৰমণত আহত হয় আৰক্ষীৰ উপ-পৰিদৰ্শক অচুৰ পেগু ৷ এই ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰাৰ পাচতেই ডবকা, যমুনাখ আদি অঞ্চলত গো-মাংস ব্যৱসায়ীৰ বিৰুদ্ধে তৎপৰ হৈ পৰে হোজাই আৰক্ষী ।

লগতে পঢ়ক:গো মাংস কাটি থাকোতেই ধৰা পেলালে আৰক্ষীয়ে : দুজনৰ পলায়ন

ব্যৱসায়ীটোৰ বাসগৃহৰ পৰা প্ৰায় ৫০০ কিলোগ্ৰাম গো -মাংস জব্দ কৰে আৰক্ষীয়ে ৷ তদুপৰি আৰক্ষীয়ে প্ৰায় এহেজাৰ গৰুৰ ছাল জব্দ কৰে ৷ অঞ্চলটোৰ গো-মাংস ব্যৱসায়ী চক্ৰৰ খলনায়ক হিচাপে পৰিচিত চিৰাজ উদ্দিনক বিচাৰিও আৰক্ষীয়ে অভিযান তীব্রতৰ কৰি তুলিছে । ইপিনে, চিৰাজ উদ্দিন নামৰ ব্যৱসায়ীটোৰ ঘৰৰ পৰাও জব্দ কৰা হৈছে গো-মাংস আৰু বৃহৎ পৰিমানৰ গৰুৰ ছাল । গো-মাংস ব্যৱসায়ৰ সৈতে জড়িত ৭ জনকৈ লোকক ইতিমধ্যে আটক কৰিছে হোজাই আৰক্ষীয়ে ৷

লগতে পঢ়ক:জয়পুৰৰ তাঁতী পথাৰত চুৰি গৰুসহ গো মাংস জব্দ; পলাতক অভিযুক্ত

ডুমডুমাত হিন্দু দল-সংগঠনে জব্দ কৰিলে বাহনসহ গো-মাংস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.