ETV Bharat / state

বৰাক উপত্যকাতো অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰীকৰণৰ দাবী

Barak Valley Khilonjia forum: ক্ষোভত জ্বলিছে ২১ টাকৈ খিলঞ্জীয়া জনগোষ্ঠী । অসম চুক্তিৰ পৰা কিয় বৰাক উপত্যকা বাদ পৰিব ?

Barak Valley Khilonjia forum
অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ দাবী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : 3 hours ago

শিলচৰ: অসম চুক্তিৰ ৬নং দফা বৰাক উপত্যকাত কাৰ্যকৰী কৰিবই লাগিব । অসম চুক্তিৰ ৬নং দফাৰ পৰা বৰাক উপত্যকাক বাদ দিলে বৰাকত জুই জ্বলিব । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অসম চুক্তিৰ ৬নং দফাৰ পৰা বৰাক উপত্যকাক বাদ দিয়া হ'ব বুলি মন্তব্য় কৰাৰ পিচতেই ক্ষোভত জ্বলিছে ২১ টাকৈ খিলঞ্জীয়া জনগোষ্ঠী । তেওঁলোকৰ প্ৰশ্ন, কিয় বাদ পৰিব বৰাক উপত্যকা ?

অসম চুক্তিৰ ৬ নং দফা বৰাকত কাৰ্যকৰী নহয় । ইতিমধ্যে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । কিন্তু মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছত বৰাকৰ বিভিন্ন খিলঞ্জীয়া জনগোষ্ঠীৰ লোকসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে । বৰাকত ৬ নং দফা কাৰ্যকৰী কৰাৰ লক্ষ্যৰে নতুনকৈ জন্ম লাভ কৰা 'বৰাক উপত্য়কা খিলঞ্জীয়া মঞ্চ'ই এই সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰি চৰকাৰক সকীয়াই দিছে ৷

অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিবলৈ দাবী (ETV Bharat Assam)

অসম চুক্তিৰ ৬নং দফা বৰাকত কাৰ্যকৰী নহ'লে বৰাকত জুই জ্বলিব বুলি হুংকাৰ ২১ টাকৈ খিলঞ্জীয়া জনগোষ্ঠীৰে নতুনকৈ জন্ম হোৱা সংগঠনটোৰ ৷ মঙলবাৰে কাছাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰীলৈ এই সন্দৰ্ভত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰি সংগঠনটোৰ কৰ্মকৰ্তাসকলে প্ৰশ্ন কৰে, "বৰাকখন অসমৰ অংগ নহয় নেকি ? বৰাকক বাদ দি অসম চুক্তি কৰা হৈছিল নেকি ?" যদি নহয়, তেনেহ'লে কিয় অসম চুক্তিৰ ৬নং দফা বৰাকত কাৰ্যকৰী নহয় বুলি প্ৰশ্ন কৰে সংগঠনটোৰ কৰ্মকতাসকলে ৷

বৰাক উপত্যকাত অসম চুক্তিৰ ৬নং দফা কাৰ্যকৰী কৰিব লাগিবই বুলি দাবী উত্থাপন কৰি বৰাক উপত্য়কা খিলঞ্জীয়া মঞ্চই অহা ১৫ দিনৰ ভিতৰত চৰকাৰে যদি তেওঁলোকৰ এই দাবী মানি নলয় তেনেহ'লে বৰাক উপত্যকাত তীব্ৰ আন্দোলনৰ লগতে উপত্যকাটোত জুই জ্বলিব বুলি হুংকাৰ দিয়ে ।

লগতে পঢ়ক: নাগৰিকত্বৰ ভিত্তিবৰ্ষৰ ৰায়ত আনন্দও আছে বেদনাও আছে: কিয় ক’লে মুখ্যমন্ত্ৰী ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.