ETV Bharat / state

দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ BDO আৰু সহকাৰী BDO - Caught for taking bribe

Assistant BDO and BDO Caught Accepting Bribe: অভয়াপুৰীত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । চাকৰিৰ ৬ মাহ পিছতেই হাত দাঙিলে প্ৰশাসনিক বিষয়াই । অভয়াপুৰীৰ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ BDO আৰু সহকাৰী BDO ক গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

BDO and Assistant BDO arrested in anti-corruption branch raid in Abhayapuri
দুৰ্নীতি নিবাৰক শাখাৰ অভিযানত গ্ৰেপ্তাৰ BDO আৰু সহকাৰী BDO (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 18, 2024, 9:21 PM IST

বঙাইগাঁও,১৮ আগষ্ট: ৰাজ্যত অপৰাধ তথা দুৰ্নীতি নিৰ্মূলৰ বাবে বৰ্তমানো অব্যাহত আছে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । এইবাৰ অভয়াপুৰীত চলিল মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । চাকৰিৰ ৬ মাহ পিচতেই হাত দাঙিলে প্ৰশাসনিক বিষয়াই । ১৬০০০ টকা উৎকোচ লওঁতেই হাতে লোটে গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই ।

ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা দুই বিষয়া BDO খুৰছিদা খানম আৰু সহকাৰী BDO নেকিব আহমেদ । বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান চলাই খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানম আৰু সহকাৰী খণ্ড উন্নয়ন বিষয়া নেকিব আহমেদক হাতে লোটে গ্ৰেপ্তাৰ কৰে । নিশা ১২ বজালৈ সৃজনগ্ৰাম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত অভিযান চলালে দুৰ্নীতি নিবাৰক শাখাই ।

BDO and Assistant BDO arrested in anti-corruption branch raid in Abhayapuri
সহকাৰী BDO নেকিব আহমেদ (ETV Bharat Assam)

ইফালে খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমৰ অভয়াপুৰী টেংনামাৰীত থকা ভাড়া ঘৰত নিশা ১ বজালৈ চলে অভিযান । অভয়াপুৰী চহৰৰ বিপুল কলিতা নামৰ লোকজনে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাত অভিযোগ কৰাৰ পিচতে চলাই এই অভিযান । অভিযোগ অনুসৰি এটা কামৰ বিলৰ ৫০ লাখ টকা আদায় দিয়াৰ নামত বিলৰ বিপৰীতে খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমৰ অফিচ চেম্বাৰত উৎকোচ হিচাপে ১৬,০০০/- টকা লোৱাৰ সময়তেই ২ বিষয়া অৰ্থাৎ খুৰছিদা খানম আৰু নেকিব আহমেদক হাতে লোটে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটো ।

আনহাতে সেই একে সময়তে ডিব্ৰুগড়স্থিত খণ্ড উন্নয়ন বিষয়া খুৰছিদা খানমৰ নিজ বাসগৃহৰ পৰা ১৪ লাখ টকা জব্দ কৰিবলৈ সক্ষম হয় মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাই ।

লগতে পঢ়ক: উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত লাটমণ্ডল

আয়াসতে ধন ঘটাৰ খক ! মণ্ডলৰ বিচনাৰ তলৰ পৰা উদ্ধাৰ হ’ল লাখে লাখে ধন - Caught for taking bribe

বেজৰ নাকতে খৰ... শিক্ষামন্ত্ৰীৰ গৃহ জিলাতে ঘোচ লৈ ধৰা পৰিল শিক্ষা বিভাগৰ কৰ্মচাৰী - SENIOR ASSISTANT ARRESTED

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.