ETV Bharat / state

হিমন্তৰ দৰে ব্যর্থ মুখ্যমন্ত্রীৰ অসমত কোনো প্রয়োজন নাই, অসম তৃণমূল কংগ্ৰেছ

author img

By ETV Bharat Assamese Team

Published : Jan 22, 2024, 8:21 AM IST

Updated : Jan 23, 2024, 10:40 AM IST

ৰাহুল গান্ধীৰ কনভয়ৰ ওপৰত আক্ৰমণ ৷ ভূপেন বৰাক আহতৰ কৰাৰ খবৰ বিয়পি পৰাৰ পিচতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী অসম তৃণমূল কংগ্ৰেছৰ ৷

Attack on Bharat Jodo Nyay Yatra
ৰাহুল গান্ধীৰ কনভয়ৰ ওপৰত আক্ৰমণ

গুৱাহাটী, 22 জানুৱাৰী: ৰাহুল গান্ধীৰ "ভাৰত জোড়ো ন্যায় যাত্রা'ত অংশগ্রহণ কৰাৰ সময়তেই অসম প্রদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক আক্রমণ কৰা কার্যক তীব্র ভাষাৰে গৰিহণা দিছে অসম তৃণমূল কংগ্রেছে । সমগ্র ঘটনা সন্দৰ্ভত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি এক বিবৃতিযোগে অসম তৃণমূল কংগ্রেছ, অসমৰ সভাপতি ৰিপুণ বৰাই বিজেপিৰ গুণ্ডাবাহিনীয়ে এই আক্ৰমণ কৰাৰ অভিযোগ তুলি কয়- "বিগত সময়ত অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই 'ভাৰত জোড়ো ন্যায় যাত্রা' ৰ বাবে ভীতিগ্রস্ত হৈ যিধৰণৰ প্ৰৰোচনামূলক মন্তব্য আগবঢ়াই আহিছিল তাৰেই ফলস্বৰূপে আজি এই ঘটনা সংঘটিত হ'ল । এনে ধৰণৰ নিন্দনীয় কার্যই বিজেপিৰ অগণতান্ত্রিক, ভয়াতুৰ আৰু স্বৈৰাচাৰী চৰিত্ৰক পুনৰ উদঙাই দিলে ।"

লগতে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে এয়া মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ মন মগজুত থকা ভয়ৰ বহিঃপ্রকাশ । ভাৰতৰ দৰে এখন গণতান্ত্রিক দেশত ৰাজনৈতিক শোভাযাত্ৰাৰ সময়তেই বিৰোধী দলৰ সভাপতি যদি শাসক পক্ষৰ ভেৰোনীয়া গুণ্ডাবাহিনীৰ আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হয় তেন্তে দেশৰ নৈতিক শাসন ব্যৱস্থাৰ ওপৰতেই বৃহৎ প্রশ্নবোধক উত্থাপিত হৈছে । এতিয়ালৈকে উক্ত ঘটনা সন্দৰ্ভত মুখ্যমন্ত্রীৰ কোনোধৰণৰ হস্তক্ষেপ বা মন্তব্য নাই, কিয়? কিয় পুলিচ প্রশাসন থাকিও সেই স্থানতেই দোষীক কৰায়ত্ত কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰে ৰিপুন বৰাই ৷

এয়া চৰম অনৈতিকতা আৰু অপশাসনৰ উদাহৰণ বুলি উল্লেখ কৰি অসমৰ মুখ্যমন্ত্রীয়ে সমগ্র ঘটনা সন্দর্ভত যি ভূমিকা গ্ৰহণ কৰিছে সেয়াই প্রমাণ কৰিছে যে, এই গোটেই ঘটনাটো উদ্দেশ্য প্ৰণোদিত । ৰাজ্যৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী জনাই ৰিপুন বৰাই কয় তেওঁৰ দৰে ব্যর্থ মুখ্যমন্ত্রীৰ অসমত কোনো প্রয়োজন নাই । অসমবাসীলৈ বৰাই বিবৃতিযোগে আহ্বান জনায় কয়,“বিজেপিৰ এনে আচৰণৰ বিৰুদ্ধে সমূহ অসমবাসী ৰাইজক একত্রিতভাৱে ওলাই আহিবলৈ আহ্বান জনাইছোঁ আৰু লগতে অনতিবিলম্বে দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ বাবে আৰক্ষী-প্রশাসনক দাবী জনাইছো ।"

লগতে পঢ়ক: আক্ৰমণৰ সন্মুখীন ভাৰত জোড়ো ন্যায় যাত্ৰা, আঘাতপ্ৰাপ্ত ভূপেন বৰা

Last Updated : Jan 23, 2024, 10:40 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.