ETV Bharat / state

অনিৰ্দিষ্টকাললৈ যান-বাহন নচলে এইখন জিলাত - Rainfall In Assam

author img

By ETV Bharat Assamese Team

Published : May 4, 2024, 8:24 PM IST

Updated : May 4, 2024, 9:21 PM IST

RAINFALL IN DIMA HASAO: ডিমা হাছাও জিলাত ৫ মে' ৰ পৰা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ সম্ভাৱনা প্ৰকাশ কৰিছিল বতৰ বিজ্ঞান বিভাগে । ইয়াৰ পিছতে তৎপৰ হৈ পৰিছে ডিমা হাচাও জিলা প্ৰশাসন । নিশাৰ ভাগত যাত্ৰীবাহী ৰে'লৰ চলাচল বন্ধ কৰাৰ পিছত আহিল আন এক নিৰ্দেশনা । নিশা ৮ বজাৰ পিছত চলাচল কৰিব নোৱাৰিব কোনো যান-বাহন । সবিশেষ জানক এই প্ৰতিবেদনৰ জৰিয়তে ।

Ban on vehicular movement in Dima Hasao from 8 pm
৮ বজাৰ পৰা যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা (ETV Bharat Assam)

হাফলং, ৪ মে': ডিমা হাছাও জিলাত ৫ মে' ৰ পৰা প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ হোৱাৰ সম্ভাৱনাৰ কথা বতৰ বিজ্ঞান বিভাগে জনোৱাৰ পাছতে হাফলং-শিলচৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ জাতিংগা আৰু হাৰেংগাজাও অংশত শনিবাৰে নিশা ৮ বজাৰ পৰা যান-বাহন চলাচলৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰে ডিমা হাছাও জিলা প্ৰশাসনে । বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী অনুসৰি ৫ মে' ৰ পৰা ডিমা হাছাও জিলাত প্ৰচণ্ড ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা থকাৰ বাবে ডিমা হাছাও জিলাৰ জিলা আয়ুক্ত তথা দুৰ্যোগ প্ৰশমন বিভাগৰ চেয়াৰমেন সীমান্ত কুমাৰ দাসে এই নিৰ্দেশনা জাৰি কৰে ।

নিৰ্দেশনা অনুসৰি শনিবাৰে নিশা ৮ বজাৰ পৰা হাফলং শিলচৰ জাতিংগা হাৰেংগজাও অংশত অনিৰ্দিষ্টকালৰ বাবে গধুৰ যান-বাহন আৰু বাণিজ্যিক যান-বাহনৰ চলাচল বন্ধ থাকিব । আনহাতে বৰাক উপত্যকাৰ পৰা অহা যান-বাহনসমূহক মেঘালয়-গুৱাহাটী পথ অৱলম্বন কৰাৰ পৰামৰ্শ দিয়া হয় । ইফালে ধাৰাসাৰ বৰষুণৰ সময়ত সাধাৰণ ৰাইজে জৰুৰী কাম আৰু চিকিৎসাজনিত কাৰণৰ বাহিৰে নিজৰ ঘৰৰ পৰা ওলাই নাহিবলৈ পৰামৰ্শ দিয়ে ডিমা হাছাও জিলা প্ৰশাসন আৰু দুৰ্যোগ প্ৰশমন বিভাগে ।

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে পাহাৰীয়া জিলাত যি কোনো ধৰণৰ প্ৰাকৃতিক দুৰ্যোগ মোকবিলা কৰিবৰ বাবে জিলা প্ৰশাসনে তিনিটাকৈ হেল্পলাইন নম্বৰ মুকলি কৰে । হেল্পলাইন নম্বৰ কেইটা হৈছে-03673/236324 03673/1077/094355 30412 । উল্লেখ্য যে, 25 এপ্ৰিলত প্ৰচণ্ড বৰষুণৰ বাবে জাতিংগা, লামপুৰ আৰু নিউহাৰেংগাজাও ষ্টেচনৰ মধ্যৱৰ্তী 110/7 কিলোমিটাৰত ৰে’ল লাইন বহি যোৱাৰ ফলত এখন মালবাহী ৰে’লৰ ইঞ্জিন লাইনচ্যুত হয় ৷ ইয়াৰ পিচতে ঘটনাস্থলীত বিভাগীয় কৰ্তৃপক্ষ উপস্থিতিত ৰে’ল লাইন মেৰামতি কৰি দুখন খন যাত্ৰীবাহী ৰে’ল সফলতাৰে পাৰ কৰোৱা হয় ৷

লগতে পঢ়ক: প্ৰকৃতিৰ ৰোষত ডিমা হাছাও : বাসগৃহৰ লগতে সা-সম্পত্তিৰ ক্ষতিসাধন - Rainfall In Assam

লামডিং-শিলচৰ লাইনত দিনৰ ভাগত চলিব যাত্ৰীবাহী ৰে’ল - NF Railway

ডিমা হাছাও জিলাত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, বিপৰ্যস্ত জনজীৱন - Flood In Dima Hasao

Last Updated : May 4, 2024, 9:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.