ETV Bharat / state

সমৰ্থ পৰ্টেল বিতৰ্ক : বিপাঙত শিক্ষাৰ্থী, জাঙুৰ খাই উঠিছে যুৱ ছাত্ৰ পৰিষদ - Samarth Portal

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 6:22 PM IST

College admissions : সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তি কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিক্ষাৰ্থী বিপাঙত পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ বৃহস্পতিবাৰে পৰ্টেলটোৰ জৰিয়তে তালিকা প্ৰকাশ কৰাৰ এদিনৰ ভিতৰতেই নামভৰ্তিৰ সময়সীমা দিয়াক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ যাৰ বাবে ছাত্ৰ সংগঠনসমূহে সমৰ্থ পৰ্টেলক অসমৰ্থ আখ্যা দিছে ৷

SAMARTH PORTAL CONTROVERSY
সমৰ্থ পৰ্টেলক অসমৰ্থ আখ্যা (ETV BHARAT ASSAM)

নগাঁও, 21 জুন : "শিক্ষা বিভাগৰ সংস্কাৰৰ নামত অতিকেন্দ্ৰীভূত ব্যৱস্থাই ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীসকলৰ মানসিক অৱস্থা দুৰ্বল কৰি তুলিছে ৷" এই অভিযোগ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ ৷ স্নাতক ডিগ্ৰীৰ নামভৰ্তিৰ বাবে চৰকাৰে অনলাইনযোগে প্ৰথমে নাম পঞ্জীয়ন আৰু তাৰ পৰৱৰ্তী সময়ত মেধা তালিকা অৰ্থাৎ নামভৰ্তিৰ বাবে প্ৰকাশ কৰা প্ৰথমখন তালিকাৰ পাচতেই ৰাজ্যজুৰি সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ ৷ ৰাজ্যৰ আগশাৰীৰ উচ্চ শিক্ষা অনুষ্ঠানত নামভৰ্তিৰ বাবে সকলো ছাত্ৰ-ছাত্ৰীৰেই এটা সপোন থাকে ৷ কিন্তু নামভৰ্তিৰ সুযোগ পায়ো বহু ছাত্ৰ-ছাত্ৰী নামভৰ্তিৰ পৰা বঞ্চিত হোৱাৰো অভিযোগ উত্থাপন হৈছে ৷

সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ ক্ষেত্ৰত বিপাঙত শিক্ষাৰ্থী (ETV BHARAT ASSAM)

সমৰ্থ পৰ্টেলৰ জৰিয়তে কিদৰে আৰম্ভ হৈছে নামভৰ্তিৰ প্ৰক্ৰিয়া :

শিক্ষা ব্যৱস্থাৰ সংস্কাৰৰ উদ্দেশ্যে স্নাতকত নামভৰ্তিৰ বাবে চৰকাৰে ব্যৱস্থা কৰিছে সমৰ্থ (Samarth) নামৰ এটা পৰ্টেলৰ ৷ যি পৰ্টেলত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাচতেই পঞ্জীয়নৰ বাবে মুকলি কৰি দিয়া হৈছিল ৷ ছাত্ৰ-ছাত্ৰীয়ে নিজ নিজ পছন্দৰ মহাবিদ্যালয় বাছনি কৰি নামভৰ্তিৰ বাবে প্ৰথমে পঞ্জীয়ন কৰাৰ পাচত মেধাৰ ভিত্তিত অৰ্থাৎ নিৰ্দিষ্ট মহাবিদ্যালয়ৰ আসন অনুযায়ী নামভৰ্তিৰ তালিকা পৰ্য্যায়ক্ৰমে প্ৰকাশ কৰাৰ ব্যৱস্থা আছে পৰ্টেলটোত ৷ কিন্তু প্ৰথম পৰ্য্যায়ৰ তালিকা প্ৰকাশ পোৱাৰ পাচতেই নামভৰ্তিৰ ক্ষেত্ৰত বহু অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী ৷

সমৰ্থ পৰ্টেলক লৈ কি অসুবিধাৰ সন্মুখীন হৈছে ছাত্ৰ-ছাত্ৰী:

বৃহস্পতিবাৰে স্নাতকত নামভৰ্তিৰ বাবে প্ৰথমখন তালিকা প্ৰকাশ পোৱাৰ পাচতেই বহু ছাত্ৰ-ছাত্ৰী অসুবিধাৰ সন্মুখীন হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে ৷ বৃহস্পতিবাৰে পুৱাৰ ভাগতে নামভৰ্তিৰ তালিকা প্ৰকাশ পোৱাৰ এটা দিনৰ ভিতৰতেই নামভৰ্তিৰ সময়সীমা নিৰ্ধাৰণ কৰি দিয়াত বিভিন্ন প্ৰান্তৰ ছাত্ৰ-ছাত্ৰী বিপাঙত পৰাৰ অভিযোগ উত্থাপন হৈছে ৷

বিশেষকৈ ৰাজ্যৰ আগশাৰীৰ তথা ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ৰ দৰে শিক্ষানুষ্ঠানত ধুবুৰীৰ পৰা শদিয়ালৈ সকলো প্ৰান্তৰে ছাত্ৰ-ছাত্ৰীয়ে বিগত সময়ত নামভৰ্তি কৰি শিক্ষাগ্ৰহণ কৰি আহিছে ৷ আনকি এইবর্ষতো ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠানত বহু দূৰ দূৰণিৰ ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ বাবে সমৰ্থ পৰ্টেলত নিজৰ নিজৰ নাম পঞ্জীয়ন কৰিছে ৷ কিন্তু আগশাৰীৰ শিক্ষানুষ্ঠানসমূহত নামভৰ্তিৰ সুযোগ লাভ কৰা বহু ছাত্ৰ-ছাত্ৰী তালিকা প্ৰকাশৰ পাচত পৰ্যাপ্ত সময়ৰ অভাৱত বিপাঙত পৰাৰ অভিযোগ উত্থাপন হৈছে ৷ দূৰ দূৰণিৰ ছাত্ৰ-ছাত্ৰী এটা দিনৰ ভিতৰতে শিক্ষানুষ্ঠানত উপস্থিত হোৱাটো অসম্ভৱ হৈ পৰিছে ৷

লগতে পঢ়ক : কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা: 50,618 গৰাকী উত্তীৰ্ণ, উত্তীৰ্ণৰ হাৰ 42.56 শতাংশ - HSLC Compartmental Exam 2024

সমৰ্থ পৰ্টেলত কোনে দিলে অসমৰ্থ আখ্যা :

সমৰ্থ পৰ্টেলৰ এই ব্যৱস্থাৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷ সমৰ্থ পৰ্টেলৰ জৰিয়তে নামভৰ্তিৰ বাবে কৰা ব্যৱস্থাত আসোঁৱাহ থকাৰ অভিযোগ উত্থাপন কৰি এই সমৰ্থ পৰ্টেলক নামভৰ্তিৰ ক্ষেত্ৰত অসমৰ্থ পৰ্টেল আখ্যা দিয়ে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষপুৰ বনিয়াই ৷

সমৰ্থ পৰ্টেলত লৈ চৰকাৰক কি দাবী জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ :

স্নাতকত নামভৰ্তিৰ বাবে ব্যৱস্থা কৰা সমৰ্থ পৰ্টেলৰ কাৰিকৰী বিসংগতি থকাৰ অভিযোগ উত্থাপন কৰি পৰ্টেলটো নিয়ন্ত্ৰণৰ ক্ষেত্ৰত উচ্চ কাৰিকৰী ক্ষেত্ৰত অভিজ্ঞ তথা যোগ্য বিষয়া নিয়োগ কৰি ছাত্ৰ-ছাত্ৰীৰ সকলো সমস্যা সমাধান কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে ৷

লগতে পঢ়ক : UGC-NET বাতিল : কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - UGC NET cancelled

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.