ETV Bharat / state

কৃত্ৰিম বানৰ কবলত বৰভাগৰ এফ আলি বিদ্যালয় : পৰিত্ৰাণ বিচাৰি ৰাজপথত নামিল কণ কণ শিক্ষাৰ্থী - Nalbari School Students Protest

author img

By ETV Bharat Assamese Team

Published : Aug 5, 2024, 8:09 PM IST

Nalbari F Ali School Students Protest : নলবাৰীত শ্ৰেণীকোঠা বৰ্জন কৰি প্ৰতিবাদত নামিল কণ-কণ ছাত্ৰ-ছাত্ৰী । নলবাৰীৰ বৰভাগ ফখৰুদ্দিন আলি আহমেদ এম ই মাদ্ৰাছাক কৃত্ৰিম বানৰ কবলৰ পৰা মুক্ত কৰাৰ দাবীত ৰাজপথত নামে ছাত্ৰ-ছাত্ৰী । বৰভাগ ৰাজহ চক্ৰ বিষয়াক স্মাৰক-পত্ৰ প্ৰদানেৰে সমস্যা সমাধানৰ দাবী বিদ্যালয় কৰ্তৃপক্ষ আৰু দল-সংগঠনৰ ।

Nalbari F Ali School Students Protest
বৰভাগৰ এফ আলি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ (ETV Bharat Assam)

নলবাৰী, ৫ আগষ্ট : নলবাৰীৰ এখন বিদ্যালয় চৌহদৰ অৱস্থাই জীয়াতু ভোগাইছে কণ কণ শিক্ষাৰ্থীক । বিগত এমাহৰো অধিক কাল বিদ্যালয়খন বুৰ গৈ আছে কৃত্ৰিম বানত । যেন জীউটো হাতত লৈ কোনোমতে বিদ্যালয়খনত উপস্থিত হয় কণ কণ ছাত্ৰ-ছাত্ৰীসকল । অকণনাম অসাৱধান হ'লেই নলবাৰীৰ এই বিদ্যালয়খনত ঘটিব পাৰে বিপদ, ঘটিব পাৰে অঘটন ।

কৃত্ৰিম বানৰ কবলত বৰভাগৰ এফ আলি বিদ্যালয় (ETV Bharat Assam)

নলবাৰীৰ বৰভাগৰ ৰাইমাধা গাঁৱত অৱস্থিত বৰভাগ ফখৰুদ্দিন আলি আহমেদ এম ই মাদ্ৰাছা বিদ্যালয়খনৰ দৃশ্য এয়া । কৃত্ৰিম বানৰ কবলত বিদ্যালয়খন । যাৰ বাবে কণ কণ শিক্ষাৰ্থীয়ে এই সমস্যা সমাধানৰ দাবীত সোমবাৰে প্ৰতিবাদ সাব্যস্ত কৰে । কণ কণ শিক্ষাৰ্থীসকলে শ্ৰেণীকোঠা বৰ্জন কৰি ৰাজপথত প্ৰতিবাদত নামে ।

আনহাতে, বিদ্যালয়খনৰ শিক্ষক-কৰ্মচাৰী তথা অভিভাৱকৰ নেতৃত্বত কণ কণ শিক্ষাৰ্থীসকলে হাতে হাতে বেনাৰ, ফেষ্টুন লৈ সমদল কৰি উপস্থিত হয় বৰভাগ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত । ৰাজহ চক্ৰ বিষয়াৰ জৰিয়তে শিক্ষকসকলে সমস্যা সমাধানৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰ প্ৰদান কৰে ।

উল্লেখ্য যে বৰভাগৰ এইখন বিদ্যালয়ৰ সন্মুখৰে যোৱা দুটিকৈ ৰাজপথ ক্ৰমে ঘগ্ৰাপাৰ-দামোদৰধাম-বিজুলীঘাট পথ আৰু গ্ৰামাঞ্চললৈ প্ৰৱেশিত এটি পথ বিদ্যালয়খনতকৈ ওখকৈ নিৰ্মাণ কৰাত বিদ্যালয় চৌহদৰ পানী ওলাই যাব নোৱাৰে । যাৰ ফলত বিদ্যালয় চৌহদতে পানী আবদ্ধ হৈ থাকে । ইয়াৰ ফলশ্ৰুতিত বিদ্যালয়খন কৃত্ৰিম বানেৰে উপচি পৰে । উক্ত কদৰ্যময় পৰিৱেশৰ মাজত পাঠদান প্ৰক্ৰিয়াত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱাৰ লগতে ছাত্র-ছাত্ৰীসকলে মৰণক শৰণ দি বিদ্যালয়ত উপস্থিত হ'বলগীয়া হয় ।

যাৰ বাবে উপায়ন্তৰ হৈ ছাত্র-ছাত্ৰীসকলে সোমবাৰে হাতে হাতে প্লে'-কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বৰভাগ ৰাজহ চক্ৰৰ বিষয়াক স্মাৰক-পত্ৰ প্ৰদান কৰে । "আমাক খেলিবলৈ দিয়ক, আমাক পঢ়িবলৈ দিয়ক, বিদ্যালয়ৰ কৃত্ৰিম বান নিষ্কাশন কৰক" আদি শ্লোগানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র-ছাত্ৰীসকলে । আনহাতে, উক্ত পথ দুটিত নলা নিৰ্মাণেৰে পানী নিষ্কাশন কৰি বিদ্যালয়খনৰ এই ভয়াৱহ সমস্যা দূৰ কৰিবলৈ বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু বিভিন্ন দল-সংগঠনে দাবী জনায় ।

লগতে পঢ়ক :এমাহতেই ধেমাজিত ১২৫০০ জীৱ-জন্তুক চিকিৎসা প্ৰদান - ASSAM FLOOD 2024
লগতে পঢ়ক :লুইতৰ ভয়ংকৰ খহনীয়াৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ নেদেখাজনক প্ৰাৰ্থনা - Massive Erosion

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.