ETV Bharat / state

অসম বিধানসভাত বছৰত মাত্ৰ দুখনহে অধিবেশন কিয় ? বিধায়ক অখিল গগৈৰ প্ৰশ্ন - AKHIL GOGOI ON ON ASSEMBLY SESSION

বছৰত দুখনকৈহে বিধানসভাৰ অধিবেশন ৷ সলনি হ’ল বিধানসভাৰ বিধি । বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া ৷

Akhil Gogoi on on Assembly session
বছৰত দুখনকৈ বহিব অসম বিধানসভাৰ অধিবেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 29, 2024, 4:53 PM IST

গুৱাহাটী : এতিয়াৰে পৰা অসম বিধানসভাত নাথাকিব বৰ্ষাকালীন অধিবেশন, শীতকালীন অধিবেশন, বাজেট অধিবেশন, বিশেষ অধিবেশন আদি তিনি চাৰিখনকৈ অধিবেশন । পূৰ্বৰ নীতি অনুসৰি ফেব্ৰুৱাৰী-মাৰ্চত বাজেট অধিবেশন হ’বই লাগিব ৷ জুলাই-আগষ্টত শৰৎকালীন অধিবেশন হ’বই লাগিব । নৱেম্বৰ-ডিচেম্বৰ মাহত শীতকালীন অধিবেশন হ’বই লাগিব ৷ কিন্তু নিয়ম সলনি হৈছে অসম বিধানসভাৰ ।

সেই অনুসৰি ছমাহৰ মূৰত এতিয়া বছৰত দুবাৰকৈ অধিবেশন পাতিলেই হ’ব । যোৱা ২৭ আগষ্টৰ দিনা অসম বিধানসভাৰ ৰোল কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰে । বিষয়টোক লৈ ছেপ্টেটেম্বৰ মাহৰ দুই তাৰিখে গেজেট ন’টিফিকেচন জাৰি কৰিছে ।

বিধানসভাৰ অধিবেশনৰ সংখ্যা হ্ৰাস সন্দৰ্ভত অখিল গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

“অসম বিধানসভাৰ সংবিধানৰ 11B বিধিত লিখা আছিল যে অসম বিধানসভাত ১ বছৰত ন্যূনতম ৩ খন অধিবেশন অনুষ্ঠিত হ'ব আৰু বছৰত ন্যূনতম ৪৫ দিন অধিবেশন বহিবই লাগিব ৷ কিন্তু ইয়াক সংশোধন কৰি বিধানসভাৰ সময়সীমা কমাবৰ বাবে কৌশলী সিদ্ধান্ত লৈছে চৰকাৰে ৷ এতিয়া সিদ্ধান্ত ল'লে যে বছৰত অসম বিধানসভাৰ কেৱল ২ খন অধিবেশনহে হ'ব ৷” শুকুৰবাৰে অসম বিধানসভাৰ অধিবেশনৰ সংখ্যা আৰু দিন কমাই অনাৰ বাবে ৰাজ্য চৰকাৰক কঠোৰ সমালোচনা কৰি ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয় ।

“বিধানসভাৰ বিধিৰ 11B ৰ নিৰ্দেশনা নাইকিয়া কৰি তাৰ সলনি ভাৰতীয় সংবিধানে অনুচ্ছেদ ১৭৪ত ৬ মাহৰ ভিতৰত অধিবেশন হ’ব লাগিব বুলি যি নিৰ্দেশনা দিছে, এয়া কাৰ্যকৰী কৰাৰ কথা কোৱা হৈছে । ইয়াৰ পৰা এইটো স্পষ্ট হৈছে যে এতিয়াৰে পৰা বছৰত বিধানসভাৰ অধিবেশন কেৱল দুখন পতাৰ সিদ্ধান্ত লোৱা হৈছে ।” শুকুৰবাৰে গুৱাহাটীত সংবাদমেলত এই কথা সদৰী কৰে বিধায়ক গগৈয়ে ।

বিধায়কৰ বাক-স্বাধীনতা নাইকিয়া কৰাৰ অপচেষ্টা

বিধায়ক অখিল গগৈৰ পোনপটীয়া অভিযোগ যে চৰকাৰে সমালোচনাৰ পৰা দায় সাৰিবলৈ আৰু বিৰোধীৰ কণ্ঠৰুদ্ধ কৰিবলৈকে এই ব্যৱস্থা গ্ৰহণ কৰিছে । অথিল গগৈৰ মন্তব্য, “এইটো হ'ল পোনপটীয়াভাৱে ৰাইজৰ প্ৰতিনিধিৰ মুখ বন্ধ কৰাৰ ব্যৱস্থা ৷ এয়া হ'ল ৰাইজৰ প্ৰতিনিধিৰ ওপৰত কৰা সবাতোকৈ ডাঙৰ আক্ৰমণ ৷ বিধায়কসকলৰ বাকস্বাধীনতা নাইকিয়া কৰিবৰ বাবে চেষ্টা কৰিছে চৰকাৰে ৷ অসম বিধানসভাৰ ৰোল কমিটীয়ে এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ কিন্তু বিধানসভাৰ ৰোল কমিটীয়ে কোনো বিধায়কক নজনোৱাকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷”

লগতে অখিল গগৈৰ মন্তব্য, “চৰকাৰক মোৰ দৰে বিধায়কে অধিবেশনত জৱাবদিহি কৰাটো সহ্য কৰিব পৰা নাই, সেইকাৰণে চৰকাৰে অধিবেশনৰ পৰা পলায়নবাদী এটা মনোভাৱ লৈছে ৷”

কলেজ শিক্ষকৰ নিযুক্তিৰ নতুন নিয়ম নিযুক্তিৰ গেৰুৱাকৰণ !

বিজেপি আৰু আৰ এছ এছৰ সদস্য নোহোৱাকৈ অসমত চাকৰি ! এই মন্তব্যৰে ৰাজ্য চৰকাৰে কলেজ শিক্ষকৰ নিযুক্তিৰ বিতৰ্কিত নতুন নিয়মৰ বিৰুদ্ধেও শুকুৰবাৰে সৰৱ হৈ পৰে অখিল গগৈ ৷ অখিল গগৈয়ে কয়, “কলেজ শিক্ষকৰ নিযুক্তিৰ নতুন নিয়মটোৰ লক্ষ্য হ'ল বিজেপি আৰু আৰ এছ এছৰ সদস্য নোহোৱাকৈ কোনো লোকে অসমত চাকৰি পাব নোৱাৰিব ৷”

অখিল গগৈৰ মন্তব্য, “NET, SLET পাছ কৰাৰ পিছত কলেজ শিক্ষক এজনৰ বাবে সুকীয়া নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাটো গ্ৰহণযোগ্য নহয় ৷ অসম চৰকাৰৰ এইটো হৈছে ভেকোভাওনা ৷ ইয়াৰ উদ্দেশ্য হ'ল- নিযুক্তিৰ গেৰুৱাকৰণ ৷ বিজেপি, আৰ এছ এছৰ লগত সম্পৰ্ক ৰক্ষা কৰিহে কলেজৰ শিক্ষক হ'ব পাৰিব ৷ এয়া দুৰ্ভাগ্যজনক ৷”

স্কুল-কলেজত চতুৰ্থ বৰ্গৰ পদৰ বিলুপ্তি ভয়ংকৰ সিদ্ধান্ত

শেহতীয়াকৈ শিক্ষানুষ্ঠানত চতুৰ্থ বৰ্গৰ পদ বিলুপ্তিৰ কথা ৰাজ্যৰ শিক্ষা মন্ত্ৰী ৰণোজ পেগুৱে ঘোষণা কৰাৰ পিছত ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই প্ৰসংগত অখিল গগৈয়ে কয়, “এতিয়াৰে পৰা শিক্ষকে পঢ়াবও লাগিব, বেল বজাবও লাগিব, ফুলনিত পানী দিবও লাগিব, চাহ বনাবও লাগিব ৷ চৰকাৰে শিক্ষকসকলক ক'ব বিচাৰিছে যে তোমালোকে আৰু পঢ়াব নালাগে, স্কুললৈ আহি ভাত বনাব লাগিব, চাহ বনাব লাগিব ৷ চৰকাৰী শিক্ষাক সংকোচন কৰিবলৈ চৰকাৰে লোৱা এইটো ভয়ংকৰ সিদ্ধান্ত ।"

লগতে পঢ়ক :অসম বিধানসভাৰ ঐতিহাসিক সিদ্ধান্ত : অৱসান ঘটিল শুকুৰবাৰে নামাজৰ বাবে বিৰতি দিয়াৰ নিয়ম - Assam Assembly autumn session
লগতে পঢ়ক :২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ অখিল গগৈৰ ৰণচালি; লক্ষ্য ২০ খন আসন দখল

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.