ETV Bharat / state

ভাৰা কোঠালীৰ শেতেলীত নীৰৱে মৃত্যুৰ ক্ষণ গণিছে প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনে - প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মন

Ex minister Ramani Barman: গুৰুতৰভাৱে অসুস্থ ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী ৰমণী বৰ্মন ৷ নলবাৰীৰ এটা ভাৰা কোঠালীৰ বিচনাত নীৰৱে মৃত্যুৰ ক্ষণ গণি থকা এইগৰাকী প্ৰবীণ ৰাজনীতিকক প্ৰয়োজন উপযুক্ত চিকিৎসাৰ ৷ কিন্তু তেওঁৰ খবৰ ল’বলৈ আহৰি নাই ৰজাঘৰীয়াৰো ৷ যাৰ বাবে অৱহেলিত হৈ পৰি ৰৈছে প্ৰাক্তন মন্ত্ৰীগৰাকী ৷

Ex minister Ramani Barman
Ramani Barman minister
author img

By ETV Bharat Assamese Team

Published : Feb 19, 2024, 9:20 PM IST

গুৰুতৰভাৱে অসুস্থ প্ৰাক্তন মন্ত্ৰী ৰমণী বৰ্মনে

নলবাৰী, 19 ফেব্ৰুৱাৰী: ৰাজ্যৰ এগৰাকী বৰ্ষীয়ান ৰাজনীতিক তথা প্ৰাক্তন শিক্ষামন্ত্ৰীৰ বৰ্তমান ঠিকনা ভাৰা ঘৰৰ এখন বিচনা । ভাৰা ঘৰৰ বিচনাত শয্যাগত হৈ যেন নীৰৱে মৃত্যুৰ ক্ষণ গণিছে প্ৰমূল্যবোধৰ ৰাজনীতি কৰা সাম্যবাদী ৰাজনীতিকগৰাকীয়ে । জীৱনত সমাজক বহু দিয়া একালৰ শিক্ষাবিদ তথা শিক্ষামন্ত্ৰীগৰাকী একেবাৰেই এতিয়া নিসংগ । বৰ্তমানৰ মন্ত্ৰী-বিধায়ক তথা সমাজ আৰু ৰাজনীতিৰ সৈতে জড়িতসকলৰ যেন আহৰি নাই তেওঁৰ এটা খবৰ ল’বলৈ ।

  • " class="align-text-top noRightClick twitterSection" data="">

নলবাৰীৰ এটি ভাৰা ঘৰত নীৰৱে নিঃশব্দে শয্যাগত হৈ থকা বৰ্ষীয়ান ৰাজনীতিবিদগৰাকী কোন জানেনে ? তেখেত হৈছে ৰাজ্যৰ প্ৰাক্তন শিক্ষামন্ত্ৰী তথা নলবাৰী মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক ৰমণী বৰ্মন ।

1974 চনত অসমত যেতিয়া জনতা দলৰ চৰকাৰ আছিল, তেতিয়া মুখ্যমন্ত্ৰীৰ আসনত বহিছিল প্ৰয়াত গোলাপ বৰবৰা ৷ সেই চৰকাৰৰ শিক্ষা আৰু গৃহ ৰাজ্যিক দপ্তৰৰ আছিল ৰমণী বৰ্মন ৷ কিন্তু বৰ্তমান তেওঁৰ অৱস্থা বৰ্ণনাতীত ৷ এটা ভাৰা কোঠাৰ এখন বিচনাত ৰুগীয়া শৰীৰটো থৈ তেওঁ এটি এটি ক্ষণ গণিছে জীৱনৰ ৷ প্ৰিয়তমা পত্নী আৰু এটি পুত্ৰৰ মৃত্যু ওচৰৰ পৰা দেখা ৰমণী বৰ্মনক বৰ্তমান শুশ্ৰূষা কৰি আছে তেওঁৰ আনগৰাকী পুত্ৰই ৷

ওৰেটো জীৱন মূল্যবোধৰ ৰাজনীতি কৰা, জনসেৱাৰ বাবে সৰ্বস্ব উজাৰি দিয়া বৰ্মনৰ খবৰ ল’বলৈ আহৰি নাই ৰজাঘৰীয়াৰো ৷ নলবাৰীৰ এটি ভাৰা ঘৰত তেওঁ পৰি আছে, লাভ কৰা নাই উপযুক্ত চিকিৎসাও ৷ এসমত মন্ত্ৰী হোৱাৰ উপৰিও তেওঁ আছিল এগৰাকী প্ৰবক্তা ৷ সদায় বাক-স্বাধীনতাৰ হকে মাত দিছিল মানুহজনে ৷ কিন্তু আজি তেওঁ কাকো চিনি নাপায়, মুখৰ মাতটোও হৰিল ৷ কোনোমতে উশাহটো লৈ জীয়াই আছে ৷

এইগৰাকী অশীতিপৰ ৰাজনীতিক ৰমণী বৰ্মনৰ চিকিৎসাৰ বাবে সুব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে নলবাৰীৰ বিদ্ব্যৎ মহলে ৷ হৃদয়ৰ সংলাপ নামৰ আত্মজীৱনীত বহু কথা লিপিবদ্ধ কৰা ৰমণী বৰ্মনলৈ এইবেলি আগবঢ়োৱা হৈছে জীৱন শিল্পী আদ্য শৰ্মা বঁটা । নলবাৰী আৰ্ট স্কুলৰ তৰফৰ পৰা অহা 22 ফেব্ৰুৱাৰীত প্ৰদান কৰা হ’ব এই বঁটা ৷

সুস্থ হৈ উঠক ৰমণী বৰ্মন, চৰকাৰেও গুৰুত্বসহকাৰে চিকিৎসাৰ ব্যৱস্থা কৰক এইগৰাকী বৰ্ষীয়ান ৰাজনীতিকৰ ৷ সকলোৱে তাকেই কামনা কৰিছে ৷ অৱশ্যে নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই ৰমণী বৰ্মনৰ বাবে এটা আই চি ইউ কক্ষৰ ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: অসমৰ কুটিৰ শিল্পক জীয়াই ৰখা ৰমণী বৰ্মনক চিনি পায়নে ?

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.