ETV Bharat / state

বিশ্ব পৰ্যটন দিৱসৰ দিনাই পৰ্যটকৰ বাবে মুকলি মানাহ ৰাষ্ট্ৰীয় উদ্যান - Manas National Park - MANAS NATIONAL PARK

World Tourism Day 2024: পৰ্যটন বৰ্ষ ২০২৪-২৫ৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান । মাংগলিক ৰীতি-নীতিৰ জৰিয়তে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে পৰ্যটকৰ বাবে মুকলি কৰে ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ ।

Manas Bahbari range
পৰ্যটকৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 2:19 PM IST

বাক্সা, ২৭ ছেপ্টেম্বৰ : পৰ্যটকৰ বাবে ভাল খবৰ । দেশী-বিদেশী পৰ্যটকৰ বাবে মুকলি হ'ল বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান । বিশ্ব পৰ্যটন দিৱসৰ লগত সংগতি ৰাখি ২০২৪-২৫ পৰ্যটন বৰ্ষৰ বাবে ৰাষ্ট্ৰীয় উদ্যানৰ দুৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ।

মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ দ্বাৰ মুকলি

ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্লবৰুৱা আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৰ উপস্থিতিত মুকলি কৰা হ'ল ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ । ইফালে মানাহৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰৰ পৰা দ্বিতীয় প্ৰৱেশদ্বাৰলৈ এক বিশাল সাংস্কৃতিক শোভাযাত্রাৰো আয়োজন কৰা হয় । ৰাজ্যৰ পৰ্যটন মন্ত্রী জয়ন্ত মল্লবৰুৱাই বড়ো জনগোষ্ঠীৰ খাম আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে আদিবাসীসকলৰ মাদল বজাই আনন্দ উল্লাস কৰা দেখা যায় । ইয়াৰ পাছতেই এক মাংগলিক কাৰ্যসূচীৰ জৰিয়তে মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰা হয় ।

পৰ্যটকৰ বাবে মুকলি হ'ল মানাহ ৰাষ্ট্ৰীয় উদ্যান (ETV Bharat)

মানাহক লৈ নতুন পৰিকল্পনা

পৰ্যটকৰ বাবে ৰাষ্ট্ৰীয় উদ্যান মুকলি কৰি বিগত বছৰৰ তুলনাত মানাহত এইবাৰ পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাব বুলি আশা ব্যক্ত কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই । তেওঁ কয়, "বিটিআৰৰ শান্তি আৰু সুৰক্ষাৰ ব্যৱস্থাই মানাহৰ আকৰ্ষণ যথেষ্ট বৃদ্ধি কৰিছে । মানাহক লৈ নতুন চিন্তা হ'ল যে ভাল ব্ৰেণ্ডৰ হোটেল আমি ইয়ালৈ আনিব পাৰো নেকি ? যথেষ্ট সংখ্যক স্থানীয় যুৱক-যুৱতীক নিয়োগ কৰিবলৈ 'Home Stay'ৰ সংখ্যা বৃদ্ধি কৰিব পাৰি নেকি ? আমি তাৰ পৰিকল্পনা কৰি আছো ।"

মানাহৰ বেদখল সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয়, "ভূমি বেদখলৰ ক্ষেত্ৰত আমাৰ চৰকাৰ যথেষ্ট কঠোৰ । বিশেষকৈ বনভূমি বেদখলৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ । এই ক্ষেত্ৰত পদক্ষেপ দেখি আছে আৰু ভৱিষ্যতেও দেখি থাকিব ।"

মানাহৰ মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰাৰ পিচতেই বিশ্ব পৰ্যটন দিৱস উপলক্ষে চাইকেল ৰেলীও উদ্বোধন কৰে মন্ত্রী জয়ন্ত মল্লবৰুৱাই । ইয়াৰ পিচত মন্ত্রীগৰাকীৰ লগতে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো মানাহৰ মথনগুৰিলৈ ৰিভাৰ ৰাফটিং উদ্বোধন কৰিবলৈ ৰাওনা হয় ।

আনহাতে পৰ্যটকৰ বাবে মানাহ মুকলি সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয়, "পূৰ্বতে এই অঞ্চলসমূহত হিংসাৰ এটা পৰিৱেশ আছিল । নিৰাপত্তাৰ অভাৱ আছিল । কিন্তু এতিয়া পৰ্যটকৰ সংখ্যা বৃদ্ধি পাইছে যাৰ পৰা আমি ভাবিছো যে ইয়াত শান্তি আহিছে । মানাহ ৰাষ্ট্ৰীয় উদ্যান মুকলি অনুষ্ঠানত বিধায়ক ফণীধৰ তালুকদাৰ, বন বিভাগৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰী, পৰ্যটন বিভাগৰ কাৰ্যবাহী সদস্য ধৰ্মনাৰায়ণ দাস, সমাজ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য গৌতম দাস, ৰাকেশ ব্ৰহ্ম, এমচিএলএ জয় মুছাহাৰী, মণ্টু বড়ো, মানাহৰ ক্ষেত্ৰ সঞ্চালত ড° চি ৰমেশকে ধৰি বিভিন্নজন উপস্থিত থাকে ।

লগতে পঢ়ক :বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.