ETV Bharat / state

ৰেমলৰ প্ৰভাৱমুক্ত হোৱা নাই ৰাজ্য: কেইবাখনো জিলাত বন্ধ শিক্ষানুষ্ঠান, গুৱাহাটীৰ পৰিৱেশ স্বাভাৱিক - CYCLONE REMAL

author img

By ETV Bharat Assamese Team

Published : May 29, 2024, 10:48 AM IST

Impact of Remal : প্ৰচণ্ড বতাহ-ধুমুহা, প্ৰবল বৃষ্টিপাতৰে ৰাজ্যত অস্তিত্ব জাহিৰ সাগৰীয় ঘূৰ্ণিবতাহ ৰেমলৰ ৷ বহুকেইখন জিলাত বুধবাৰৰ দিনটোতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ ৰেড এলাৰ্ট জাৰি কৰা জিলাৰ শিক্ষানুষ্ঠানসমূহ আজিৰ দিনটোত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ চাওক সবিশেষ এই প্ৰতিবেদনত ৷

CYCLONE REMAL
মহানগৰীত ৰেমলৰ তাণ্ডৱ (Source : Etv Bharat Assam)

গুৱাহাটী, 29 মে’: সামুদ্ৰিক ঘূৰ্ণি ৰেমলৰ শংকা এতিয়াও আঁতৰা নাই ৰাজ্যৰ পৰা ৷ যাৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বহুকেইখন জিলাত বুধবাৰৰ দিনটোতো জাৰি কৰা হৈছে ৰেড এলাৰ্ট ৷ ৰেড এলাৰ্ট জাৰি কৰা জিলাৰ শিক্ষানুষ্ঠানসমূহ আজিৰ দিনটোত বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে ৷ বুধবাৰৰ দিনটোত ৰেড এলাৰ্ট জাৰি কৰা জিলাকেইখন হৈছে ক্ৰমে- নগাঁও, হোজাই, পশ্চিম কাৰ্বি আংলং, কাৰ্বি আংলং, গোলাঘাট, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ৷

লগতে পঢ়ক: ৰুষ্ট ৰেমল ! চলন্ত বাইকৰ ওপৰত পৰিল প্ৰকাণ্ড গছ - Effect Of Remal

সোমবাৰৰ নিশাৰে পৰা ৰাজ্যৰ বহুকেইখন জিলাত অব্যাহত থকা প্ৰবল বৃষ্টিপাতৰ উপৰিও প্ৰচণ্ড ধুমুহাৰ বাবে স্বাভাৱিক জীৱনযাত্ৰাত ব্যাঘাত জন্মিছে ৷ ডিমা হাচাওকে ধৰি বহু পাহাৰীয়া অঞ্চলত ভূমিস্খলনে সৃষ্টি কৰে জটিল পৰিস্থিতি । বিভিন্ন ঠাইত বিচ্ছিন্ন হৈ পৰে যোগাযোগ-যাতায়াত । প্ৰকাণ্ড গছ বাগৰি বিদ্যুতৰ সংযোগ বিচ্ছিন্ন হোৱাৰ বাবে ব্যাহত হৈ পৰে বিদ্যুত সেৱা ৷

লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা-বৰষুণত অসমত তিনিজনৰ মৃত্যু, আহত বহুজন - Cyclone Remal

ইফালে মঙলবাৰৰ দিনটোত গছ বাগৰি পৰাৰ ফলত ৰাজ্যত তিনিজনকৈ লোকৰ মৃত্যু ঘটে । তদুপৰি শিক্ষাৰ্থীকে ধৰি বহু লোক গছ পৰাৰ ঘটনাত আহত হোৱাৰ খবৰ লাভ কৰা গৈছে । বুধবাৰৰ দিনটোত ৰেমলৰ প্ৰভাৱ বহু পৰিমাণে কমিছে যদিও এতিয়াও জনসাধাৰণ শংকামুক্ত নহয় বুলি প্ৰকাশ কৰিছে ৰাজ্য চৰকাৰে ৷ যাৰ বাবে মঙলবাৰে সন্ধিয়া ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্য সচিব ৰবি কোটাৰ অধ্যক্ষতাত জৰুৰীভাৱে দিশপুৰত অনুষ্ঠিত হয় এখন বৈঠক ৷ এই বৈঠকত সাম্ভাব্য পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণৰ সন্দৰ্ভত আলোচনা অনুষ্ঠিত হয় ৷

লগতে পঢ়ক: ধুমুহাই প্ৰাণ ল’লে শ শ বগলী পোৱালিৰ : বোকাখাতত হৃদয়বিদাৰক ঘটনা - Cyclone Remal Impact In Assam

গুৱাহাটী মহানগৰীতো ৰেমলৰ ব্যাপক প্ৰভাৱ পৰিলক্ষিত হয় ৷ মহানগৰীৰ পাঞ্জাবাৰীৰ সমীপত গছ বাগৰি পৰাৰ ফলত এজন যুৱকৰ মৃত্যু ঘটে ৷ সম্প্ৰতি মহানগৰীৰ পৰিৱেশ পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে যদিও একেবাৰেই শংকামুক্ত হোৱা নাই ৷ যাৰ পৰিপ্ৰেক্ষিতত বুধবাৰৰ দিনটোতো সাৱধানে থাকিবলৈ মহানগৰীক আহ্বান জনাইছে জিলা প্ৰশাসনে ৷

লগতে পঢ়ক: পৰীক্ষা দিবলৈ গৈ উভতি আহিল কৌশিকৰ ৰক্তাক্ত দেহ - CYCLONE REMAL

বুধবাৰৰ দিনটোত মহানগৰীৰ আকাশ ডাৱৰীয়া হৈ থাকিব ৷ কিছু কিছু অঞ্চলত বিদ্যুতৰ খুঁটা সমূহ উঘালি পৰাৰ বাবে অঞ্চল বিশেষে লাভ নকৰিব বিদ্যুত সেৱা ৷ বিদ্যুত বিভাগৰ কৰ্মচাৰীয়ে এই সেৱা পুনৰ সূচল কৰি তুলিবলৈ যাৱতীয় কাম-কাজ অব্যাহত ৰাখিছে ৷ মুঠৰ ওপৰত সামগ্ৰিকভাৱে মহানগৰী গুৱাহাটীত তাণ্ডৱ অব্যাহত ৰাখি ৰেমলে অস্তিত্ব জাহিৰ কৰে ৷ ৰাজ্যৰ বহুকেইখন নৈৰ জলস্তৰ বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যত বান পৰিস্থিতিৰ আশংকা প্ৰকাশ কৰা হৈছে ৷

লগতে পঢ়ক: নিৰাপত্তাজনিত কাৰণত মহানগৰীত বুধবাৰে বন্ধ থাকিব ফেৰীসেৱা - Cyclone Remal

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.