ETV Bharat / state

ভকতৰ ধন নিজৰ কৰি বহিষ্কৃত হ’ল বাবুল বাপ - Srimanta Sankaradeva Sangha

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:07 PM IST

Babul Bora controversy : বহুবিতৰ্কিত বাবুল বৰাক শংকৰদেৱ সংঘৰ প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হ’ল ৷ ব্যাপক বিত্তীয় অনিয়মৰ অভিযোগ আছিল সংঘৰ প্ৰাক্তন সম্পাদকগৰাকীৰ বিৰুদ্ধে ৷

Babul Bora controversy
ভকতৰ ধন নিজৰ কৰি বহিষ্কৃত হ’ল বাবুল বাপ (ETV Bharat Assam)

গুৱাহাটী, ১৯ জুলাই : অৱশেষত শ্ৰীমন্ত শংকৰদেৱ সংঘই বিদায় দিলে বহুবিতৰ্কিত প্ৰধান সম্পাদক বাবুল বৰাক ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰা বাবুল বৰাক বহিষ্কাৰ কৰা হ’ল ৷ ধৰ্মানুষ্ঠানত ব্যাপক বিত্তীয় অনিয়মৰ দৰে অধাৰ্মিক কাম কৰাৰ অভিযোগত প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কৃত হ’ল বাবুল বৰা ৷

একালৰ বৃন্দাবন একালত পৰে চন :

একালত বাবুল বৰাৰ মুখৰ বচনেই যেন আছিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অলিখিত নিয়ম ৷ সংঘৰ ভিতৰে-বাহিৰে আছিল বাবুল বৰাৰ অখণ্ড প্ৰতাপ ৷ সেইগৰাকী বাবুল বৰাকেই আজি বিত্তীয় কু-কৰ্মৰ বাবে প্ৰাথমিক সদস্য পদৰ পৰাও বহিষ্কাৰ কৰা হ'ল সংঘৰ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠকৰ সিদ্ধান্ত মৰ্মে ৷

তদন্ত সমিতিৰ ১২৬ পৃষ্ঠাজোৰা প্ৰতিবেদনৰ ভিত্তিত সংঘৰ কাৰ্যনিৰ্বাহকে তেওঁক বহিষ্কাৰ কৰে ৷ এসময়ত অজস্ৰজনক লঘু দোষতে বহিষ্কাৰ কৰা বাবুল বৰা আজি নিজেই সংঘৰ পৰা বহিস্কৃত হ’বলগীয়া হ’ল ভকতৰ বৃহৎ ধন আত্মসাৎ কৰাৰ লগতে ক্ষমতাৰ অপব্যৱহাৰ কৰাৰ অপৰাধৰ অভিযোগত ৷

আজি বৃহস্পতিবাৰে শংকৰী সাংস্কৃতিক কেন্দ্ৰ, ৰূপনগৰ, গুৱাহাটীত দিনৰ ১০ বজাৰ পৰা সংঘৰ এক গুৰুত্বপূৰ্ণ জৰুৰী কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল ৷ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সংবিধান অনুসৰি আয়োজিত কাৰ্যনিৰ্বাহক সভাখন প্ৰায় ৬ ঘন্টাৰো অধিক সময় অনুষ্ঠিত হয় ৷ এই বৈঠকতে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ ওপৰত পূৰ্বে আৰোপিত অভিযোগৰ তদন্তৰ প্ৰতিবেদনৰ সপক্ষে-বিপক্ষে হৈছিল দীঘলীয়া বিৰ্তক ৷ সংঘৰ প্ৰায় ৭০-৮০ জনীয়া মূলৰ সদস্য উপস্থিত থকা এই জৰুৰী কাৰ্যনিৰ্বাহকত অৱশেষত বাবুল বৰাক বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি বাবুল বৰাৰ বিৰুদ্ধে ক্ষমতাৰ অপব্যৱহাৰ আৰু বৃহৎ ধন আত্মসাতকে ধৰি ভালেমান অভিযোগ উত্থাপন হৈ আহিছিল ৷ সেয়ে সংবিধান অনুসৰি উচ্চস্তৰীয় তদন্ত সমিতি গঠন কৰি ইতিপূৰ্বেই সংঘৰ সকলো কাম-কাজৰ পৰা বাবুল বৰাক আঁতৰাই ৰাখিছিল শ্ৰীমন্ত শংকৰদেৱ সংঘই ৷

কি অভিযোগত বহিষ্কৃত হ’ল বাবুল বৰা ? :

  • মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মূল চৌহদ আটোৱাটিকা (নগাঁও), ধুবুৰী আৰু যোৰহাট গোটৰ নিৰ্মাণ কাৰ্যৰ বিভিন্ন অনিয়ম ৷
  • ধন অপচয়ৰ লগতে বিশ্ববিদ্যালয়ত হোৱা নিযুক্তিকে আদি কৰি বিভিন্ন বিসংগতি ৷
  • আনকি ইউ জি চি-ক উৎকোচ দিয়াৰ নাম লৈয়ো দুই লাখ টকা আত্মসাতৰ অভিযোগ ৷

তদন্ত সমিতিৰ প্ৰতিবেদনৰ পাতে-পাতে আছে প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰাৰ বহু বিত্তীয় অনিয়মত জড়িত থকাৰ তথ্য ৷ পোহৰলৈ আহিছে বাবুল বৰাৰ বহু কু-কীৰ্তি ৷ বাবুল বৰাৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ সঁচা বুলি অৱশেষত কাৰ্যনিৰ্বাহক পতিয়ন গৈ তেওঁক বহিষ্কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ বৰাৰ লগতে শ্ৰীমন্ত শংকৰদেৱ শৈক্ষিক আৰু আৰ্থ-সামাজিক ন্যাসৰ পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলাকো একেই কেতবোৰ অভিযোগত বহিষ্কাৰ কৰা বুলি জানিব পৰা গৈছে ৷

উল্লেখযোগ্য যে তদন্ত সমিতিৰ ১২৬ পৃষ্ঠাৰ প্ৰতিবেদনখন সন্দৰ্ভত যোৱা ২৩ জুনত অনুষ্ঠিত মূল কাৰ্যনিৰ্বাহকে বাবুল বৰা আৰু তেওঁৰ সহযোগীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এখন পাঁচজনীয়া সমিতি গঠন কৰি দিছিল ৷

চাৰিটা কাৰ্যকালৰ প্ৰতাপী প্ৰধান সম্পাদক আছিল বাবুল বৰা :

অসমৰ এক অন্যতম জাতীয় ধৰ্মানুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক হিচাপে বাবুল বৰাই ২০১৩ চনত দায়িত্ব গ্ৰহণ কৰিছিল ৷ একেৰাহে ২০১৭ চনলৈকে দুটা কাৰ্যকালৰ বাবে বাবুল বৰা প্ৰধান সম্পাদকৰ দায়িত্বত আছিল ৷ মাজতে এটা কাৰ্যকালৰ বাবে প্ৰধান সম্পাদকৰূপে নিৰ্বাচিত হৈছিল প্ৰফুল্ল চন্দ্ৰ বৰা ৷ ইয়াৰ পিচত পুনৰ ২০১৯ চনত বাবুল বৰা সংঘৰ প্ৰধান সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল আৰু ২০২৩ চনলৈকে ধাৰাবাহিকৰূপে এই দায়িত্ব নিজৰ দখলত ৰাখিবলৈ সক্ষম হৈছিল তেওঁ ।

লগতে পঢ়ক : মোক শংকৰদেৱ সংঘৰ পৰা উলিয়াব নোৱাৰে : বাবুল বৰা

লগতে পঢ়ক : শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মজিয়াতে উন্মোচিত বিতৰ্কিত বাবুল বৰাৰ কৰ্মকাণ্ড

লগতে পঢ়ক : শংকৰদেৱ সংঘৰ ভিতৰত ক্ষমতাকেন্দ্ৰিক যুঁজ বাগৰ চলাৰ অভিযোগ বিতৰ্কিত বাবুল বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.