ETV Bharat / state

ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষাৰ দিন ঘোষণা - ADRE Exam Date

author img

By ETV Bharat Assamese Team

Published : Aug 29, 2024, 10:49 PM IST

Assam Grade III and IV exam date : ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব তৃতীয়বৰ্গৰ পৰীক্ষা । ২৭ অক্টোবৰত অনুষ্ঠিত হ’ব চতুৰ্থ বৰ্গৰ পৰীক্ষা । তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ’ব ১৫ ছেপ্টেম্বৰত । ২৯ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ’ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু পিছবেলা অনুষ্ঠিত হ’ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা ।

Assam Grade III and IV exam date
প্ৰতিনিধিত্বমূলক ছবি (Getty Images)

গুৱাহাটী, ২৯ আগষ্ট : ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষাৰ দিন ঘোষণা । ১৫ ছেপ্টেম্বৰ আৰু ২৯ ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ বাবে পৰীক্ষা । আনহাতে ২৭ অক্টোবৰত অনুষ্ঠিত হ'ব চতুৰ্থ বৰ্গৰ পদৰ পৰীক্ষা ।

তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক উত্তীৰ্ণসকলৰ পৰীক্ষা অনুষ্ঠিত হ'ব ১৫ ছেপ্টেম্বৰত । ২৯ ছেপ্টেম্বৰত আগবেলা অনুষ্ঠিত হ'ব স্নাতক ডিগ্ৰীধাৰীসকলৰ পৰীক্ষা আৰু পিছবেলা অনুষ্ঠিত হ'ব মেট্ৰিক উত্তীৰ্ণ চালক পদৰ বাবে পৰীক্ষা । উল্লেখ্য যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই পূৰ্বেই উল্লেখ কৰা অনুসৰিয়েই অহা ১৫ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব লিখিত পৰীক্ষাসমূহ ।

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে জাৰি কৰা জাননী অনুসৰি ১৫ ছেপ্টেম্বৰৰ পুৱা ১০.৩০ বজাৰ পৰা দিনৰ ১.৩০ বজালৈ তৃতীয় বৰ্গৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ তৃতীয়খন কাকতৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব । স্নাতক ডিগ্ৰীৰ পদৰ বাবে তৃতীয় বৰ্গৰ চতুৰ্থখন কাকতৰ লিখিত পৰীক্ষা ২৯ ছেপ্টেম্বৰৰ পুৱা ৯ বজাৰ পৰা দিনৰ ১২ বজালৈ অনুষ্ঠিত হ’ব । একেদিনাই মেট্ৰিক পৰ্যায়ৰ চালকৰ পদৰ তৃতীয় বৰ্গৰ বাবে পঞ্চমখন কাকতৰ পৰীক্ষা দ্বিতীয়াৰ্ধত দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪.৩০ বজালৈ অনুষ্ঠিত হ'ব ।

আনহাতে ২৭ অক্টোবৰত চতুৰ্থ বৰ্গৰ মেট্ৰিক পৰ্যায়ৰ আই আই টি উত্তীৰ্ণৰ প্ৰথমখন কাকতৰ পৰীক্ষা পুৱা ৯ বজাৰ পৰা ১১.৩০ বজালৈ আৰু অষ্টম শ্ৰেণী উত্তীৰ্ণৰ দ্বিতীয়খন কাকতৰ পৰীক্ষা দিনৰ ১.৩০ বজাৰ পৰা বিয়লি ৪ বজালৈ অনুষ্ঠিত হ'ব । উল্লেখ্য যে অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ নিয়োগ আয়োগে চতুৰ্থ বৰ্গৰ পদৰ বাবে ২০২৩ চনৰ অক্টোবৰ মাহত দুটাকৈ বিজ্ঞাপন প্ৰকাশ কৰিছিল ।

সেই বিজ্ঞাপনৰ আধাৰতে তৃতীয় বৰ্গৰ পদৰ বাবে প্ৰায় ১৮ লাখ ১৫ হাজাৰ আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে প্ৰায় ১৩ লাখ ৭০ হাজাৰ আবেদনকাৰীয়ে অনলাইন মাধ্যমেৰে আবেদন দাখিল কৰিছিল । লক্ষ্যণীয় বিষয় যে কিছুদিন পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম লোকসেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰা হ'ব বুলি ঘোষণা কৰিছিল । কিন্তু ইয়াক লৈ বিভিন্নজনে ব্যাপক অসন্তুষ্টি ব্যক্ত কৰাত মুখ্যমন্ত্ৰীয়ে বিবেচনা কৰাৰ কথা সদৰী কৰিছিল ।

পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমযোগে প্ৰাৰম্ভিক পৰীক্ষাৰ বিপৰীতে মেইনছ আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হোৱাৰ কথা সদৰী কৰিছিল ।

লগতে পঢ়ক : তৃতীয়-চতুর্থ বৰ্গৰ নিযুক্তি প্রক্রিয়াক লৈ তৎপৰ ছেবা: জিলা আয়ুক্তলৈ পত্ৰ প্ৰেৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.