ETV Bharat / state

জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজ লাগিল হাতে কামে - Pathetic Road Condition

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 6:37 PM IST

Pathetic Road Condition: মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টিত যাতায়তৰ শোচনীয় ৰূপ ৷ বজালীৰ বতিয়ামাৰীত ৰাইজে গাঁঠিৰ ধন খৰচ কৰি নিৰ্মাণ কৰে জৰাজীৰ্ণ পথ । জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ সাধাৰণ ৰাইজৰ ।

Bajali public build dilapidated road following negligence by Departmental Officer
জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি পূৰণ নকৰাত ৰাইজ লাগিল হাতে কামে (ETV Bharat Assam)

বজালী,২৭ জুন: গাঁৱে-ভূঁয়ে, চহৰে-নগৰে সকলো পথৰ উন্নয়নৰ কৰা বুলি ঢাক-ঢোল বজাইছে চৰকাৰখনে । পিছে প্ৰকৃতাৰ্থত কিমান উন্নয়ন হৈছে ৰাজ্যৰ বাট-পথৰ ? সময়ে সময়ে এই কথাও পোহৰলৈ আহিছে । কোনো স্থানত যদি পথৰ মাজত পুখুৰী, আকৌ আন কোনো স্থানত পথাৰসদৃশ পথ । পিছে সততে সংবাদ মাধ্যমত এনে খবৰ প্ৰকাশ পোৱাৰ পাচতো গা-নলৰে একাংশ জনপ্ৰতিনিধিৰ । জনপ্ৰতিনিধিয়ে প্ৰতিশ্ৰুতি দিয়ে যদিও পুনৰ যেন পাহৰি যায় ।

বিধ্বস্ত পথ নিৰ্মাণৰ বাবে চৰকাৰৰ আবেদন-নিবেদন কৰি সঁহাৰি নাপাই অতিষ্ঠ হৈ পৰে জনসাধাৰণ । এনে এক পথৰ বাবে দীৰ্ঘদিনে জলাকলা খাই আহিছে বজালীৰ এটা অঞ্চলৰ ৰাইজে । জনপ্ৰতিনিধিৰ কোনো সঁহাৰি নাপাই অৱশেষত অঞ্চলটোৰ ৰাইজেই নামিল পথ নিৰ্মাণত ৷ এয়া বজালীৰ বতিয়ামাৰীৰ ন-পাৰা চুবুৰীৰ প্ৰায় ডেৰ কিঃমিঃ পথ দীৰ্ঘদিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে বাৰিষা চুবুৰীটোৰ পঞ্চাশৰো অধিক পৰিয়ালৰ লোক, ছাত্ৰ-ছাত্ৰীয়ে বাৰিষা যাতায়তৰ নামত ভোগ কৰি আহিছে নৰক যন্ত্ৰণা ৷

এজাক বৰষুণ দিলেই বিধ্বস্ত হৈ পৰা পথছোৱা নিৰ্মাণৰ বাবে ৰাইজে দীৰ্ঘসময় ধৰি বাঘমাৰা গাঁও পঞ্চায়ত, বজালী উন্নয়ন খণ্ডৰ লগতে সমষ্টিটোৰ জনপ্ৰতিনিধিক আবেদন-নিবেদন কৰি আহিছিল যদিও কোনো ব্যৱস্থা নোলোৱাত অৱশেষত উপায়ন্তৰ হৈ চুবুৰীটোৰ ৰাইজে ঘৰে ঘৰে অৰ্থ সংগ্ৰহ কৰি নিজাববীয়াকৈ শিল-বালি ক্ৰয় কৰি পথছোৱা যাতায়তৰ উপযোগী কৰিবলৈ বাধ্য হয় ৷

উল্লেখযোগ্য যে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সমষ্টিতে যাতায়ত ব্যৱস্থাৰ এনে পুতৌলগা অৱস্থাই এককথাত গ্ৰামাঞ্চলৰ উন্নয়নৰ নগ্ন ছবি এখনকেই উদঙাইছে ৷ বিভাগীয় কৰ্তৃপক্ষ, জনপ্ৰতিনিধিৰ অনীহাৰ বাবে হাঁহ-পাৰ বিক্ৰী কৰি পোৱা সাঁচতীয়া ধনেৰে পথ নিৰ্মাণ কৰিবলগীয়া হোৱা পৰিস্থিতিৰ বাবে ৰাইজে প্ৰকাশ কৰিছে চৰম আক্ষেপ ৷

লগতে পঢ়ক: বিধায়কৰ বিৰুদ্ধে ক্ষোভ : পথ নিৰ্মাণৰ কামত লাগিল ৰাইজ - Pathetic Road Condition

জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - Poor Road Condition

পথ নে পুখুৰী ধৰিব নোৱাৰা পানেৰী সমষ্টিৰ এটি পথ - Pathetic Road Condition Of Road

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.