ETV Bharat / state

বৰপেটাত বৰ্ণিল বসন্তৰ শোভাযাত্ৰাত জনগোষ্ঠীয় হোলীগীতৰ দলে মন মুহিলে ৰাইজৰ - barnil basanta procession

author img

By ETV Bharat Assamese Team

Published : Mar 23, 2024, 4:18 PM IST

Holi Songs in Barpeta: বৰপেটাত ভিন্ন ভাষা-ভাষী আৰু জনগোষ্ঠীয় হোলীগীতৰ সুৰত ৰঙীণ হৈ পৰে বৰ্ণিল বসন্তৰ অনুষ্ঠান । বৰপেটা,পাটবাউসী, সুন্দৰীদিয়া,শুৱালকুছি শ্ৰীশ্ৰীঈশ্বৰহাটী সত্ৰৰ সত্ৰাধিকাৰে অংশগ্ৰহণ ।

Holi Songs in Barpeta
বৰপেটাৰ দৌল মহোৎসৱ
বৰপেটাৰ দৌল মহোৎসৱ

বৰপেটা, ২৩ মাৰ্চঃ বৰপেটাৰ প্ৰাণৰ দৌল মহোৎসৱ দুৱাৰডলিত ৷ দেওবাৰৰ পৰা বৰপেটা সত্ৰত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব বৰপেটাৰ বিখ্যাত দৌল মহোৎসৱ ৷ এই দৌল মহোৎসৱৰ প্ৰাকক্ষণত সত্ৰনগৰী বৰপেটাত শনিবাৰে 'বৰ্ণিল বসন্ত ' শীৰ্ষক হোলীগীতৰ এক মহা আয়োজন কৰা হয় ৷ বৰপেটা সাংস্কৃতিক মঞ্চৰ উদ্যোগত অনুষ্ঠিত হোলীগীতৰ এই মহা আয়োজনত অংশগ্ৰহণ কৰে বড়ো, ৰাভা, কোচ ৰাজবংশী, বিহাৰী, মাৰোৱাৰী, বাংলা আদিকে ধৰি বৰপেটাৰ হোলীদল সমূহে ৷

বৰপেটাৰ হোলীগীতৰ প্ৰচাৰ-প্ৰসাৰৰ উদ্দেশ্যে বৰপেটাৰ সাংস্কৃতিক মঞ্চই বড়ো, ৰাভা, ৰাজস্থানী আদি ভিন্ন ভাষালৈ বৰপেটাৰ হোলীগীত সমূহ ইতিমধ্যে অনুবাদ কৰিছে ৷ আজি এই ভিন্ন ভাষা-ভাষী আৰু জনগোষ্ঠীয় হোলীগীতৰ সুৰত ৰঙীণ হৈ পৰে বৰ্ণিল বসন্তৰ অনুষ্ঠান ৷ ভিন্নভাষী এই হোলীগীতৰ শোভাযাত্ৰাই সত্ৰনগৰী বৰপেটা চহৰ পৰিভ্ৰমণ কৰাৰ লগে লগে এতিয়া হোলীগীতৰ সুৰত উন্মনা হৈ পৰে বৰপেটা ৷

শনিবাৰে গুৰুজনাৰ একান্ত সেৱক ৰবীন দাসে পতাকা উত্তোলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভ কৰে ৷ আনহাতে, অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা এখন স্মৃতিগ্ৰন্থ দীপক কুমাৰ দাসে উন্মোচন কৰে ৷ উক্ত অনুষ্ঠানত বৰপেটা, পাটবাউসী, সুন্দৰীদিয়া, শুৱালকুছি শ্ৰীশ্ৰীঈশ্বৰহাটী সত্ৰকে ধৰি কেইবাগৰাকী সত্ৰাধিকাৰে অংশ লয় ৷

উল্লেখ্য় যে বৰপেটাৰ কলা-সংস্কৃতিৰ ভেটি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ জৰিয়তে স্থাপন কৰি থৈ গৈছে । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেৰ পিছত তেওঁৰ শিষ্য মহাপুৰুষ মাধৱদেৱ, দামোদৰদেৱ আৰু হৰিদেৱে কেবাখনো সত্ৰ প্ৰতিষ্ঠাৰ জৰিয়তে এই ভেটি মজবুত কৰে । তেতিয়াৰে পৰাই বৰপেটা সত্ৰত এই দৌল মহোৎসৱৰ আয়োজন কৰি অহা হৈছে ।

লগতে পঢ়ক:বৰপেটাত দৌল মহোৎসৱৰ ব্যাপক প্ৰস্তুতি: ৰঙে-ৰূপে একাকাৰ হ’ব দ্বিতীয় বৈকুণ্ঠপুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.