ETV Bharat / state

লখিমপুৰত ছাত্র অপহৰণৰ অপচেষ্টা : দুৰ্বত্তৰ হাতত কামুৰিহে ৰক্ষা পৰিল ছাত্ৰজন - Attempt to kidnap in Lakhimpur

author img

By ETV Bharat Assamese Team

Published : Aug 1, 2024, 8:11 PM IST

Kidnap case in Lakhimpur : লখিমপুৰত ষষ্ঠ শ্ৰেণীৰ এজন ছাত্ৰক অপহৰণৰ অপচেষ্টা ৷ কৌশলেৰে অপহৰণকাৰীৰ কৱলৰ পৰা ৰক্ষা পৰে ছাত্ৰজন ৷ এগৰাকী প্ৰয়াত প্ৰাক্তন বিধায়কৰ নাতি ভুক্তভোগী ছাত্ৰজন ৷

Kidnap case in Lakhimpur
লখিমপুৰত ছাত্র অপহৰণৰ অপচেষ্টা (ETV Bharat Assam)

লখিমপুৰ, ১ আগষ্ট : লখিমপুৰত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা ৷ বিদ্যালয়ৰ পৰা ওলাওতেই এগৰাকী প্ৰাক্তন বিধায়কৰ নাতিক অপহৰণৰ চেষ্টা কৰে দুৰ্বৃত্তই ৷ বৃহস্পতিবাৰে দুপৰীয়া সংঘটিত হয় ঘটনাটো ৷ দুৰ্বৃত্তই ষষ্ঠ শ্ৰেণীৰ এই ছাত্ৰজনক অপহৰণ কৰিবলৈ চেষ্টা কৰে ৷

চাঞ্চল্যকৰ ঘটনাটো সংঘটিত হয় নগৰৰ সমীপৰ চাবতিৰ চেইন্ট মেৰীজ স্কুলৰ কাষত । অপহৰণকাৰীৰ কবলত পৰা ছাত্ৰজন আছিল লখিমপুৰৰ এগৰাকী প্ৰাক্তন বিধায়ক তথা স্বাধীনতা সংগ্ৰামী মুক্তিযোদ্ধাৰ নাতি ৷

ষষ্ঠ শ্ৰেণীৰ ছাত্ৰজনক দিন দুপৰতে অপহৰণৰ চেষ্টা কৰে দুৰ্বৃত্তই । ছাত্ৰজনে ঘটনাৰ বিৱৰণী দি কয় যে তেওঁ ১২.১৫ বজাত বিদ্যালয়ৰ পৰা গেটলৈ ওলাই আহিছিল । তেওঁক সদায় পিতৃ বা জ্যেষ্ঠ ভাতৃয়ে বাইকেৰে স্কুললৈ অনা নিয়া কৰিছিল । আনদিনাৰ দৰে আজিও তেওঁক ঘৰলৈ নিবলৈ পিতৃ বা ভাতৃ আহিব বুলি তেওঁ স্কুলৰ পৰা গেটলৈ ওলাই আহিছিল ।

তেওঁ আহি গেট পোৱাৰ পিচত ঘৰৰ কাকো নেদেখি গেটৰ পৰা সামান্য আঁতৰি গৈছিল । তেনে সময়তে ঘটে ঘটনাটো । ছাত্ৰজন গৈ যি ঠাইত পাইছিল সেই ঠাইত কেবাখনো গাড়ী ৰখোৱা আছিল । যাৰ বাবে সেই ঠাইত প্ৰায় জনসমাগম নাছিল । ছাত্ৰজনে কোৱা মতে হঠাৎ এজন অচিনাক্ত লোকে এখন কাপোৰেৰে তেওঁৰ মুখত সোপা মাৰি ধৰে ।

লগে লগে ছাত্ৰজনে লোকজনৰ হাতত প্ৰথমে আঁচুৰি দিয়াৰ সমানে কামুৰি দিয়ে । ছাত্ৰজনৰ এনে প্ৰতি আক্ৰমণত দুৰ্বৃত্তৰ হাত শিথিল হৈ পৰে আৰু সেই সুযোগতে ছাত্ৰজন পলাবলৈ সক্ষম হয় । ঠিক পোন্ধৰ মিনিটমানৰ ভিতৰতে এই ঘটনাটো ঘটে ।

দুৰ্বৃত্তৰ কৱলৰ পৰা আঁতৰি অহাৰ পিচতে তেওঁ মূৰ ঘুৰোৱাকে ধৰি অসুস্থ অনুভৱ কৰে আৰু তেনে সময়তে তেওঁৰ জ্যেষ্ঠ ভাতৃ উপস্থিত হৈ ঘৰলৈ লৈ আনে । দুৰ্বৃত্তটোৱে কাপোৰত কোনো সংজ্ঞাহাৰক দ্ৰব্য সানি ছাত্ৰজনক অপহৰণ কৰাৰ চেষ্টা কৰা বুলি ধাৰণা কৰা হৈছে ৷ সম্প্ৰতি আৰক্ষীয়ে আৰম্ভ কৰিছে অপহৰণকাৰীৰ বিৰুদ্ধে অভিযান ।

দিন দুপৰতে এনেদৰে স্কুলৰ ছাত্ৰক অপহৰণ কৰাৰ ব্যৰ্থ চেষ্টা চলোৱা এই ঘটনাই লখিমপুৰত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে অভিভাৱকসকলকো চিন্তিত কৰি তুলিছে ।

লগতে পঢ়ক : যোৰহাটত এমাহতে দুবাৰকৈ শিশু অপহৰণৰ অপচেষ্টা দুৰ্বৃত্তৰ

লগতে পঢ়ক : শদিয়াৰ অপহৃত কিশোৰৰ মৃতদেহ অৰুণাচলত উদ্ধাৰৰ পিচতে তীব্ৰ প্ৰতিবাদ

লগতে পঢ়ক : এসপ্তাহেই সন্ধান নাই গোলাঘাটৰ পৰা অপহৃত কলেজীয়া ছাত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.