ETV Bharat / state

তেজপুৰ বিশ্ববিদ্যালয়ত শীঘ্ৰেই আৰম্ভ হ'ব দক্ষতা বিকাশৰ পাঠ্যক্ৰম - Tezpur University

author img

By ETV Bharat Assamese Team

Published : Aug 21, 2024, 7:01 AM IST

Assam Tea Tribe Youth Conference: তেজপুৰ বিশ্ববিদ্যালয়ত অসম চাহ জনগোষ্ঠী যুৱ সন্মিলন । এই সন্মিলনত বিদ্যা ভাৰতী, উচ্চ শিক্ষা সংস্থানৰ সৰ্বভাৰতীয় সাংগঠনিক সচিব কে এন ৰঘুনন্দনে অংশগ্ৰহণ কৰি বিশ্ববিদ্যালয়ক মানৱ গঢ়াৰ বাবে কাম কৰিবলৈ আহ্বান জনায় ।

Assam Tea Tribe Youth Conference
অসম চাহ জনগোষ্ঠী যুৱ সন্মিলন (ETV Bharat Assam)

তেজপুৰ, ২১আগষ্ট : অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ উদ্যোগত তেজপুৰ বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ সহযোগত মঙলবাৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অসম চাহ জনগোষ্ঠী যুৱ সন্মিলন অনুষ্ঠিত হয় । বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙৰ সভাপতিত্বত অনুষ্ঠিত উক্ত সন্মিলনত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰি যুৱ সন্মিলনখন উদ্বোধন কৰে বিদ্যা ভাৰতী, উচ্চ শিক্ষা সংস্থানৰ সৰ্বভাৰতীয় সাংগঠনিক সচিব কে এন ৰঘুনন্দনে ।

বিশ্ববিদ্যালয়ক মানুহ গঢ়াৰ বাবে কাম কৰিবলৈ আহ্বান :

যুৱ সন্মিলনখন উদ্বোধন কৰি সংগঠন মন্ত্ৰী ৰঘুনন্দনে বিশ্ববিদ্যালয়সমূহক প্ৰকৃত মানুহ গঢ়াৰ বাবে কাম কৰিবলৈ আহ্বান জনায় । উদ্বোধনী ভাষণত সাংগঠনিক সচিবগৰাকীয়ে অসমৰ বিভিন্ন চাহ বাগিচা আৰু বিভিন্ন স্থানৰ পৰা অহা চাহ জনগোষ্ঠীৰ যুৱক-যুৱতীক আদৰণি জনাই নতুন শিক্ষা নীতিৰ অধীনত দেশৰ মানৱ সম্পদ গঢ়াৰ বাবে কৰা পৰিকল্পনাৰ কথা সদৰী কৰে । সাংগঠনিক সচিবগৰাকীয়ে কয়, "দেশৰ ছাত্ৰ-ছাত্ৰীসকলে ২২টা ভাষাত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰু অভিযান্ত্ৰিক পাঠ্যক্ৰম অধ্যয়নৰ সুবিধা লাভ কৰিব ।"

যুৱ সন্মিলনত সন্মানিত অতিথি ৰূপে অংশগ্ৰহণ কৰি সাংসদ কামাখ্যা প্ৰসাদ তাছাই ১৯৯৮ চনত মেট্ৰিকত অসমৰ চাহ বাগিচা জনগোষ্ঠীৰ ৭৬ গৰাকী ছাত্ৰ-ছাত্ৰী প্ৰথম বিভাগত উৰ্ত্তীৰ্ণ হোৱাৰ বিপৰীতে এই বছৰ তিনি হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে ৭৫ শতাংশৰ অধিক নম্বৰলৈ মেট্ৰিক উত্তীৰ্ণ হোৱা বুলি মন্তব্য় কৰে । ভাষণ প্ৰসংগত সাংসদগৰাকীয়ে অসমৰ চাহ বাগিচাসমূহৰ পূৰ্বৰ অৱস্থাৰ পৰা বৰ্তমান অৱস্থালৈ হোৱা শৈক্ষিক উত্তৰণ,বৰ্তমান চৰকাৰে চাহ বাগিচা এলেকাৰ যুৱক-যুৱতীসকলৰ শৈক্ষিক বিকাশৰ বাবে গ্ৰহণ কৰা পদক্ষেপ, চাহ জনগোষ্ঠীৰ ছাত্ৰ -ছাত্ৰীৰ অধ্যয়নৰ বাবে দিয়া সুবিধাৰ কথা ব্যক্ত কৰে ।

তেজপুৰ বিশ্ববিদ্যালয়ত শীঘ্ৰেই দক্ষতা বিকাশ পাঠ্যক্ৰম:

অসম চাহ জনগোষ্ঠী শিক্ষা সংস্কৃতি ন্যাসৰ সভাপতি কবিতা তাছাই আদৰণি ভাষণ প্ৰদান কৰা আৰু যুৱ সন্মিলন সন্দৰ্ভত বক্তব্য আগবঢ়োৱা উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰি তেজপুৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক শম্ভূনাথ সিঙে কয়, "তেজপুৰ বিশ্ববিদ্যালয়ত অচিৰেই দক্ষতা বিকাশ, ঔদ্যোগিক বিকাশৰ নতুন পাঠ্যক্ৰম আৰম্ভ হ'ব আৰু ইয়াৰ পৰা যুৱক-যুৱতীসকল উপকৃত হ'ব ।"

এই সন্মিলনখনত শ্ৰমমন্ত্ৰী সঞ্জয় কিষাণে বৰ্তমান চৰকাৰে চাহ জনগোষ্ঠীৰ ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে আগবঢ়োৱা বিভিন্ন বৃত্তি,বিভিন্ন মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ হোষ্টেল নিৰ্মাণ কৰা, চাহ বাগিচা এলেকাত আৰম্ভ কৰা ১১৯খন উচ্চ মাধ্যমিক বিদ্যালয়ক উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ লগতে আৰু এশখন উচ্চ মাধ্যমিক বিদ্যালয় স্থাপনৰ পৰিকল্পনা কৰাৰ বিষয়ে উল্লেখ কৰে । সন্মিলনত বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰেও অংশগ্ৰহণ কৰি বক্তব্য আগবঢ়ায় ।

লগতে পঢ়ক:তেজপুৰ বিশ্ববিদ্যালয় আৰু শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়ৰ মাজত বুজাবুজিৰ চুক্তি স্বাক্ষৰ - MoU signed

চীনা ভাষাৰ ডিগ্ৰী পাঠ্যক্ৰম তেজপুৰ বিশ্ববিদ্যালয়ত, শীঘ্ৰে আৰম্ভ হ’ব স্পেনিছ ভাষাৰ পাঠ্যক্ৰমো - Tezpur University

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.